সত্যতা নিৰূপনঃ সম্পাদিত ফটো এখনেই বা-মাৰলী ইয়ান (Ian)ৰ পাছত ফ্লৰিডাৰ ৰাজপথত ছাৰ্ক এটাই সাঁতুৰি থকা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে

0 70

যোৱা ২৮ ছেপ্তেম্বৰত ১৫০ ঘণ্টাত কিঃমিঃ বেগেৰে বোৱা ইয়ান নামৰ বা-মাৰলীয়ে আমেৰিকাৰ ফ্লৰিডা চহৰখন তচনচ কৰি থৈ গল। চহৰখনৰ ২.৪ মিলিয়ন লোক, ব্যৱসায় প্ৰতিষ্ঠানৰ বাবে বন্ধ হৈ পৰিছিল বিজুলী সেৱা। বানে বুৰাই পেলাইছিল গোটেই চহৰখন। মাৰ্কিন ৰাষ্ট্ৰপতি জন বাইডেনৰ মতে এই ঘটনাত কমেও ১০জন লোক নিহত আৰু ফ্লৰিডাৰ ইতিহাসত আটাইতকৈ ভয়ংকৰ বুলি চিহ্নিত হোৱা এই বা-মাৰলীৰ পৰা বহু লোকৰ জীৱন কথমপি ৰক্ষা পৰে।    

এনে সময়তে ৰাজপথত ছাৰ্ক এটাই সাঁতুৰি থকা এখন ফটো সামাজিক মাধ্য়মত ভাইৰেল হৈছে আৰু এই দৃশ্য এয়া বাৃমাৰলীৰ পাছত ফ্লৰিডাৰ ৰাজপথৰ দৃশ্য।

ফেচবুকত শ্বেয়াৰ কৰা ফটোখনৰ কেপচনত আছে-ছাৰ্ক! (ফ্লৰিডাৰ ঘাইপথ)”

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।  

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি ভাইৰেল ফটোখন থকা কেইবাটাও ২০১১ চনৰেই টুইট লাভ কৰিলো। ফটোখন বহুবাৰ প্ৰচাৰ কৰা হৈছে, বিশেষকৈ বা-মাৰলীৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই ই বেছিকে প্ৰচাৰিত হয়। এই ফটোখন প্ৰচাৰ হৈছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ২০১১ৰ আগষ্টত ইৰিনী বা-মাৰলীৰ পাছত। যুক্তৰাষ্ট্ৰৰ পুৱেট্ৰো হৰিকান পথতপাছত নিউজাৰ্ছিত ২০১২ৰ অক্টোৱৰত হোৱা বা-মাৰলীৰ পাছতো ফটোখন ভাইৰেল হৈছিল। পাছত হষ্টন, টেক্সাছতো ২০১৭ চনৰ হাৰ্ভে বা-মাৰলীৰ সময়তো প্ৰচাৰ হৈছিল।     .

আমি ২০১১ৰ ২ ছেপ্তেম্বৰৰ এটা বাতৰিতো এই ফটোখনৰ প্ৰকৃত সত্য ভেদ কৰা দেখা পালো-বাতৰিটোত আছিল-বহুতে যেতিয়া ছাৰ্কটো চিনাকি বুলি অনুমান কৰিলে, তেতিয়াই ইয়াৰ প্ৰকৃত সত্য ওলাই পৰে। ফটোখন প্ৰথম প্ৰকাশ পাইছিল ২০০৩ চনত দক্ষিণ আফ্ৰিকাত। টমাচ পি পিছেকে ফটোখন তুলিছিল। ফটোখনত ফটফটীয়া, নীলা পানীতছাৰ্কটোক দেখা গৈছিল। ফটোখন আন মাধ্যমৰ লগতে আফ্ৰিকা জিওগ্ৰাফিকত প্ৰচাৰ হৈছিল। একাংশই ফটোশ্বপ কৰি পুৱেট্ৰো ৰিকান পথ সংলগ্ন কৰি ভাইৰেল কৰিছিল।” 

আমি  “Thomas P Peschak shark kayak” আৰু “Africa Geographic shark viral,” শব্দকেইটাৰে অনুসন্ধান কৰাত আফ্ৰিকা জিওগ্ৰাফিক আৰু নেচনেল জিওগ্ৰাফিকফটোখন দেখা পালো। 

