সত্যতা নিৰূপণ: ভাইৰেল হোৱা এই ফটোখন আফগানিস্তানৰ বিমান বন্দৰৰ সুৰক্ষা তালাচীৰ সময়ৰ নেকি? সত্য জানিবলৈ পঢ়ক।

0 393

এজন মানুহে কান্ধত বন্দুক লৈ তালাচী লৈ থকা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখনত এই দৃশ্য কাবুলৰ বিমান বন্দৰৰ শেহতীয়া পৰিবেশৰ দৃশ্য বুলি দাবী কৰা হৈছে।

ফটোখনৰ সৈতে থকা কেপচনত লিখা আছে- “বিমান বন্দৰত সুৰক্ষাৰ বাবে তালাচী.”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব।  একে ধৰণৰ পোষ্টৰ লিংক ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনু,ন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

গুগুলত ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি একেখন ফটো ২০১৮ চনৰ ৫ মে’ত মিম পে’জ নামৰ সামাজিক মাদ্যম ব্যৱহাৰকাৰীয়ে পোষ্ট কৰা দেখা পালো।

আমি অনুমান কৰিব পাৰিলো যে বাইৰেল হোৱা ফটোখন পুৰণি আৰু অলপতে তালিবানে আফগানিস্তানৰ কাবুলকে ধৰি বহুকেইখন নগৰ দখল কৰাৰ পাছত তোলা ফটো নহয়।

আৰু অধিক অনুসন্ধানত আমি এজন উৰ্দু সাংবাদিক চৈয়দ ফাৰুখ আব্বাছে ২০১৭ চনৰ ৪ফেব্ৰুৱাৰীত প্ৰচাৰ কৰা এটা পো,্টতো একেখন ফটো দেখিলো। তাত ফটোখন য়েমেনৰ হাউটি যোদ্ধাৰ বুলি উল্লেখ কৰা হৈছে। তেঁওৰ টুইটটোত আছিল-Hauthi fighters from #Yemen, carrying guns so they can defend themselves ag #Daesh #AQ while being bombed by #KSA,search is for suicide vest https://t.co/RUlGkF0Fvv

আমি চিবিএছ ইভিনিং নিউজ নামৰ সংবাদ সংস্থাটোৱে ২০১৫ চনৰ ১৬ জুনত প্ৰচাৰ কৰা এটা ভিডিও লাভ কৰিলো। ভিডিওটোৰ প্ৰায় ১ মিনিট ২২ চেকেণ্ডত এজন মানুহে অস্ত্ৰ লৈ থকা এজন যুবকক তালাচী লৈ থকা দেখা যাব। ভিডিওটোৰ সৈতে থকা বিৱৰণিত আছে- “চিবিএছ নিউজৰ সংবাদ প্ৰতিনিধি ক্লাৰিছা ৱাৰ্ড গৃহযুদ্ধ চলি থকা য়েমেনলৈ যোৱা প্ৰথমটো সাংবাদিকৰ দলৰ অন্যতম সদস্য। তেঁও য়েমেনৰ নতুন নেতা হাউটী বিপ্লবীসকলৰ সৈতে আমেৰিকা সন্দৰ্ভত আলোচনাত মিলিত হৈছিল।”

দেখা গল যে ভাইৰেল হোৱা ফটোখন পুৰণি আৰু তাত থকা বন্দুকধাৰীজন য়েমেনৰ হাউটী বিদ্ৰোহীৰ, কাবুলৰ নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9– এই নম্বৰত হোৱাটচ আপ কৰক।