সত্যতা নিৰূপনঃ ২০২১ চনৰ ভিডিওকেই ৰাছিয়াই মৃত সৈন্য কবৰ দিয়াৰ বাবে কবৰ খন্দাৰ শেহতীয়া ভিডিও বুলি সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছে

0 371

শতাধিক কবৰ খান্দি থকা এটা ভিডিও শেহতীয়াকৈ সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। দাবী কৰা হৈছে যে এই কবৰসমূহ শেহতীয়া ৰাছিয়া-ইউক্ৰেইন যুদ্ধত নিহত ৰাছিয়াৰ সৈন্যক কবৰ দিয়াৰ বাবে ৰাছিয়াই খন্দাইছে।

ফেচবুক ব্যৱহাৰকাৰীয়ে এই ভিডিওৰ সৈতে কেপচনত লিখিছে-ৰাছিয়াৰ কবৰ স্থানত শ শ কবৰ খন্দা হৈছে- এওঁলোক এতিয়া ইউক্ৰেইনৰ পৰা আহিবলগীয়া ৰাছিয়ান কাৰ্গো ২০০ অপেক্ষাত। ৰাছিয়াবাসীয়ে এইবোৰৰ ভিডিও কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰি তেওঁলোক আশ্চৰ্যচকিত হোৱা বুলি প্ৰচাৰ কৰিছে। ইউক্ৰেইনত ৰাছিয়াৰ সৈন্যৰ মৃত্যুৰ সংখ্যাই ১০ হাজাৰ অতিক্ৰম কৰিছে। এদিনত এহেজাৰকৈ সৈন্যৰ মৃত্যু হৈছে। প্ৰাৰ্থনা কৰো আহক, এই যুদ্ধ সমাপ্ত হওক।   

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। 

সত্যতা নিৰূপন

নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰে আৰু ভাইৰেল ভিডিওটো পুৰণি বুলি প্ৰতিপন্ন কৰে।

আমি মূল ফ্ৰেমবোৰৰ ফটো উলিয়াই ৰাছিয়ান চাৰ্ছ ইঞ্জিনত দি অনুসন্ধান কৰিলো। আমি ৰাছিয়াৰ সামাজিক মাধ্যম ভিকেত(VK)ত ২০২১ৰ ৮ অক্টোবৰত একেটা ভিডিও শ্বেয়াৰ কৰা দেখিলো।     

আমি ভিডিওটোৰ শিৰোনামক ভিত্তি কৰি মূল শব্দৰ দ্বাৰা অনুসন্ধান কৰিলো আৰু এটা ৰাছিয়াৰ সংবাদ মাধ্যমে একেটা ভিডিও প্ৰচাৰ কৰা দেখিলো।।এই বাতৰিটো ইউটিউবত ২০২১ৰ ১২ অক্টোবৰত প্ৰচাৰ কৰা হৈছিল। তাৰ শিৰোনামত আছিল- শীতৰ বাবে ছাৰ্জাণ্ট কবৰ স্থানত ৬০০তকৈও অধিক কবৰ সাজু কৰি ৰখা হৈছে।

গুগল ট্ৰেন্সলেচনৰ সহায়ত ভিডিওটোৰ বিৱৰণি অনুবাদ কৰাত পালো-  “তেওঁলোকে প্ৰকাশ কৰিছে যে চেৰ্নোৰেচেনস্কী কবৰ স্থানত কেইবাটাও কবৰ খান্দি ৰখা হৈছে।যোৱা কালি সুৰ্গাতবাসীসকলে গাঁত খান্দি থোৱা কবৰ স্থানৰ পৰা ভিডিও সংগ্ৰহ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। কেবল শাৰীকেইটামান নহয়, সমগ্ৰ স্থানতেই কবৰ দিয়াৰ বাবে সাজু কৰি ৰখা হৈছে।.”

আন এক সংবাদ মাধ্যমেও একেটা ভিডিও ২০২১ চনত প্ৰচাৰ কৰা দেখিলো।বাতৰিটোত প্ৰকাশ কৰা অনুসৰি য়ুগ্ৰা নগৰ প্ৰশাসনে (Khanty-Mansi Autonomous Okrug–Yugraপ্ৰকাশ কৰিছেঃ ইয়াত কোনো বিশেষত্ব নাই। প্ৰতি বছৰে কৰা এই কাৰ্যই সামাজিক মাধ্যমত বহুল প্ৰচাৰ লাভ কৰিলে।”:    

সুৰ্গাত প্ৰশাসনে এই স্থানৰ বিশেষত্ব হল এই স্থান তুলনামূলকভাবে শীতল, ইয়াত প্ৰায় দুই-তিনি মিটাৰ পৰ্যন্ত শীতল হৈ থাকে আৰু ইয়াত কবৰ খন্দাটো বৰ দুৰূহ কাম 

আৰু অধিক অনুসন্ধানত সুৰ্গাতৰ মেয়ৰ এন্দ্ৰে ফিলটোভে ২০২২ৰ ৭ মাৰ্চত ভাইৰেল হোৱা পোষ্টটোত কৰা দাবী ভুৱা বুলি ইনষ্টাগ্ৰামত প্ৰকাশ কৰে। 

তেওঁ বাতৰিটোৰ সৈতে কেপচন দি লিখিছে-ভুৱা তথ্যৰেও সুৰ্গাতত আক্ৰমণ চলোৱা হৈছে। এতিয়া বহু দিন ধৰি মিছা ভিডিও প্ৰচাৰ কৰি ইয়াকো মিছাকৈ প্ৰচাৰ কৰা হৈছে যে সুৰ্গাতৰ কবৰস্থান ৰাছিয়াৰ সৈন্যৰ মৃতদেহ কবৰ দিয়াৰ বাবে সাজু কৰা হৈছে। এই তথ্য একবাৰেই ভুৱা বুলি মই প্ৰকাশ কৰিলো। ভিডিওটোৰ ফুটেজ যোৱা বছৰৰেই। সেই সময়ত শীতৰ বাবে কবৰবোৰ সাজু কৰি থোৱা হয়। উত্তৰাঞ্চলৰ নগৰসমূহত এই সময়ত এনেদৰে মাতি খান্দি থোৱাটো সচৰাচৰ হৈ থকা ঘটনা। আমাৰ ইয়াত তুলনামূলকভাবে অধিক ঠাণ্ডা হোৱাৰ বাবে এনে ধৰণৰ কামবোৰ শীত অহাৰ পূৰ্বেই কৰি থোৱা হয়। ১৫ বছৰ ধৰি এই কাৰ্য কৰি থকা হৈছে।

ওপৰৰ তথ্যই প্ৰমাণ কৰে যে এই ভিডিও পুৰণই আৰু ইয়াক ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799এই নম্বৰত হোৱাটচএপ কৰক