সত্যতা নিৰূপনঃ প্ৰধানমন্ত্ৰী মোদীৰ ৭২ সংখ্যক জন্মদিন খালীজ টাইমছে উপলক্ষে বিশেষ পৰিপূৰিকা প্ৰকাশ কৰা নাই

0 335

যোৱা ১৭ ছেপ্তেম্বৰ ২০২২ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্মদিন পালন কৰা হয়। এনে সময়তে ডুবাইৰ খালীজ টাইমছ নামৰ কাকতত মোদী সন্দৰ্ভত এখন পৰিপূৰিকা প্ৰকাশৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।    

ভিডিওটোত কেপচনত লিখা হৈছে যে মোদীৰ ৭২ বছৰীয়া জন্মদিন উপলক্ষে খালীজ টাইমছে ৫০ পৃষ্ঠাৰ এখন বিশেষ পৰিপূৰিকা প্ৰকাশ কৰিছে।

ভিডিওটোৰ সৈতে থকা কেপচনত আছে-  “ডুবাইৰ খালীজ টাইমচে ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত ৫০ পৃষ্ঠাৰ এটা ভিডিও প্ৰকাশ কৰিছে। সকলো ভাৰতীয় বাবেই পি-পাছ (P-AAPIS)দেখাতো  আনন্দৰ কথা, সকলোৱে পঢ়া উচিত।

ওপৰৰ পোষ্টটোৰ লিংক  ইয়াত পাব। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই ফটোখনসন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

আমি একেটা ভিডিও ঋষী বাগ্ৰী নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ২০১৯ৰ ৩ জুনত প্ৰচাৰ কৰা দেখিলো। তাৰ কেপচনত লিখিছে-  “ডুবাইৰ. খালীজ টাইমছে মোদী সন্দৰ্ভত ৪০ পৃষ্ঠাৰ পৰিপূৰিকা প্ৰকাশ কৰিছে।

পলিটিকেল মল্লু নামৰ আন এটা ইউটিউব চেনেলেও ২০১৯ৰ ৪ জুনত একেটা ভিডিও প্ৰচাৰ কৰিছিল। তাৰ কেপচনত আছিল- বিশ্বাস কৰক বা নকৰক ডুবাইৰ এখন ইংৰাজী কাকতে ২০১৯ৰ নিৰ্বাচনত মোদী ঢৌৱে ধুই নিয়াৰ পাছত প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত প্ৰকাশ কৰিছে ৪০ পৃষ্ঠাজোৰা বিশেষ পৰিপূৰিকা।

২০১৯ চনৰ ২ জুনত খালীদ টাইমছ ত এখন বিশেষ পৰিপূৰিকা প্ৰকাশ হৈছিল, তাৰ কেপচনত লিখা আছিল  আমাৰ ৪০ পৃষ্ঠাজোৰা বিশেষ প্ৰতিবেদন পঢ়ক #Modi 2.0 #UAE—ত উল্লেখনীয় যুগ#ভাৰত সম্পৰ্ক।

একেদৰে, ২০১৯ৰ ২৬ আগষ্টত খালীজ টাইমছ ত এজন ভাৰতীয় পঢ়ুৱৈৰ এখন চিঠি প্ৰকাশিত চিঠিত প্ৰধানমন্ত্ৰী মোদীৰ সন্দৰ্ভত এটা বিসেষ পৰিপূৰিকা প্ৰকাশ কৰাৰ বাবে ধন্যবাদ জনোৱা হৈছে।

এনেদৰেই এয়া স্পষ্ট হয়, ভাইৰেল পোষ্টটোৰ দাবী ভিত্তিহীন।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।