সত্যতা নিৰূপনঃ মেহবুবা মুফটিয়ে এটা মন্দিৰত পূজা কৰি থকা ২০১৬ চনৰ এখন ফটোকেই ভুৱা দাবীৰে ভাইৰেল হৈছে

0 199

জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুক্যমন্ত্ৰী মেহবুবা মুফটিয়ে এটা মন্দিৰত পূজা কৰি থকা ফটো প্ৰকাশ কৰা এখন বাতৰি কাকতৰ কাটি উলিওৱা অংশ এটাৰ ফটো শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে।  পেপাৰ ক্লিপিংটোৰ বিৱৰণিত কোৱা হৈছে যে জম্মুৰ বছৰেকীয়া মেলাত কাশ্মীৰী হিন্দুসকলৰ সৈতে তেওঁ মন্দিৰত পূজা কৰিছে।

বহু সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে কেন্দ্ৰীয় চৰকাৰে ৩৭০ দফা বাতিল কৰাৰ পাছত এনে ঘটনা সম্ভব হোৱা বুলি দাবী কৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এই ফটোখন  পেষ্ট কৰি কেপচনত লিখিছে-

হৈ ভগৱান, মোদীজী, সচাকে কৈছো, এনে ছবি দেখি এতিয়াতো চকুপানী ওলোৱাৰ উপপক্ৰম হৈছে, আপুনি এয়া কি কৰি দিলে, ৩৭০ বাতিল কৰাৰ পাছত যেন পৃথিৱীখনেই সলনি হৈ গল।

ফটোখন  ইয়াত চাব পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ দাবী সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা আৰু বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।

ফটোখন ৰিভাৰ্জ ইমেজ চাৰ্ছত দিয়াত আমি ২০১৬ চনৰ ১৩ জুনত হিন্দী কাকত আমাৰ উজালাত প্ৰকাশিত কেইখনমান ফটোখন দেখা পালো। ফটোখনৰ শিৰোনামত আছে-   কাশ্মীৰী পণ্ডিতসকলৰ ধৰ্মীয় যাত্ৰাত অংশ লৈ পূজা দিয়াৰ বাবে মন্দিৰত উপস্থিত মেহবুবা মুফটি  ফটোকেইখনৰ প্ৰথম ফটোখন ভাইৰেল ফটোখনৰ সৈতে হুবহু মিল আছে।

আমাৰ উজালাই ফটোখন PTI সজন্যত প্ৰকাশ কৰা বুলি উল্লেখ কৰিছিল। এই উত্স লৈয়েই আমি প্ৰতিষ্ঠানটোৰ ফটো আৰ্কিভত অনুসন্ধান কৰিলো। নিৰ্দিষ্ট ফটোখনৰ সৈতে থকা বিৱৰণিত লিখা আছে-গেন্দেৰ্বালঃ জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে দেওবাৰে গেন্দেৰ্বাল জিলাৰ বছৰেকীয়া মেলাত অংশ লৈ খীৰ ভৱানী মন্দিৰত পূজা কৰিছে।  PTIৰ হৈ এছ ইৰফানৰ ফটো Photo by S Irfan (PTI6_12_2016_000083B)’ এয়াি স্পষ্ট কৰে যে ফটোখন ২০১৬ চনৰ। 

অৱশেষত আমি ভাৰতত  ৩৭০ দফা বাতিলকৰণ সন্দৰ্ভত কিছু কথা জনাৰ বাবে গুগলত অনুসন্ধান কৰিলো। আমি দৈনিক জাগৰণ  কাকতত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো, তাত উল্লেখ আছে যে ৩৭০ দফা ২০১৯ৰ ৫ আগষ্টত মোদী চৰকাৰৰ দ্বাৰা বাতিল কৰা হৈছিল। ইয়েও প্ৰমাণ কৰে যে ভাইৰেল হোৱা ফটোখন দফা ৩৭০ বাতিল হোৱাৰ পূৰ্বৰেই। 

সেয়ে, আমাৰ অুসন্ধানত ভিত্তি কৰিয়েই কব পাৰি য়ে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে মন্দিৰত পূজা কৰি থকা ফটোখন দফা ৩৭০ বাতিল হোৱাৰ পূৰ্বৰেই। সেয়ে ভাইৰেল ফটোখনৰ সৈতে কৰা দাবী সম্পূৰ্ণ ভিত্তিহীন।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।