সত্যতা নিৰূপনঃ কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ্থীলৈ লেপটপ দিয়াৰ আঁচনি প্ৰণয়ন কৰিছে নেকি? সত্য জানিবলৈ পঢ়ক

0 816

লেপটপ কিনাৰ সামৰ্থ নথকা শিক্ষাৰ্থীলৈ বিনামূলীয়া লেপটপ প্ৰদান কৰাৰ দাবীৰে এটা পোষ্ট কেইবাগৰাকীও সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে প্ৰচাৰ কৰিছে।

 

পোষ্টত লিখা আছে- “শিক্ষাৰ্থী লেপটপ আঁচনি ২০২২ৰ বাবে আবেদন উপলব্ধ। এই আঁচনি কেৱল লেপটপ কিনাৰ বাবে আৰ্থিক সক্ষমতা নথকা সকলৰ শিক্ষাৰ সহায়ৰ বাবেহে। যোগ্যতা- সমগ্ৰ দেশৰ শিক্ষাৰ্থী। ২০২১ চনত দেশৰ মুঠ ৩০০০০০ শিক্ষাৰ্থীলৈ লেপটপ আগবঢ়োৱা হৈছে, ২০২২ত ৮০০০০০ শিক্ষাৰ্থীলৈ এই মাহতে আগবঢ়োৱা হব লেপটপ। ইয়াৰ বাবে আবেদন গ্ৰহণ কৰি থকা হৈছে। কেৱল শিক্ষাৰ্থীয়েহে পঞ্জীয়ন কৰাই আবেদন কৰিব পাৰিব।  তাৰ বাবে লিংকটো- https://laptops4u.scholarshipunion.online/”

পোষ্টটোৰ লিংকটো ইয়াত পাব।

+ 91 11 7127 979l9- এই হোৱাটচ আপ নম্বৰৰ পৰাও নিউজ মোবাইলে সত্যতা নিৰূপণৰ বাবে দাবী লাভ কৰিছিল।

 

সত্যতা নিৰূপন

নিউজ মোবাইলৰ তৰফৰ পৰা উল্লেখিত পোষ্টটো বিশ্লেষণ কৰা হৈছিল আৰু এই পোষ্টটোট দাবী কৰা কথাখিনি অসত্য বুলি প্ৰমাণ হয়।

আমি লিংকটো খুলিবলৈ চেষ্টা কৰিলো, কিন্তু সেইটো সক্ৰিয় নাছিল।

কোভিড ১৯ৰ সময়তে লেপটপ বিতৰণ কৰাৰ কোনো ধৰণৰ বাতৰি আমি লাভ নকৰিলো।

এই সন্দৰ্ভত চৰকাৰৰী তথ্য সংস্থা প্ৰেছ ইনফৰ্মেছন ব্যুৰোই সত্যতা নিৰূপণ কৰে আৰু কোভি১৯ অতিমাৰিৰ সময়ত শিক্ষাৰ্থীক লেপটপ বিতৰণ কৰাৰ জাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

PIB Fact check এ টুইট যোগে লিখিছে  “সামাজিক মাধ্যমত দাবী কৰা হৈছে যে   #COVID19 অতিমাৰিৰ বাবে  @EduMinOfIndia বসকলোকে বিনামূলীয়া লেপটপ প্ৰদান কৰা হৈছে।   #PIBFactCheck “এই দাবী #ভুৱা ,  ভাৰত চৰকাৰে এনে ঘোষণা কেতিয়াও কৰা নাই, এনে কোনো ৱেব ছাইটৰ সৈতে কোনো ধৰণৰ যোগাযোগ নকৰিব।”

এই তথ্য সমূহ বিশ্লেণ কৰিয়েই কব পৰা যায়, অতিমাৰিৰ সময়ত লেপটপ বিতৰণ কৰাৰ দাবীটো ভুৱা।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক