সত্যতা নিৰূপনঃ টাইম মেগাজিনৰ বেটুপাতত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কীৰ ফটো দিছিল নেকি? সত্য জানিবলৈ পঢ়ক

0 403

এখন আলোচনীৰ বেটুপাতত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কীৰ ফটো থকা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে, পোষ্টটোত দাবী কৰা হৈছে-তেওঁৰ নামত থকা “Z” থকা “V”ৰ অৰ্থ হল ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ।

ফেচবুকত শ্বেয়াৰ কৰা ফটোখনৰ সৈতে লিখা আছে-, “সাংকেতিক ৰাজনীতিৰ যুগ।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপন

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি এই দাবী অমূলক বুলি প্ৰতিপন্ন কৰে।

আমি মূল শব্দ প্ৰয়োগেৰে আমাৰ অনুসন্ধান আৰম্ভ কৰিলো যদিও দাবী কৰাৰ দৰে তেনে কোনো নিৰ্ভৰযোগ্য তথ্য লাভ নকৰিলো।

আৰু অধিক অনুসন্ধানত আমি টাইম মেগাজিনৰ ৱেবছাইট লাভ কৰিলো, কিন্তু ভাইৰেল ফটোখনৰ দৰে বেটুপাত আমি নেদেখিলো।

আমি টাইম মেগাজিনৰ সামাজিক মাধ্যম ফেচবুক আৰু টুইটাৰতো অনুসন্ধান কৰিলো যদিও তেনে কোনো ফটো দেখা নাপালো।

আৰু অধিক অনুসন্ধানত আমি এছচিয়েট প্ৰেছত এটা বাতৰি লাভ কৰিলো। তাত আছে-টাইমে এছচিয়েট প্ৰেছক স্পষ্ট কৰি দিছে যে এই ফটোখনৰ কোনো বিশ্বাসযোগ্যতা নাই।” 

আমি ৰয়টাৰ্চৰ এটা সত্যতা নিৰূপক বাতৰিও লাভ কৰিলো।তাত টাইম মেগাজিনৰ মুখপাচ্ৰৰ উদ্ধৃতি দিয়া হৈছে- এই ফটোখন সত্য নহয়, টাইম মেগাজিনৰ বেটুপাত নহয়।” 

এনেদৰেই ওপৰৰ তথ্যসমূহৰ পৰা এয়া স্পষ্ট হয়, ভাইৰেল পোষ্টটোত কৰা দাবী ভুৱা আৰুত  টাইম মেগাজিনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কীৰ ফটো সন্নিবিষ্ট কৰা নাই।

 

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক