আমেৰিকাৰ এলবাৰ্ট কাণ্ট্ৰী অৱ জৰ্জিয়াৰ জৰ্জিয়া গাইডষ্টোন স্তম্ভ ধ্বংসপ্ৰাপ্ত হোৱা এটা ভিডিও সামাজিক মাধ্যমত শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ভূমিকম্পত এই স্তম্ভ ধ্বংসপ্ৰাপ্ত হৈছিল।
গ্ৰেনাইড শিলেৰে নিৰ্মীত জৰ্জিয়া গাইডষ্টোন ত ১০৮০ চনত স্পেনিচ, ইহুদী, হিন্দী, ইংৰাদী, স্বাহিলী, চীনা আৰু ৰাছিয়াৰ ভাষাৰ লিপি খোদিত কৰা হৈছিল। এখন পাৰমানবিক যুদ্ধৰ পাছত ১০৮০ চনত এই স্তম্ভটোত মানবতা ৰক্ষা কৰাৰ বাবে কেতবোৰ নিৰ্দেশনা থকা লিখাবোৰ সন্নিবিষ্ট কৰা হৈছিল।
ভিডিওটো ফেচবুকত শ্বেয়াৰ কৰি কেপচনত আছে- “ব্ৰেকিং: আজি পুৱা ৪ বজাত জৰ্জিয়া গাইডষ্টোন স্তম্ভসমূহৰ এটা ভাঙি টুকুৰা টুকুৰ হৈ যায়। বাতৰিত প্ৰকাশ পোৱা অনপসৰি এটা ভূমিকম্পৰ ফলত এনে হল, কিন্তু চিন্তাৰ কাৰণ নাই, এয়া আমাৰ হৈ ভগৱানে কৰা কাৰ্য। গাইডষ্টোন স্তম্ভৰ, বিশ্বৰ এনে ন-ৰূপ নিপাত যাওক। খ্ৰীষ্টই আমাৰ ৰজা!”
ওপৰৰ পোষ্ট.টোৰ লিংক ইয়াত আছে।
মানুহে এই ফটোবোৰ প্ৰচাৰ কৰি একেধৰণৰ দাবী কৰিছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।
সাধাৰণ ভাবে মূল শব্দ প্ৰয়োগ কৰি অনুসন্ধান কৰাত আমি কেইবাটাও দায়িত্বশীল সংবাদ প্ৰতিষ্ঠানে একে ধৰণৰ ভিডিও প্ৰচাৰ কৰা বাতৰি দেখিলো। তাত লিখা আছিল- “জৰ্জিয়াৰ এটা পুৰণি কীৰ্তিচিহ্নৰ ‘আমেৰিকাৰ শিলাকীৰ্তি‘ বুলি ৰাইজে আভিহিত কৰা এটা কীৰ্তি বিস্ফোৰণত ধ্বংসপ্ৰাপ্ত হয়।”. এলবাৰ্টনৰ সমীপৰ জৰ্জিয়া গাইডষ্টোনৰ এই কীৰ্তিচিহ্ন এটা বিস্ফোৰণত দ্বংস হোৱা বুলি জৰ্জিয়া অনুসন্ধান সংস্থাই প্ৰকাশ কৰিছে। জৰ্জিয়াৰ গৱৰ্ণৰ বা মুৰব্বীৰ পদৰ প্ৰাৰ্থী এজনে জৰ্জিয়া গাইডষ্টোন দানবীয় আৰু ইয়াক ভাঙি পেলোৱাৰ আহ্বান কৰাৰ কেই সপ্তাহমানৰ পাছত এই ঘটনা সংঘটিত হয়।” এই তথ্যই প্ৰমাণ কৰে যে কীৰ্তিস্তম্ভটো ভূমিকম্পৰ ফলত ধ্বংস হোৱা নাছিল।
ৱাল ষ্ট্ৰীট জাৰ্নেল তো দাবী কৰা হৈছে যে কীৰ্তিচিহ্নটো ২০২২ৰ ৭জুনত বিস্ফোৰিত হৈছিল। জৰ্জিয়া ব্যুৰো অৱ ইনভেষ্টিগেচন (GBI)ৰ তথ্য অনুসৰি ভগ্নাংশসমূহ সুৰক্ষাৰ বাবেই অইন স্থানত ৰখা হৈছিল।
GBIৰ টুইটাৰ একাউণ্টত এই বিস্ফোৰণৰ ভিডিও প্ৰচাৰ হৈছে। ভিডিওটোত দেখুওৱা অনুসৰি বিস্ফোৰণৰ ঠিক লগে লগে এখন গাড়ী সেই স্থানৰ পৰা পাৰ হৈ গৈছিল।
(2/3) The videos show the explosion and a car leaving the scene shortly after the explosion. No one was injured. pic.twitter.com/8YNmEML9fW
— GA Bureau of Investigation (@GBI_GA) July 6, 2022
আন এটা প্ৰতিষ্ঠানেও প্ৰচাৰ কৰা ভিডিওত এজন অচিনাক্ত লোকে ঘটনাস্থলীত বিস্ফোৰকত অগ্নি সংযোগ কৰা দেখা গৈছে। তেওঁলোকে কৈছিল যে বিস্ফোৰণত ঘৰটোৰ ক্ষতিসাধন কৰিছে আৰু সেয়া “অনুসন্ধানৰ বাবে আশংকাজনক হৈ পৰিছে।” সেয়ে তেওঁলোকে কীৰ্তিচিহ্নটো সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ সিদ্ধান্ত লয়
ইয়াৰোপৰি আমি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জিওল’জিকেল ছাৰ্ভে’ৰ ৱেবছাইটতো কোনো ধৰণৰ ভিমিকম্প সদৃস ঘটনা সংঘটিত হৈছে নেকি অনুসন্ধান কৰিলো, কিন্তু এনে কোনো ঘটনাৰ তথ্য লাভ নকৰিলো।
এনেদৰেই স্পষ্ট হয় যে জৰ্জিয়া গাইডষ্টোন ভূমিকম্পৰ বাবে নহয় বিস্ফোৰণৰ বাবেহে ধ্বংস হয়।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।