সত্যতা নিৰূপণ: নহয়, আদানী গ্ৰুপলৈ ভাৰতীয় ৰে’ল বিক্ৰী কৰি দিয়া নাই; সত্য জানিবলৈ পঢ়ক

0 415

আদানি বুলি লিখা থকা ৰে’লৰ ইঞ্জিন এটাৰ ফটো এখন সামাজিক মাধ্যমত ভাইৰেল হৈছে। পোষ্টটোত শাসনাধিষ্ঠিত বিজেপি চৰকাৰে ভাৰতীয় ৰে’লৱে আদানি গ্ৰুপলৈ বিক্ৰী কৰি দিয়া বুলি দাবী কৰিছে।

ফটোৰ সৈতে থকা কেপচনত লিখা আছিল- “মই দেশ বিক্ৰী হ’বলৈ নিদিও, কিন্চু ৰে’লগাড়ীবোৰ বিক্ৰী কৰি দিম।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব। একে ধৰণৰ পোষ্ট  ইয়াত, ইয়াতইয়াত আৰু  ইয়াতপাব। .

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰে আৰু পোষ্টটোত কৰা দাবী অসত্য বুলিও নিশ্চিত কৰে।

আমি ইণ্টাৰনেটত বিচাৰ কৰিলো যদিও কোনো সংবাদ প্ৰতিষ্ঠানে বাৰতীয় ৰে’ল আদানি গ্ৰুপলৈ বিক্ৰী কৰাৰ বাতৰি প্ৰকাশ কৰা দেখা নাপালো। আবশ্যে আমি লাইভ মিণ্ট নামৰ সংবাদ প্ৰতিষ্ঠানে ২০২০ৰ ৩ ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা এটা বাতৰি পালো যত ৰে’লৰ ডবা এটাত ফৰচুন এডিবল অইলৰ এখন পোষ্টাৰ আছে। ফটোৰ শিৰোনামত লিখা আছে-. “পশ্চিম ৰে’লৱেৰ লোক’ম’টিভত ব্ৰেণ্ডিং কৰা আৰম্ভ কৰিছে, ইয়াৰ জৰিয়তে তেঁওলোকে আহৰণ কৰিব ৰাজহ।” বাতৰিটোত কোৱা হৈছে যে ৰে’লৰ ডবাত এনেদৰে বিজ্ঞাপন প্ৰচাৰ কৰিলে অতিৰিক্ত ১.০৫ কোটি টকাৰ আমদানি হ’ব।

একে ধৰণৰ পোষ্ট ভাইৰেল হৈছিল, পাছত চৰকাৰী প্ৰচাৰ প্ৰতিষ্ঠান প্ৰেছ ইনফৰ্মেচন ব্যুৰোৱে এই পোষ্টটোৰ দাবী ভিত্তিহীন বুলি স্পষ্ট কৰিছিল। পিআইবিৰ টুইটটোত কোৱা হৈছে যে ভাৰতীয় ৰেলৱেত এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ ল’গ’ প্ৰচাৰ কৰাটো কেৱল মাত্ৰ ৰাজহ সংগ্ৰহৰ বাবে দিয়া বিজ্ঞাপনহে, ভাৰতীয় ৰে’লৱে কোনো প্ৰতিষ্ঠানক বিক্ৰী কৰা হোৱা নাই।

दावा: #फेसबुक पर एक वीडियो के साथ यह दावा किया जा रहा है कि सरकार ने भारतीय रेल पर एक निजी कंपनी का ठप्पा लगवा दिया है। #PIBFactCheck: यह दावा भ्रामक है। यह केवल एक वाणिज्यिक विज्ञापन है जिसका उद्देश्य केवल ‘गैर किराया राजस्व’ को बेहतर बनाना है। pic.twitter.com/vSmK8Xgdis

২০০৮ চনৰ ১৩ এপ্ৰিলত ইক’নমিকচ টাইমচত প্ৰকাশিত এটা বাতৰিত কোৱা হৈছে, ভৰতীয় ৰে’লৱেই অতিৰিক্ত ৰাজহ বৃদ্ধিৰ বাবে ৰে’লৰ ডবাত বিজ্ঞাপন প্ৰচাৰ কৰাৰ দৰে কেতবোৰ নতুন আঁচনি গ্ৰহণ কৰিব পাৰে। ইয়াৰ পৰা জানিব পাৰি যে ৰে’লৰ ডবাত বিজ্ঞাপন দিয়াৰ এই পৰিকল্পনা কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ সময়ৰ।

আৰু অধিক অনুসন্ধানৰ পাছত আমি ইণ্ডিয়া টুডে’ত ২০২১ চনৰ ২৪ এপ্ৰিলত প্ৰকাশিত এটা বাতৰিত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ৬লাখ কোটিটকীয়া নেচনেল মনেটাইজেচন পাইপলাইন (NMP)  আৰম্ভ কৰি ভাৰতৰ ৰেল, বিমান, জাহাজ, ৰাজপথ, বিমান বন্দৰ আদিৰ দৰে সম্পত্তিত ব্যক্তিগত খণ্ডৰ বিনিয়োগ মুকলি কৰে বুলি উল্লেখ কৰিছে। বাতৰিটোত কোৱা হৈছে যে ভাৰতৰ চেন্নাই, ভূপাল, বাৰানসী আৰু বদোদৰাকে ধৰি ২৫টাকৈ বিমান বন্দৰ প্ৰাধিকৰণ (AAI) , ৪০টা ৰে’ল ষ্টেচন, ১৫খন ৰে’লৱে ষ্টেডিয়াম আৰু কেইবাটাও ৰে’লৱে কলনীত ব্যক্তিগত বিনিয়োগ আৰম্ভ হোৱা বুলিও প্ৰকাশ পাইছে।

প্ৰেছ ইনফৰ্মেচন ব্যুৰোৱে এই সম্পত্তিবোৰৰ মালিকীস্বত্ব চৰকাৰৰ হাততে থাকিব বুলিও এটা প্ৰেছ বিজ্ঞপ্তি  প্ৰচাৰ কৰিছে। প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছে- , ‘এই সম্পত্তিসমূহৰ প্ৰাথমিক মালিকীস্বত্ব চৰকাৰৰ হাততেই থাকিব।’

এনে ধৰণৰ ভাইৰেল হোৱা পোষ্টৰ দাবী পূৰ্বতে নিউজ মোবাইলে নস্যাত্ কৰিছে। তেনে সত্যতা নিৰূপণ  ইয়াত  আৰু  ইয়াত পাব।.

Fact Check: Has Indian Railways Been ‘Sold’ To The Adani Group? Here’s The Truth

Fact Check: Indian Railways has not been renamed as Adani Railways; here’s the truth

এই তথ্যৰ দ্বাৰাই ক’ব পাৰি যে পোষ্টটোৰ দাবী বিভ্ৰান্তিকৰ।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 9799-  এই নম্বৰত হোৱাটচ আপ কৰক