সত্যতা নিৰূপণ: CDC-এ কোভিড১৯ৰ প্ৰতিষেধকে কাম নিদিয়ে বুলি কৈছে নেকি? সত্য জানিবলৈ পঢ়ক

0 372

আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ (CDC)  নামৰ সংস্থাটোৱে কৰোনা ভাইৰাছ প্ৰতিষেধকে কোনো কাম নিদিয়ে বুলি ঘোষণা কৰা এটা পোষ্ট সমাজিক মাধ্যমত ভাইৰেল হৈছে। পোষ্টটোত CDCৰ উদ্ধৃতি দি কোৱা হৈছে যে প্ৰতিষেধক লোৱাসকল ছুপাৰ স্প্ৰেডাৰ, অৰ্থাত্  ভয়ংকৰভাবে ৰোগ সংক্ৰমকহে হে হ’ব।

‘নেচাৰেল নিউজ’ত প্ৰচাৰিত বাতৰি এটাৰ স্ক্ৰীণ শ্বট বহু সামাজিক মাদ্যম ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছে। বাতৰিটোৰ শিৰোনামত আছে- “CDC য়ে স্বীকাৰ কৰিছে, প্ৰতিষেধকে কাম দিয়া নাই আৰু প্ৰতিষেধক লোৱাসকল ছুপাৰ স্প্ৰেডাৰ, অৰ্থাত্ ভয়ংকৰ ভাবে ৰোগ সংক্ৰমকহে হে হ’ব।”

পোষ্টটোৰ লিংক ইয়াত. পাব। একেধৰণৰ পোষ্ট  ইয়াতইয়াত, আৰু ইয়াত পাব।.

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোত দাবী কৰা কথা ভুৱা বুলি নিশ্চিত কৰে। .

আমি, ‘CDC vaccine  failing, natural news’, এইকেইটা মূল শব্দৰে ইণ্টাৰনেটত বিচাৰ কৰাত ‘নেচাৰেল নিউজ’ত ২০২১ চনৰ ২৯ জুলাইত প্ৰকাশিত এটা বাতৰি পালো। বাতৰিটোৰ শিৰোনাম আছিল “CDC য়ে স্বীকাৰ কৰিছে, প্ৰতিষেধকে কাম দিয়া নাই আৰু প্ৰতিষেধক লোৱাসকল ছুপাৰ স্প্ৰেডাৰ, অৰ্থাত্ ভয়ংকৰ ভাবে ৰোগ সংক্ৰমকহে হে হ’ব। সেয়ে প্ৰতিষেধক লোৱাসকলৰ লগতে প্ৰত্যেকে মাস্ক পৰিধান কৰাটো অতি আবশ্যকীয়।”

আমি সম্পূৰ্ণ প্ৰবন্ধটো পঢ়িলো আৰু ইয়াৰ তথ্য য়াহু নিউজৰ পৰা লোৱা বুলি জানিব পাৰিলো। আমি ইণ্টাৰনেটত আৰু বিচাৰ কৰাত প্ৰতিষেধক বিৰোধী কথাৰে তেনে প্ৰবন্ধ লাভ কৰিলো।

প্ৰবন্ধটোত য়াহু নিউজৰ এটা লিংকো উল্লেখ কৰা হৈছিল। আমি লিংকটো খুলি চোৱাত য়াহু নিউজত ২০২১ চনৰ ২৮ জুলাইত প্ৰকাশ পোৱা বিজনেছ ইনছাইডাৰৰ প্ৰবন্ঝটো পালো। ইয়াৰ শিৰোনামত আছিল, “CDC য়ে কৈছে যে সম্পূৰ্ণ টিকাকৰণ কৰোৱাসকলে ডেল্টা ভেৰিয়েণ্ট সংক্ৰমণ কৰে, সেয়ে মাস্ক পৰিধান কৰাটো জৰুৰী। বিজ্ঞানৰ এই নতুন তথ্য হতাশজনক।”

