সত্যতা নিৰূপণ: এই ভিডিওটোত ইঙক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কী আৰু তেঁওৰ পত্নীক মঞ্চত গান গাই থকা দেখা গৈছে নেকি? সত্য জানিবলৈ পঢ়ক

0 495

এগৰাকী মহিলাৰ সৈতে এজন পুৰুষে  মঞ্চত গান গাই থকা এটা ভিডিও শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোৰ কেপচনত লিখিছে- “ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কী আৰু তেঁওৰ পত্নীয়ে মঞ্চতE NDLESS LOVE গীতটো গাইছে।”

ওপৰৰ  পাষ্ট টোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত নিউজ মোবাইলে সত্যতা নিৰূপণ কৰি এয়া ভুৱা দাবী বুলি প্ৰতোপন্ন কৰে।

যিহেতু  ভিডিওটোত গীতটোৰ শিৰোনাম দিয়া আছিল আমি সেই গীতটোকেই মূল শব্দ হিচাপে ব্যৱহাৰ কৰি অনুসন্ধান কৰাত ইউটিউবত একেটা ভিডিও লাভ কৰিলো।  ভিডিওটো ২০২২ৰ ২০ ফেব্ৰুৱাৰীত  আপলোড কৰা হৈছিল। ভিডিওটোৰ শিৰোনামত  “Endless Love – Lionel Richie ft. Diana Ross (Boyce Avenue ft. Connie Talbot cover) Spotify & Apple.” বুলি লিখা আছিল।

একেটা ভিডিও lইংলিচ ছিংগাৰ নামৰot  ইউটিউব চেনেলত ২০২ৰ ৩ মাৰ্চত প্ৰচাৰ কৰা দেখিলো।

ভিডিওটোৰ বিৱৰণিত লিখা আছিল: ব’য়েচ এভিনিউৰ সৈতে এয়া মোৰ ৪ৰ্থটো ভিডিও আৰু তেঁওৰ সংগ সন্দায়ে আনন্দময়। এই গানটো সুন্দৰ আৰু আগন্তুক বছৰকেইটাৰ বাবে ই চিৰস্মৰণীয় হৈ ৰ’ব। ব’য়েচ তোমাক ধন্যবাদ। মোৰ বাবে এয়া সদায়েই এক ধৰণেৰ সন্মান… বিশ্ববাসীৰ বাবে আগবঢ়োৱা আমাৰ শেহতীয়া ভিডিওটোলৈ তুমি দৰখুওৱা মৰমৰ বাবে অশেষ ধন্যবাদ। তোমালৈ বহু মৰম।

আমি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কী আৰু তেঁওৰ পত্নী ফাৰ্ষ্টলেডী  ওলেনা জেলেনস্কাৰ ফটো ব্ৰিটিছ গায়ক ব’য়েচ এভিনিউ আৰু ক’নী টালব’টৰ ফটোৰ সৈতে ৰিজাই চালো আৰু ফটোদুখনৰ কোনো সাদৃস্য নোহোৱা বুলি নিশ্চিত হ’লো।

ইয়াৰ পৰাই স্পষ্ট হ’ল যে ভাইৰেল হোৱা ভিডিওটোত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কী আৰু তেঁওৰ পত্নী ওলেনাৰ গীত গাই থকা ভিডিও নহয়। সেয়ে, ভাইৰেল হোৱা পোষ্টটোৰ দাবী ভিত্তিহীন।

আপোনাৰো যদি কোনো ঘটনা বা বাতৰি সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 9799- এই নম্বৰত হোৱাটচ আপ কৰক।