সত্যতা নিৰূপনঃ আৰক্ষীয়ে প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা এই ভিডিওটোতেলেংগানাৰ, উত্তৰ প্ৰদেশৰ নহয়

0 67

আৰক্ষীয়ে ঘৰৰ পৰা মানুহ টানি টানি উলিয়াই গ্ৰেপ্তাৰ কৰা এটা বিডিও শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এই ভিডিওটো উত্তৰ প্ৰদেশৰ।

ফেচবুকত ভিডিওটোৰ সৈতে কেপচনত লিখা আছে-  “আবেলি ৫ বজাত RSSৰ সমদল ওলাইছিল আৰু সন্ধিয়া ৭ বজাত যোগী চৰকাৰৰ উত্তৰ।” 

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটো পুংখানুপুংখ ভাবে চোৱাত তাৰ তলফালে ছাফাফ বুলি লিখা দেখা পালো। আমি তাৰ ঠিকনাত দেখিলো   ছাফাফ পেকেজড ড্ৰিংকিং ৱাটাৰদোকানখন হায়দৰাহবাদৰ ছালিবান্দত অৱস্থিত। 

দোকানখনৰ সন্মুখৰ  পথৰ দৃশ্য গুগুলত স্পষ্টকৈ দেখা যায়। তলত ভাইৰেল বিডিও আৰু গুগুলৰ পথটোৰ ভিডিওৰ ৰিজনি দিয়া হল। এয়াই স্পষ্ট কৰে যে ভিডিওটো তেলেংগানাৰ।

একেটা বিডিও ২০২২ৰ ২৫ আগষ্টত এটা  ইউটিউব চেনেলত প্ৰচাৰ হৈছিল। তাৰ কেপচনত আছিল-  “আৰক্ষীয়ে ঘৰৰ ভিতৰত সোমাই মানুহক কোবাই কোবাই গ্ৰেপ্তাৰ কৰিছ। ছালিবান্দাত হায়দৰাবাদ আৰক্ষীৰ নৃশংসতা।” 

আৰু অধিক অনুসন্ধানত আমি ছিয়াচট ডেইলীৰ নিজা চেনেলত ২৫ আগষ্টত প্ৰকাশ পোৱা এটা সাক্ষাত্কাৰ  লাভ কৰিলো। তাত সাংবাদিকজনে এগৰাকী মহিলাৰ সৈতে কথা পাতিছিল। মহিলাগৰাকীৰ পুত্ৰকেইজনক তেওঁৰ ঘৰৰ পৰা টানি নি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰকাশ কৰিছে।   

ছিয়াচট ডেইলী ৰ ৱেব ছাইটতো ২৪ আগষ্টত এই ঘটনা সন্দৰ্ভত এটা বাতৰি প্ৰকাশ পাইছিল। বাতৰিটোত উল্লেখ কৰা অনুসৰি-বুধবাৰে আৰক্ষীয়ে ছালিবান্দাৰ বহুকেইটা ঘৰৰ ভিতৰত সোমাই মহম্মদৰ বিৰুদ্ধে অপমানসূচক মন্তব্য দিয়াৰ বাবে অপসাৰিত বিধায়কক জনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বহু লোকক চোচৰাই আনি গ্ৰেপ্তাৰ কৰিছে। দিনটোৰ প্থম ভাগ সময় শান্তিপূৰ্ণ ভাবে পাৰ হৈছিল কিন্তু বিয়লিৰ ভাগত আৰক্ষীয়ে ৫০জন প্ৰতিবাদকাৰীক আটক কৰে।”  

এনেদৰেই ওপৰৰ তথ্যই প্ৰমাণ কৰে যে আৰক্ষীয়ে টানি টানি নি গ্ৰেপ্তাৰ কৰা এই ভিডিওটো তেলেংগানাৰ, উত্তৰ প্ৰদেশ নহয়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।