সত্যতা নিৰূপনঃ ভাইৰেল হোৱা এই ফটোখন ফিলিপাইনছে ইছলামিক গোটৰ ওপৰত আকাশ মাৰ্গেৰে আক্ৰমণৰ দৃশ্য নেকি?

0 410

Maute-ISIS নামৰ মৌলবাদী সংগঠনটোৰ মাগুইঙৰ সন্দেহজনক ঘাটি এটাত যোৱা ১ মাৰ্চ ২০২২ত ফিলিপাইন বায়ু সেনাই   আকাশ মাৰ্গেৰে আক্ৰমণ কৰিছিল। 

এনে সময়তে ফিলিপাইনছে ইছলামিক সন্ত্ৰাসবাদী সংগঠনটোৰ গাটিত বোমা পেলোৱাৰ দৃশ্য বুলি দাবী কৰা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ফটোখনৰ সৈতে কেপচনত লিখা আছে-ব্ৰেকিং নিউজ : আইএছআইএছ সমৰ্থিত মাগুয়িং নামৰ সংগঠনটোৰ লানাও ডাল সুৰত থকা ঘাটিত সৈন্য বাহিনীৰ আকাশ মাৰ্গেৰে আক্ৰমণ ।

ওপৰৰ পোষ্টটোৰ লিংক  ইয়াত  আছে।

সত্যতা নিৰূপন

নিউজ মোবাইলে এই   সন্দৰ্ভত অনুসন্ধান কৰে আৰু ইয়াক ভুৱা  বুলি প্ৰতিপন্ন কৰে।

ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি একেখন ফটো ২০১৭ চনৰ ১৭ জুনত ৰেপ্লাৰত প্ৰচাৰ কৰা দেখিলো। বাতৰিটোত প্ৰকাশ কৰা মতে ফিলিপাইনৰ সৈন্যই মাৰাৱি নগৰত আবদ্ধ হৈ থকা কমেও ৯জন লোকক উদ্ধাৰ কৰে। চহৰখনত তিনি সপ্তাহ পূৰ্বে চৰকাৰী পক্ষ আৰু স্থানীয় উগ্ৰপন্থী সংগঠনৰ মাজত সংঘৰ্ষ হৈছিল।

২০১৭ চনৰ ১২ জুনত একেখন ফটো হিন্দুস্তান টাইমচ তো প্ৰচাৰ হৈছিল। ফটোখনৰ কেপচনত আছিল-এই জুন মাহতে ৯খন ফটো, ফিলিপাইনছৰ মৰাৱি নগৰৰ এটা মছজিদত সেনাই আকাশ মাৰ্গেৰে  চলোৱা আক্ৰমণৰ ফলত কলা ধোঁৱা উৰি আছে। (এপি ফটো)।

 

ওপৰৰ তথ্যসমূহৰ পৰাই দেখা গল যে এইখন মাৰাৱাইত ফিলিপাইনী সেনাই আকাশ মাৰ্গেৰে চলোৱা আক্ৰমণৰ পুৰণি ফটো, ,মাগুয়িঙৰ শেহতীয়া আক্ৰমণৰ ফটো নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক