বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ ফটো সম্বলিত এটা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈছে।
তাত লিখা আছে- “মোৰ পৰিয়ালে টকাৰে গেলামাল আৰু অন্যান্য সামগ্ৰী কিনে, ডলাৰেৰে নহয়। তেনেস্থলত আমি ডলাৰৰ মূল্যক লৈ ইমান চিন্তিত হোৱাৰ কাৰণ কি?”
ওপৰৰ পোষ্ট টো ২,৭০০তকৈও অধিকবাৰ শ্বেয়াৰ কৰা
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি এয়া ভুৱা বুলি প্ৰতিপন্ন কৰিছে।
আমি আমাৰ অনুসন্ধানs ‘Finance Minister’, ‘Nirmala Sitharaman’, ‘US dollar’, ‘Indian rupee’ আদি মূল শব্দ প্ৰয়োগেৰে গুগল চাৰ্ছত সন্ধান কৰিলো।
অনুসন্ধানত ওপৰৰ পোষ্টত কোৱাৰ দৰে কোনো মন্তব্য কৰাৰ কোনো ধৰণৰ তথ্য আমি লাভ নকৰিলো।
আৰু অধিক অনুসন্ধানত আমি চৰকাৰৰ তথ্য-প্ৰচাৰ সংস্থা প্ৰেছ ইনফৰ্মেচন ব্যুৰো (PIB), ৰ এটা টুইট পালো। তাত পোষ্টটোৰ দাবী নস্যাত্ কৰি কৈছে যে বিত্তমন্ত্ৰীয়ে এনে মন্তব্য দিয়াই নাছিল।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন @nsitharamanৰ ফটোসহ তেওঁৰ বুলি দাবী কৰা টকা আৰু ডলাৰ সন্দৰ্ভত এটা মন্তব্য সামাজিক মাধ্যমত প্ৰচাৰ হৈছে।
A picture of Union Finance Minister @nsitharaman is being circulated on social media giving a statement on the value of Rupee and Dollar.
▶️ This Claim is #Fake
▶️ No such Statement has been given by the Finance Minister. pic.twitter.com/PDIp9ktSfU
— PIB Fact Check (@PIBFactCheck) May 15, 2022
এই তথ্যই প্ৰমাণ কৰে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এনে মন্তব্য কৰা নাছিল।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তৰ +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।