সত্যতা নিৰূপণ: অসমত শিক্ষানুষ্ঠান বন্ধ কৰা সম্পৰ্কীয় এটা ভুৱা টুইট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুলি দাবী কৰা হৈছে

0 638

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুলি দাবী কৰা এটা টুইটত অসমত সাম্প্ৰতিক কোভিড ১৯ৰ সংক্ৰমণৰ বাবে অহা ২০ নৱেম্বৰৰ পৰা অসমৰ সকলো শিক্ষানুষ্ঠান পুনৰ বন্ধ কৰাৰ নিৰ্দেশনা দিয়া হৈছে বুলি দাবী কৰা হৈছে।

টুইটোত কোৱা হৈছে  “অসমত ক্ষিপ্ৰভাবে কোভিড ১৯ৰ সংক্ৰমণ হৈছে। ৩১ অক্টোবৰত এই ৰোগৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা ৩০০ৰো অধিক হৈছে। সেয়ে, শিক্ষা বিভাগ আৰু ৰাজ্য চৰকাৰে অহা ২০ নৱেম্বৰৰ পৰা সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিছে।”

এই টুইটটোৰ স্ক্ৰীণশ্বট ফেচবুকত ভাইৰেল হৈছে। ফেচবুকৰ পোষ্ট সমূহ ইয়াতইয়াতhere আৰু ইয়াত  আছে।

সত্যতানিৰূপণ

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

আমি ভাইৰেল হোৱা দাবীটোত থকা মূল শব্দ লৈ ইণ্টাৰনেটত বিচাৰ কৰিলো, কিন্তু কোনো সংবাদ মাধ্যমে তেনে কোনো বাতৰি প্ৰচাৰ কৰা নেদেখিলো। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ হেণ্ডেলো চালো যদিও তাত তেনে ধৰণৰ কোনো নিৰ্দেশনা বা তথ্য নাপালো।

অসমৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাজ্য চৰকাৰে ২৮ ছেপ্তেম্বৰত প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি ১৯ অক্টোবৰৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা অষ্টম, একাদশ শ্ৰেণীলৈ নি.মীয়া পাঠ্যক্ৰম আৰম্ভ হ’ব। ইতিমধ্যে অসম দুৰ্যোগ প্ৰশমন আৰু ব্যবস্থাপনা বিভাগে ৬ ছেপ্তেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শ্ৰেণী আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছিল।

আমি অসম দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা বিভাগৰ ৱেবছাইটতো অনুসন্ধান কৰিলো। কিন্তু ২০ নৱেম্বৰৰ পৰা শিক্ষানুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশনা সম্পৰ্কীয় কোনো নিৰ্দেশনা লাভ নকৰিলো। এয়া সত্য যে ৰাজ্যত শেহতীয়াকৈ কোভিড ১৯ৰ সংক্ৰমণ বৃদ্ধি পাইছে, কিন্তু শিক্ষানুষ্ঠান বন্ধ কৰাৰ কোনো তথ্য লাভ নকৰিলো।

ভাইৰেল হোৱা টুইটটোত থকা ব্যাকৰণৰ ভুলবোৰে আমাক এই টুইটটো ভুৱা বুলি নিশ্চিত হোৱাত সহায় কৰিছিল। আমি সেই টুইটটোৰ পৰা তথ্য লৈ আমি অনুসন্ধান কৰাত হিমন্ত বিশ্ব শৰ্মাই ৩ নৱেম্বৰ ২০২১ত প্ৰটাৰ কৰা এটা টুইটত স্পষ্টীকৰণ দিয়া হৈছিল- “ৰাজ্যত#COVID19 ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ সময়তে ২০ নৱেম্বৰৰ পৰা স্কুল কলেজসমূহ বন্ধ থাকিব বুলি এটা টুইট প্ৰচাৰ হৈছে। এয়া সম্পূৰ্ণ অসত্য আৰু মই @assampolice  (অসম আৰক্ষীক)এই সন্দৰ্ভত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছো।”

A FAKE tweet bearing my name is circulating saying that since cases of #COVID19 have gone up schools & colleges are being closed down from Nov 20. This is WRONG & should not be heeded to.

Stay off misinformation and fake news!

I am advising @assampolice to take note and act. pic.twitter.com/YZpA0I5zyb
— Himanta Biswa Sarma (@himantabiswa) November 3, 2021

ইয়াৰ পূৰ্বেও নিউজ মোবাইলে অসমৰ বিদ্যালয় পুনৰ খোলা সম্পৰ্কীয় মুখ্যমনমত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুলি দাবী কৰা এটা সত্যতা নিৰূপণৰ দ্বাৰা প্ৰমাণ কৰিছে।

Fact Check: FAKE Tweet About Reopening Of Schools Attributed To Assam CM Himanta Biswa Sarma

এই তথ্যৰ পৰা স্পষ্ট হ’ল, শিক্ষানুষ্ঠান বন্ধ কৰাৰ কোনো নিৰ্দেশনা অসম চৰকাৰে ঘোষণা কৰা নাই, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুলি দাবী কৰা টুইটটো আৰু টুইটত থকা কথাখিনিও ভুৱা।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক