সত্যতা নিৰূপনঃ ভুৱা ভাষ্যকেই এলন মাস্কে টুইটাৰৰ স্বত্ব গ্ৰহণ কৰাৰ পাছত ট্ৰাম্পে অভিনন্দন জনোৱা বুলি দাবী কৰি ভাইৰেল হৈছে

0 503

মাৰ্কিন যুক্টৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এটা ভাষ্য শেহতীয়াকৈ সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। দাবী কৰা হৈছে, এই ভাষ্যটোত এলন মাস্কে টুইটাৰৰ স্বত্ব লাভ কৰাৰ পাছত ট্ৰাম্পে তেওঁক অভিনন্দন জনাইছে।

এই ভাষ্যটো ২৭ অক্টোৱৰ ২০২২ত ছেভ আমেৰিকাৰ লেটাৰ হেডত লিখিত ৰূপত প্ৰকাশ হৈছেল।তাত লিখা আছে-টুইটাৰ ক্ৰয় কৰাৰ বাবে এলন মাস্কলৈ অভিনন্দ। বহু লোকে কয়, পৰিবৰ্তন আৱশ্যকীয়, আনকি পুৰণি ব্যৱস্থাপকসকলেও নতুন এজেণ্ডা বিচাৰে। মোক কোৱা হৈছে যে মোৰ একাউণ্টটো অহা সোমবাৰে এক্টিভেট অৰ্থাত্ কাৰ্যক্ষম হব- আমি অপেক্ষা কৰিম। এগৰাকী আফ্ৰিকীয়-মাৰ্কিনৰ নিজা ব্যৱসায়ত এই উত্থান দেখি ভাল লাগিছে!”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

আমি ডনাল্ড ট্ৰাম্পৰ নিজা  ৱেবছাইট টো চালো, কিন্তু এনে ধৰণৰ কোনো তথ্য দেখা নাপালো।

ট্ৰাম্পে এলন মাস্কক টুইটাৰ ক্ৰয় কৰাৰ বাবে অভিনন্দন জনোৱাৰ  বাতৰি তেওঁৰ সামাজিক মাধ্যম একাউণ্টত ট্ৰুথত দেখিলো। Truth Social  ল ট্ৰাম্পৰ মিডিয়া এণ্ড টেকনজী গ্ৰুপে চলোৱা টুইটাৰসদৃস এখন মঞ্চ।ট্ৰাম্পে তেওঁৰ বাৰ্তাত লিখিছে- এতিয়াৰে পৰা টুইটাৰ শুদ্ধ বা প্ৰকৃতজনৰ হাতলৈ গৈছে আৰু আমাৰ দেশক হিংসা কৰা বাওপন্থী চিন্তাৰ উন্মাদ লোকৰ অধীনৰ পৰা মুক্ত হল।” 

সংবাদ প্ৰতিষ্ঠান ANI ৰ এটা টুইটত কোৱা হৈছে যে এই টুইটটো সত্য নহয়। টুইটটোত উল্লেখ আছে-সেই বিশেষ টুইটটো উঠাই দিয়া হৈছে। ডনাল্ড ট্ৰাম্পৰ তৰফৰ পৰা এলন মাস্কে টুইটাৰৰ স্বত্ব গ্ৰহণ কৰাৰ সন্দৰ্ভত তেনে কোনো টুইট প্ৰচাৰ কৰা হোৱা নাছিল। এই তথ্য ভুৱা, ইয়াৰ বাবে দুখিতঃ।” 

ইয়াৰ পূৰ্বেও নিউজ মোবাইলে ডোনাল্ড ট্ৰাম্পৰ নামত এটা ভুৱা একাউণ্টৰ পৰা প্ৰচাৰ কৰা টুইটৰ সত্যতা নিৰূপণ কৰি এয়াক ভুৱা বুলি প্ৰতিপন্ন কৰিছিল।

Fact Check: Tweet From Parody Account Viral As Actual One From Donald Trump’s Restored Twitter Handle

সেয়ে এইবোৰ তথ্যৰ পৰা ডোনাল্ড ট্ৰাম্পে প্ৰকাশ কৰা বুলি উল্লেখ কৰা এই ভাষ্যটো ভুৱা বুলি স্পষ্ট হল।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।