সত্যতা নিৰূপনঃ ইডি (ED)য়ে চলোৱা অভিযানক চুৰাটৰ ব্যৱসায়ীৰ ঘৰৰ ঘটনা বুলি প্ৰচাৰ কৰা হৈছে

0 296

কেইজনমান মানুহে টকাৰ দমৰ পৰা টকা গণি থকা এটা ৩২ ছেকেণ্ডৰ ভিডিও শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুকেইজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এয়া চুৰাটৰ শেখৰ আগৰৱালৰ ঘৰত বলবত্কৰণ সঞ্চালকালয় ইংৰাজীত চমুকে ইডি (RD)য়ে চলোৱা অভিযান বুলি দাবী কৰিছে। বহুকেইজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে আগৰৱাল পূৰ্বতে কংগ্ৰেছ দলৰ নেতা আৰু পৰৱৰ্তী সময়ত আম আদমী পাৰ্টীৰ নেতা বুলি দাবী কৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এউ ভাইৰেল ভিডিওটো পোষ্ট  কৰি কেপচনত লিখিছে

চুৰাটৰ কাপোৰৰ ব্যৱসায়ী শেখৰ আগৰৱালৰ ঘৰত ইডিয়ে ২০০০ আৰু ৫০০ টকাৰ নোটৰ বান্দিল উদ্ধাৰ কৰিছে। এই পাহাৰ সদৃস দম হৈ থকা নোট গণিবলৈ আনিবলগা হৈছে মেচিন। পূৰ্বতে কংগ্ৰেছৰ আছিল… এতিয়া AAP ৰ সৈতে জড়িত হৈছে। চামাচাসকল নিৰাশ হৈ পৰিছে, দৌৰাদৌৰি লাগি গৈছে। #ভ্ৰষ্টাচাৰ__অন্ত_সমাগত

আপুনি ভিডিওটো ইয়াত চাব পাৰিব।.

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ দাবী সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

এই দাবীৰ সত্যতা জনাৰ বাবে আমি গুগলত গুজৰাটৰ শেখৰ আগৰৱালৰ ঘৰত ইডিৰ অভিযান – এই কী ৱৰ্ড প্ৰয়োগ কৰি অনুসন্ধান আৰম্ভ কৰিলো।   আমাৰ অনুসন্ধানত কোনো উত্তৰ নাপালো। আৰু অধিক অনুসন্ধানত কৰি ভিডিওটোৰ কী প্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি চি এন এন নিউজ ১৮ CNN-News 18ৰ ইউটিউবত ২০২২ৰ ১১ ছেপ্তেম্বৰত প্ৰচাৰিত সৰু ভিডিও এটা লাভ কৰিলো।

ভিডিওটোৰ কী ফ্ৰেম ভাইৰেল ভিডিওটোৰ ক্লিপৰ সৈতে মিল আছে। তাৰ বিৱৰণিত আছে যে এই ভিডিওটো কলকাতাৰ এঝন ব্যৱসায়ীৰ সম্পত্তিত ইডিয়ে অভিযান চলাইছে। এই অভিযানত ইডিয়ে প্ৰায় ১৮কোটি টকা বাজায়োপ্ত কৰে।

এই তথ্যৰ উত্স লৈ আমি একে ধৰণৰ মূল শব্দ প্ৰয়োগ কৰি অনুসন্ধান কৰিলো। আমাৰ অনুসন্ধানত আমি ২০২২ৰ ১০ ছেপ্তেম্বৰৰ এটা ইউটিউব ভিডিও লাভ কৰিলো। ইয়াৰ শিৰোনামত আছে-   কলকাতাৰ এখন পামত ইডিয়ে অভিযান চলাই এই টকাৰ পাহাৰ বাজায়োপ্ত কৰে। টকা গণিবলৈ ব্যস্ত হৈ পৰিছে গনণা কৰা মেচিনবোৰ। এই ভিডিওটো প্ৰচাৰ হৈছে  NDTVত। 

ইয়াতো বাতৰিটোৰ ভিডিওটোৰ সৈতে ভাইৰেল ভিডিওটোৰ হুবহু মিল আছে। বাতৰিটো চাই আমি জানিব পাৰিলো যে কলকাতাৰ ব্যৱসায়ীজনৰ  পৰিয়ালৰ সদস্যসহ ৬টা প্ৰতিষ্ঠানত ইডিয়ে অভিযান চলায়।   

সেষত আমি টাইমছ অৱ ইণ্ডিয়াত  ২০২২ৰ ১১ ছেপ্তেম্বৰত প্ৰচাৰিত আৰু এটা বাতৰি লাভ কৰিলো, তাৰ শিৰোনামত আছে-কলকাতাঃ এজন এপ ওপাৰেটৰৰ ঘৰত ইডিয়ে অভিযান চলাই ১৭ কোটি টকা বাজোয়াপ্ত কৰে। বাতৰিটোত উল্লেখ কৰা অনুসৰি আমিৰ খান নামৰ ব্যৱসায়ীজন ই নাগেটছ (E-nuggets ) নামৰ এটা গেমিং এপৰ স্বত্বাধিকাৰী।  খানে এই এপৰ জৰিয়তে তেওঁৰ এপটোৰ ব্যৱহাৰকাৰীসকলক ঠগি বহু টকা সংগ্ৰহ কৰিছিল। উদ্ধাৰ হোৱা টকাখিনি ঠগি অৰ্জা টকাৰেই।   

আমি চুৰাটৰ ব্যৱসায়ী শেখৰ আগৰৱাল সন্দৰ্ভত কোনো বাতৰি অবশ্যে লাভ নকৰিলো। অবশ্য আমি লাভ কৰি তথ্যৰ ভিত্তিত কব পাৰি যে ভাইৰেল ভিডিওটোত দাবী কৰাৰ দৰে ইডিয়ে চুৰাটৰ কোনো ব্যৱসায়ীৰ ঘৰত অভিযান চলোৱা নাই। শেখৰ আগৰৱাল নামটোও কাল্পনিক আৰু তেওঁ কংগ্ৰেছ, আপ (AAP)ৰ সদস্য বুলি দাবী কৰা কথাটোও ভুৱা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।