সত্যতা নিৰূপণ: এই ভিডিওটো ওমানৰ উপকূলৰ ছাহীন বা-মাৰলিৰ নেকি? সত্য জানিবলৈ পঢ়ক

0 645

উপকূলীয় অঞ্চল এটাত বা-মাৰলিৰ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। বিডিওটো ওমানৰ উপকূলীয় অঞ্চলৰ ছাহীন বা-মাৰলিৰ বুলি দাবী কৰা হৈছে। লগতে ইয়াকো দাবী কৰা হৈছে যে ডুবাইৰ বুৰ্জ খালিফাৰ পৰা এই ভিডিওটো লোৱা হৈছে।

ফেচবুক পোষ্টটোত আছে-, “ওমানৰ উপকূলত ছাহীন বা-মাৰলি।ডুবাইৰ বুৰ্জ খালিফাৰ পৰা সংগ্ৰহ কৰা অপূৰ্ব ভিডিও। সৃষ্টিকৰ্তাৰ মহানতা চাওক।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব। একে ধৰণৰ পোষ্টৰ লিংক ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত পাব।

সত্যতানিৰূপণ

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

এ এনিমেটেড ভিডিওটো ফ্লোৰিদাৰ মিয়ামী বীচ্চৰ এখন ফটোৰ পৰা লোৱা হৈছিল। ভিডিওটোত থকা মেঘখিনি ২০১৬ চনৰ লেউতি কাঞ্চাছৰ বতাহৰ ফটো।

 

আমি ডিজিটেল শিল্পী ব্ৰেণ্ট ছাৱনোৰেই এই দুয়োখন ফটো সংলগ্ন কৰি ভিডিওটো সজাই ২০১৯ৰ এপ্ৰিলত তেওঁৰ ইনষ্টাগ্ৰাম পেইজত প্ৰচাৰ কৰিছিল।

https://www.instagram.com/p/BwKWvqsgzmk/?utm_medium=share_sheet

 

ছাৱনোৰেৰ এই শিল্প কৰ্মটো পাছত দ্য গ্লিটছ ডট অৰ্গেও ব্যৱহাৰ কৰিছিল।

https://www.instagram.com/p/Bxm9rhcn4w8/?utm_medium=share_sheet

 

২০১৯ চনৰ ডোৰিয়ান বা-মাৰলিৰ সময়তো নিউজ মোবাইলে একেটা ভিডিও সন্দৰ্ভত সত্যতা নিৰূপণ কৰি সত্য উদ্ঘাটন কৰিছিল।

Fake Alert! Digital artwork of a hurricane given a religious twist

 

এই তথ্যৰ পৰা পোষ্টটোৰ সৈতে কৰা দাবী ভুৱা আৰু ই যে এখ শিল্প কৰ্মহে সেয়া জানিব পৰা গ’ল।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক।