সত্যতা নিৰূপণ: ২০১৬ চনৰ নাগপুৰ ৰে’ল ষ্টেচনত হেৰোৱা সৰু ছোৱালী এজনীৰ ফটোকেই ভুৱা দাবীৰে ভাইৰেল কৰা হৈছে

0 507

ৰেল ষ্টেচন এটাত এজনী সৰু ছোৱালীয়ে কান্দি থকা ফটো এখন সামাজিক মাধ্যমত ভাইৰেল হৈছে।  কেপচনত কোৱা হৈছে যে তেওঁক বাৰেলীত উদ্ধাৰ কৰা হৈছে আৰু তেওঁৰ নাম সোনাল পেটেল।

পোষ্টৰ সৈতে থকা লিখনিত আছে-  এই কণমানিজনী মুম্বাইৰ অহা ৰে’লত আহি থাকোতে বাৰেলীত উদ্ধাৰ হৈছে। অনুগ্ৰহ কৰি আপোনাৰ নিজৰ কন্যা জ্ঞান কৰি এই পোষ্টটো শ্বেয়াৰ কৰি দিয়ক।।

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই ফটোখনৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয়। ফটোখন পুৰণি বুলি প্ৰমাণ হয়।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০১৬ৰ ১৭ মেত ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এটা বাতৰি লাভ কৰিলো।। তাৰ শিৰোনামত আছে-  “সামাজিক মাধ্যম আশীৰ্বাদ হিচাপে পৰিগণিত হল।  অৱনীৰ নিৰুদ্বেশ হোৱা ফটোখন সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ ২০ মিনিটৰ ভিতৰতে তেওঁ তেওঁৰ মাকক ওভতাই পালে।

বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি ছৱিখনৰ ছোৱালীজনী অৱনী জৈন। তেওঁ নাগপুৰ ৰেল ষ্টেচনত হেৰাইছিল।  লগে লগে তেওঁৰ ফটোখন পেচবুক আৰু হোৱাটচ আপত ভাইৰেল হৈছিল।  

বাতৰিটোত ইয়াকো কৈছিল যে ফটোখন সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ  ২০ মিনিটৰ ভিতৰতে অৱনী মাক আৰু পৰিয়ালৰ লোকে তেওঁক বিচাৰি উলিয়াবলৈ সক্ষম হৈছিল।

ইয়াৰ পূৰ্বেও নিউজ মোবাইলে  ২০১৯ চনত একেখন ফটোক লৈ এয়া হায়দৰাবাদৰ ঘটনা বুলি চলা অপপ্ৰচাৰ ভুৱা বুলি সত্যতা নিৰূপণ কৰিছিল।

Fact Check: Don’t believe this FALSE post about missing girl found in Hyderabad

এনেদৰেই ওপৰৰ তথ্যসমূহৰ পৰা এয়া স্পষ্ট হয় যে ফটোখন ২০১৬ চনৰ আৰু ইয়াক ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছিল।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।