সত্যতা নিৰূপণ: ২০১৩ চনৰ উত্তৰখণ্ডৰ ফটোকেই শেহতীয়া ফটো বুলি প্ৰচাৰ কৰা হৈছে

0 344

পানীৰ মাজত ডিঙিলৈ বুৰ গৈ থকা ভগৱান শিবৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে, ফটোখনত এয়া
উত্তৰখণ্ডৰ শেহতীয়া বানৰ দৃশ্য বুলি দাবী কৰা হৈছে।

কেৰালা আৰু উত্তৰখণ্ডত শেহতীয়াকৈ প্ৰবল বৃষ্টিপাত ৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা বানত বহু লোকে প্ৰাণ
হেৰুৱাইছে, বহু ধৰ, অট্টালিকাও বানত ধ্বংস হৈছে।
ফেচবুকত প্ৰচাৰ কৰা ফটোখনৰ সৈতে আৰবী বাষাত লিখা কেপচনৰ অনুবাদ এনে-“ভাৰতত প্ৰবল বৃষ্টিপাত। যাৰ
ফলত সৃষ্টি হৈছে অভাবনীয় বান পৰিস্থিতি। সহস্ৰাধিক লোক গৃহহীন হৈ পৰিছে। বহুজনৰ লগতে হিন্দুসকলৰ দেবতা
ভগৱান শিৱৰো মূৰ্তি দ্বংস হোৱাৰ উপক্ৰম হৈছে। তেওঁ বানত ভাহি যাব ধৰিছে, কোনেও তেওঁক সহায় কৰিবলৈ অহা
নাই!!”

(Original Text.:

امطار عنيفة في الهند

تسبب فيضانات عارمة وتشريد مئات الآلاف بما فيهم الإله “شيفا” إله الدمار لدى الهندوس

والذي يغرق في الفياضانات التي اجتاحت شمال الهند  ولم يساعده احد!! اخص عليهم)

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। একে ধৰণৰ পোষ্ট ইয়াত , আৰু   ইয়াত . আছে।

সত্যতানিৰূপণ
নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ
দাবী ভুৱা বুলি নিশ্চিত কৰে।
অনুসন্ধানৰ আৰম্ভমিতে আমি ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি২০১৩ৰ ২৮ জুনত দ্য হিন্দু কাকতত
প্ৰকাশিত এটা বাতৰি লাভ কৰিলো। বাতৰিটোত একেখন ফটোৱেই প্ৰচাৰ হৈছিল। ফটোখনৰ কেপচনত “ ভাৰতৰ
উত্তৰখণ্ডৰ হৃষিকেশৰ গংগা নৈৰ বানপানীৰ মাজত হিন্দুসকলৰ দেবতা শিৱ পানীৰ তলত আধা বুৰ গৈ আছে।
মুষলধাৰ বৰষুণৰ ফলত অঞ্চলটোত ভয়ংকৰ বানৰ সৃষ্টি হৈছে, ইয়াৰ লগতে ভূমিস্খলনেও বিস্তৰ ক্ষতি সাধন
কৰিছে। এনে দুৰ্যোগত মৃতকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে আৰু হিমালয়ৰ পাদদেশৰ এই ধৰ্মপীঠত এতিয়াও
এহাজাৰতকৈ অধিক ভক্ত আবদ্ধ হৈ আছে।”

আমি একেখন ফটো ২০১৩ৰ ১৯ জুনত হিন্দুস্তান টাইমচ কাকতত প্ৰচাৰিত এটা বাতৰিটো দেখিলো। ফটোখনৰ
কেপচনত আছিল- “হৃষিকেশৰ গংগা নৈৰ বানপানীৰ মাজত হিন্দুসকলৰ দেবতা শিৱ পানীৰ তলত আধা বুৰ গৈ আছে।”
বাতৰিটোত আছিল- “উত্তৰখণ্ডত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা মুষলধাৰ বৰষুণ আৰু বানৰ ফলত হিন্দুসকলৰ
দেৱতা শিৱৰ অন্যতম উপাসনাস্থল হৃষিকেশত বহু লোকৰ প্ৰাণ নাশ হোৱাৰ লগতে বহু ঠাইত ভূমিস্খলন হৈছে। ই
বৰষুণৰ ফলত হোৱা দুৰ্যোগ।”

২০১৩ৰ ১৯ জুনত প্ৰকাসিত আন এটা বাতৰিত একেখন ফটো দেখা পালো। তাত কোৱা হৈছে- “বছৰে হোৱা বাৰি,াৰ
বৰষুণ এইবাৰ অতি বেছিকৈ অহাত ভাৰতৰ আটাইতকৈ দীঘল নৈ গংগা ওফন্দি উঠিছে, ইয়াৰ ফলত সৃষ্টি হোৱা বানত
বহু ঘৰ, সা-সম্পততিৰ বিস্তৰ ক্ষতি সাধন হৈছে, এতিয়ালৈ ১০০জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।উত্তৰখণ্ডত
এতিয়ালৈ আটাইতকৈ বেছি বৃষ্টিপাত হোৱাৰ ৰেকৰ্ডৰ সৃষ্টি হোৱাৰ লগতে হিমালয়ৰ পাদদেশৰ গাঁওবোৰ বুৰাই
পেলাইছে।”

একে ভিডিও ২০১৩ চনত ইণ্ডিয়া টিভিতো প্ৰচাৰ হৈছে। ভিডিওটোৰ বিৱৰণিত লিখা আছিল- “উত্তৰখণ্ডত বানঃ
হৃষিকেশৰ ভগৱান শিৱ বানত উটি গল। ভগৱান শিৱৰ মূৰ্তিটো ২০ ফুট ওখ। হৃষিকেশ ভাৰতৰ অন্যতম পুন্যস্থান, যত
গংগা মা আৰু ভগৱান শিৱৰ উপাসনা কৰা হয়। গংগাৰ বানে ভগৱান শিৱৰ মূৰ্তি বুৰাই পেলোৱাৰ উপক্ৰম কৰিলে।.”
একে ধৰণৰ বাতৰি ইয়াত পাব।

https://youtu.be/V_wU_7npozI

এই তথ্যই প্ৰমাণ কৰে, ভাইৰেল হোৱা ফটোখন ২০১৩ চনৰ উত্তৰখণ্ডৰ বানৰ, পোষ্টটোত দাবী কৰাৰ দৰে
উত্তৰখণ্ডৰ শেহতীয়া পৰিস্থিতৰ ফটো নহয়।


আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক।