সত্যতা নিৰূপনঃ সঋষি চুনাংকে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক প্ৰশংসা কৰিছিল নেকি? সত্য জানিবলৈ পঢ়

0 505

যোৱা ২৫ অক্টোৱৰ ২০২২ত ঋষি চুনাংকে ইংলেণ্ডৰ ভাৰতীয় মূলৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। এনে সময়তে ভাৰতৰৰ এখন দৈনিক কাকত দৈনিক জাগৰণত প্ৰকাশ পোৱা এটা গ্ৰাফিক সামাজিক মাধ্যমত প্ৰচাৰ হৈছে। গ্ৰাফিকটোত চুনাংকে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্তৰী মনমোহন সিঙক প্ৰশংসা কৰা বুলি উল্লেখ আছে।

চুনাংকৰ ভাষ্যৰ উদ্ধৃতি দি গ্ৰাফিকটোত লিখা আছে-ভাৰতক সঠিক দিশত আগবঢ়াই নিবলৈ আৰু অধঃগামী অৰ্থনীতি সুস্থিৰ কৰিবলৈ মনমোহন সিঙৰ দৰে প্ৰধানমন্ত্ৰীৰ আৱশ্যকতা আছে- ঋষি চুনাংক। 

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

.

ঋষি চুনাংকে মনমোহন সিঙক প্ৰশংসা কৰা কোনো বাতৰি আমি লাভ নকৰিলো। ঋষি চুনাংকৰ কোনো টুইটো লাভ নকৰিলো। 

দৈনিক ভাস্কৰৰ মূল টুইটটো ২০২২ৰ ২৬ অক্টোৱৰত প্ৰকাশ পাইছিল, এইটোৰ সৈতে ভাইৰেল হোৱা টুইটটোৰ স্ক্ৰীণশ্বটৰ সাদৃস্য আছে।

মূল টুইটটোত ঋষি চুনাংক আৰু মনমোহন সিঙৰ ফটো সন্নিবিষ্ট আছে, তাত লিখা আছে-ছিদাম্বৰম-থাৰুৰে ভাৰতত সংখ্যালঘু লোকক প্ৰধানমন্ত্ৰীৰ পদ দিয়াৰ পোষকতা কৰিছেঃ ভাৰতীয় জনতা পাৰ্টীয়ে কয়, তেওঁলোকে মনমোহন সিঙক পাহৰিলে।” 

টুইটটোত এই  বাতৰি টোৰ এটা লিংকো আছে, ইয়াত আছে চুনাংক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত কংগ্ৰেছ ভাৰততো সংখ্যালঘু সম্প্ৰদায়ৰ লোকক প্ৰধানমন্ত্ৰী পতাৰ পোষকতা কৰিছে।

এই তথ্যবোৰৰ দ্বাৰাই স্পষ্ট হয়, ভাইৰেল পোষ্টটো সম্পাদিত।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।