সত্যতা নিৰূপণ : পোলেণ্ডৰ ডাক বিভাগে ডাক টিকটত জেলেনেস্কীৰ ফটো ব্যৱহাৰ কৰিছে নেকি?

0 1,259

এটা বিশেষ ডাক টিকট, যত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনেস্কীৰ ফটো সম্বলিত আছে, তেনে এটা ডাক টিকট সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। পোষ্টটোত ইউক্ৰেইনৰ নেতা ষ্টেপেন ৱাণ্ডাৰাৰ ফটো থকা আন এটা ডাক টিকট আছে। ডাক টিকটকেইটা শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে পোলেণ্ড চৰকাৰে ডাক টিকটত জেলেনেস্কীৰ ফটো ব্যৱহাৰ কৰিছে।    

ফটোখনৰ সৈতে কেপচনত লিখিছে: “#পোলেণ্ডত #জেলেনেস্কীৰ ফটো সম্বলিত এটা ডাক টিকট ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পৰবৰ্তী সময়ত তেওঁলোকে ইউক্ৰেইনৰ অল্প পৰিচিত নাজিবাদী নেতা ষ্টেপেন ৱাণ্ডাৰাৰ অপৰাধৰ ফটোও ডাক টিকটত সন্নিবিষ্ট কৰিব লাগে। অব, ইয়াত ৱাণ্ডাৰাৰ এটা ডাক টিকট আছেই।”’

ওপৰৰ পোষ্টটোৰ লিংক  ইয়াতআছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি এয়া ভুৱা বুলি প্ৰতিপন্ন কৰিছে।  

আমি দুয়োটা ডাক টিকট পৃথকে পৃথকে পৰীক্ষা কৰি এই তথ্য লাভ কৰিলো। 

ফটো-১

আমি ৱাণ্ডাৰাৰ ডাক টিকটটোৰ অনুসন্ধান কৰিলো আৰু ফটোখন ৱিকিমিডিয়াত প্ৰচাৰ হোৱা দেখিলো। ফটোখনৰ বিৱৰণিত আছে- ইউক্ৰেইনৰ ডাক টিকটঃ ষ্টেপেন ৱাণ্ডাৰা (১৯০৯-১৯৫৯)ৰ ১০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে। ২০০৯ চনৰ পহিলা জানুৱাৰীত প্ৰকাশ হৈছিল ফটোখন।  

আমি বিগষ্টক  নামৰ আন এটা ৱেব ছাইটত একেখন ফটো দেখিলো, তাৰ কেপচনত আছে : “ইউক্ৰেইন- চিৰ্কা ২০০৯ঃ ইউক্ৰেইনৰ নাজিবাদী উগ্ৰপন্থী সংগঠনৰ নেতা ষ্টেপেন ৱাণ্ডাৰাৰ ১০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে উলিওৱা ফটো স্মবলিত ডাক টিকট বাতিল। 

গতিকে আমি জানিব পাৰিলো যে ষ্টেপেন ৱাণ্ডাৰাৰ ফটোসহ ডাক টিকটটো পোলেণ্ডে নহয়, ইউক্ৰেইনেহে প্ৰকাশ কৰিছিল।

ফটো-২

সামাজিক মাধ্যমৰ পোষ্টসমূহ বিচাৰি আমি এজন ব্যৱহাৰকাৰীয়ে জেলেনেস্কীৰ ফটোসহ পোষ্টটো পোলেণ্ডৰ ডাক বিভাগক টেগ কৰি এটা পোষ্ট দিছিল।   

এই পোষ্টটোৰ প্ৰত্যুত্তৰত পোলেণ্ডৰ ডাক বিভাগে এটা টুইটত স্পষ্ট কৰি দিয়া হল যে এই বিশেষ ষ্টাম্পটো এজনে নিজাববীয়াকৈ টকা দি বনাই লৈছে, ষ্টাম্পটো বিক্ৰীৰ বাবে নহয়। 

পোলিচ ভাষাত লিখা টুইটটোত আছে- ৰাষ্ট্ৰপতি ডব্লিউ জেলেনেস্কীৰ ফটো থকা এটা ডাক টিকট  “My Stamp” সেৱাৰ জৰিয়তে এজনে হনাইছে। এই সেৱাৰ দ্বাৰা সকলোৱে নিজৰ পছন্দৰ ফটো দি ডাক টিকট বনাই লব পাৰে। @PocztaPolska –এ বলোৱা এই ডাক টিকটটো চৰকাৰী ভাবে ব্যৱহাৰ কৰিবলৈ বিক্ৰী কৰা নাই এয়া গ্ৰাহকজনৰ নিজা সম্পত্তি।

Tweet in Polish reads: “Znaczek z wizerunkiem Prezydenta W. Zełenskiego został zamówiony przez Klienta w ramach usługi “Mój Znaczek”. Usługa ta pozwala zaprojektować znaczek wedle własnej koncepcji. @PocztaPolska  nie prowadzi sprzedaży tych znaczków, są własnością Klienta.”

(English translation: “The stamp with the image of President W. Zelenskyy was ordered by the customer as part of the “My Stamp” service. This service allows you to design a stamp according to your own concept.@PocztaPolska does not sell these stamps, they are the property of the Customer.”)

 

এনেদৰেই প্ৰমাণ হল, জেলেনেস্কীৰ ফটো থকা কোনো ডাক টিকট পোলাণ্ডে প্ৰচলিত কৰা নাই। সেয়ে ভাইৰেল পোষ্টটোৰ দাবী ভুৱা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তৰ  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।