সত্যতা নিৰূপণ: এই ফটোখন কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা গিলানীৰ ডেকাকালৰ ফটো নেকি? সত্য জানিবলৈ পঢ়ক

0 306

পাঠানী সাজ পৰিধিত আৰক্ষীয়ে গেৰি থকা এজন মানুহৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে । পোষ্টটোৰ সৈতে দাবী কৰা হৈছে যে ফটোখন যোৱা ১ ছেপ্তেম্বৰত মত্যু হোৱা কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ছৈয়দ শ্বাহ গিলানীৰ।

ছৈয়দ শ্বাহ গিলানী হ’ল পাকিস্তানপন্থী বিচ্ছিন্নতাবাদী নেতা আৰু অল পাৰ্টিছ হুৰায়ট কনফাৰেন্সৰ প্ৰতিষ্ঠাপক সদস্য।

ফেচবুকত শ্বেয়াৰ কৰা ফটোখনৰ কেপচনত লিখা আছে- “এই #ফটোখনত ছৈয়দ শ্বাহ গিলানীৰ ডেকা কালৰ।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব।  একেধৰণৰ পোষ্টইয়াতপাব।

সত্যতা নিৰূপণ

নিউজমোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

ফটোখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ৰাষ্ট্ৰ সংঘৰ প্ৰাক্তন পাকিস্তানী ৰাষ্ট্ৰদূত  হুছেইন হাক্কানিয়ে ২০২১ চনৰ ২ ছেপ্তেম্বৰত আপলোড কৰা একেখন ফটো লাভ কৰিলো।ফটোখনৰ কেপচনত লিখা আছিল বেলুচৰ নেতা চৰ্দাৰ আতাউল্লা মংগলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। চৰ্দাৰ আতাউল্লা মংগল। তেঁও সদায় ৰাইজৰ হকে আৰু সৈতে থিয় দিছিল।”

আপু অধিক অনুসন্ধান কৰাত আমি পাকিস্তান ৰাষ্ট্ৰীয় সংসদৰ প্ৰাক্তন ছিনেটৰ ছানা উল্লা বেলোচৰ ২০২১চনৰ ২ ছেপ্তেম্বৰত প্ৰচাৰিত এটা টুইট লাভ কৰো। এই টুইটতো একেখন ফটো দিয়া হৈছিল আৰু তাৰ কেপচনত আছিল- “#চৰ্দাৰ আতাউল্লা মংগল, সাহস আৰু প্ৰত্যয়ৰ মানুহজন, যিয়ে ৭০ বছৰ ধৰ #বেলুচসকলক আপোনজনৰ দৰে ভাবিছিল, তেঁওলোকৰ অধিকাৰৰ বাবে যুঁজিছিল আত্মাৰ সদগতি কামনা কৰিলো।”

আমি জিও নিউজে আপলোড কৰা বাতৰিৰ ভিডিও এটাটো একেখন ফটো দেখিলো। তাৰ কেপচনত আছিল- “বুজুৰ্গ কোৱাম পাৰাষ্ট ৰাজনীতিক চৰ্দাৰ আতাউল্লা মংগলৰ ইন্তেকাল হল।” ভিডিওটো ২০২১ চনৰ ২ ছেপ্তেম্বৰত প্ৰকাশ পাইছিল।

আমি মংগলৰ ডেকা কালৰ ফটো এখন  বিবিচি নিউজ ৰিপোৰ্ট ত ৰিজাই চালো। এইখনৰ সৈতে ভাইৰেল হোৱা ফটোখনৰ বহু মিল আছিল।

আতাউল্লা মংগল, এজন জ্যেষ্ঠ বেলোচ নেতা আৰু বেলুচিস্তানৰ প্ৰাক্তন মন্ত্ৰীৰ ২ছেপ্তেম্বৰ ২০২১ত মৃত্যু হয়। ১৯২৯ চনত জন্মা মংগলে বেলুচিস্তানৰ লাছবেলাত শৈশব পাৰ কৰি পাছলৈ কৰাচীলৈ যায়। ১৯৫৪ চনত তেঁওক মংগল জনজাতিৰ মুৰব্বী বুলি ঘোষণা কৰা হৈছিল।

দেখা গ’ল ফটোখন বালোচিস্তানৰ নেতা মংগলৰহে, ফটোখন ছৈয়দ আলি শ্বাহ গিলানীৰ বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছে। সেয়ে পোষ্টটোত কৰা দাবী ভুৱা।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9এই নম্বৰত হোৱাটচ আপ কৰক