দক্ষিণ আফ্ৰিকাত  ২০০৩ চনত এই বগা ছাৰ্কটোৰ ফটো সংগ্ৰহ কৰিছিল নেচনেল জিওগ্ৰাফিকৰ ফটোগ্ৰাফাৰ টমাছ পেছাকে ।  বাতৰিটোত প্ৰকাশ কৰা অনুসৰি তেতিয়াৰে পৰাই বিভিন্ন জনে ফটোখন সম্পাদনা কৰি বিভিন্ন তথ্য সন্নিবিষ্ট কৰি বিবিন্ন মাধ্যমত প্ৰচাৰ কৰিছে।

ফটোগ্ৰাফাৰজনৰ  ৱেবছাইট তো তেওঁৰ ফটোখন সম্পাদনা কৰি বিভিন্ন ধৰণে প্ৰচাৰ কৰা সন্দৰ্ভত মন্তব্য কৰিছে।  পেছাকে দাবী কৰিছে যে তেওঁ ১০ মাহতকৈও অধিক কাল বগা ছাৰ্ক সন্দৰ্ভত গবেষণা কৰি আছে, এই প্ৰক্ৰিয়াৰ জৰিয়তেই তেওঁ ভাইৰেল হোৱা ফটোখনো সংগ্ৰহ কৰিছিল।  এই সন্দৰ্ভত পেছাকে লিখিছে- ২০১১ ২১ আগষ্টত কেৰিবিয়ান দ্বীপত ইৰেনে বা-মাৰলী সংঘটিত হৈছিল। মই কিন্তু কোনো পধ্যেই এই দ্বীপ ৰাষ্ট্ৰখন  পুৱেট্ৰো ৰিকোৰ বানে আবৰা পথত ছাৰ্কৰ ফটো সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই। মোৰ ফটোখন যে এনেদৰেও ব্যৱহাৰ কৰা হব সেয়া মই ভাবিও পৰা নাছিলো।  ২৪ আগষ্টত ফটোখন এটা সামাজাকি মাধ্যমৰ সংবাদ ৱেবছাইটত প্ৰচাৰ হৈছিল। তাত এনেভাবে দেখুওৱা হৈছিল যেন ফটোখন বানে বুৰোৱা পথ এটাৰ ওপৰত চলা এখন গাড়ীৰ খিৰিকিৰে তোলা হৈছিল। কাৰ খনৰ পাছতেই মোৰবগা ছাৰ্কটোৱে পুৱেট্ৰো ৰিকো পথৰ ওপৰত সাতুৰি থকা দেখা গৈছিল।  পৰৱৰ্তী সময়ত একেখন ফটো মিয়ামিৰ চেনেল ছেভেনৰ বাতৰিত প্ৰচাৰ হৈছিল।  ফটোখন ভালদৰে পৰীক্ষা কৰিলে এয়া মই তোলা ফটোখনেই। কোনো শিল্পীসুলভ ফটোশ্বপ কৰা ব্যক্তিয়ে চুপাৰ ইম্পোজ কৰি বানে আৱৰা পথত ছাৰ্কটো সংলগ্ন কৰিছে। 

আমি তাৰ পাছত দেখিলো, ২০১২ৰ জুনতো আন এখন ভুৱা ফটোত ছাৰ্কটো সংলগ্ন কৰা হৈছিল।  কেইবাজনো  টুইটাৰ ব্যৱহাৰকাৰীয়ে দুটা ছাৰ্কৰ ফটো প্ৰচাৰ কৰি কুৱেইটৰ এখন শ্বপিং মলত এখন টেংক পৰি যোৱা বুলি প্ৰকাশ কৰিছে।   

 

এনেদৰেই ওপৰৰ তথ্যৰ পৰা স্পষ্ট হয়, সম্পাদিত ফটোখনকেই ফ্লৰিডাৰ বা-মাৰলীৰ সময়ৰ ফটো বুলি ভুৱাকৈ প্ৰচাৰ কৰিছে। সেয়ে ভাইৰেল পোষ্টটোৰ দাবী ভুৱা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।