লেখাটোত  CDCৰ শেহতীয়া নিৰ্দেনাৰ কথা উল্লেখ আছে। পূৰ্বতে CDCয়ে প্ৰকাশ কৰিছিল যে সম্পূৰ্ণ টিকাকৰণ কৰোৱাসকলে মাস্ক পৰিধান নকৰিলেও হ’ব। অবশ্যে পাছত ২০২১ চনৰ ২৭ জুলাইত CDCয়ে টিকাকৰণ কৰোৱা লোকসকলেও মাস্ক পৰিধান কৰিব লাগে বুলি প্ৰকাশ কৰিছিল।

অবশ্যে বাতৰিটোৰ ক’তোৱেই টিকাকৰণ ফলপ্ৰসু হোৱা নাই বুলি উল্লেখ কৰা নাই। বাতৰিটোত কোৱা হৈছে যে টিকাকৰণ কৰোৱাসকলক ডেল্টা ভেৰিয়েণ্টে সহজে আক্ৰমণ কৰিব পাৰে। লগতে ইয়াকো উল্লেখ কৰা হৈছে যে টিকাকৰণ কৰোৱাৰ ফলত যিকোনো ধৰণৰ সংক্ৰমণ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পায়।

বাতৰিটোত CDC ৰ সঞ্চালক ৰোচিল ৱালেংস্কিৰ উদ্ধৃতি দি কোৱা হৈছে যে “ বিভিন্ন প্ৰদেশ আৰু দেশৰ পৰা লাভ কৰা তথ্য অনুসৰি অতি বিৰল পৰিস্থিতিত টিকাকৰণ কৰোৱা লোকৰ গাত ডেস্টা ভেৰিয়েণ্ট সংক্ৰমিত হ’ব পাৰে আৰু মানুহজনৰ দ্বাৰা আনলৈও সংক্ৰমিত হ’ব পাৰে। বিজ্ঞানৰ এই নতুন তথ্য উদ্বেগজনক, আমি আমাৰ নিৰ্দেশনাৱলী নতুনকৈ সজাব লাগিব।”  ৱালেংস্কিয়ে লগতে কৈছে যে সংক্ৰমণ হোৱা, হাস্পতালত ভৰ্তি হোৱা বা মৃত্যু হোৱা বেছি ভাগ লোকেই টিকাকৰণ নকৰোৱা।

CDC ৰ সঞ্চালক ৰোচিল ৱালেংস্কিয়ে টুইট কৰিও লিখিছে-  “আমি ২০২১ চনৰ ৩০ জুলাইৰ চিডিচৰ এটা প্ৰেছ বিজ্ঞপ্তিও পাইছো, তাত লিখা আছে যে টিকাকৰণ কৰোৱা লোকৰ নতুন ডেল্টা ভাইৰাছ থকা SARS-CoV-2 ৰ দ্বাৰা সংক্ৰমণ হোৱাৰ আশংকা আছে। সেয়ে নতুন নিৰ্দেশনাই টিকাকৰণ কৰোৱা লোকসকলকো কোভিড১৯ৰ ভাইৰাছ সংক্ৰমণৰ ৰোধৰ স্বাৰ্থত মাস্ক পৰিধান কৰিবলৈ আহ্বান নোৱা হৈছে।  ”

#ডেল্টা ভেৰিয়েণ্ট ভীষণ ভাবে সংক্ৰমক। ই টিকাকৰণ নকৰোৱা লোকসকলৰ গালৈ সংক্ৰমণ কৰাৰ আশংকা বেছি। টিকাকৰণ কৰা এটা সৰু অংশৰ লোকলৈও ইয়াৰ সংক্ৰমণ হব পাৰে।টিকাকৰণ কৰাওক, মাস্ক পৰিধান কৰি থাকক। যদি আপুনি অধিক সংক্ৰমণ হোৱা অঞ্চলত থাকে, পৰাপক্ষত ঘৰতো মাস্ক পৰিধান কৰক।  

ওপৰৰ তথ্য সমূহৰ পৰা দেখা গ’ল যে ভাইৰেল পোষ্টটোত কৰা দাবী ভুৱা।

আপোনাৰো যদি কোনো বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক