সত্যতা নিৰূপনঃ মালয়েছিয়াৰ বিস্ববিদ্যালয়ৰ ফটো অলপতে মুকলি কৰা বিলাসপুৰৰ এইমছ (AIMS)ৰ বুলি প্ৰচাৰ কৰা হৈছে

0 65

হিমাচল প্ৰদেশৰ বিলাসপুৰত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (AIIMS) মুকলি কৰাৰ কেইদিনমান পাছতেই সদ্য মুকলি হোৱা AIIMSৰ বুলি দাবী কৰা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। 

ফটোখনৰ সৈতে লিখা আছে-নহয়, এয়া ইটালী বা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নহয়,এয়া হিমাচল প্ৰদেশৰ বিলাসপুৰৰ ভাৰতৰ সৰ্বোত্কৃষ্ট স্বাস্য্য প্ৰতিষ্ঠান AIIMSৰ ফটো।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ফটোখন সুক্ষ্মভাবে পৰীক্ষা কৰাত ঘৰটোৰ সন্মুখ ভাগত ‘XMUM’ বুলি সংক্ষেপতে লিখা দেখা পালো।

ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি  জিয়ামেন বিশ্ববিদ্যালয় মালয়েছিয়া ( Xiamen University Malaysia)ৰ ৱেবছাইটৰ প্ৰচাৰ পত্ৰত একেখন  ফটো দেখিলো।

চাইনিজ পাবলিক ইউনিভাৰ্ছিটিয়ে ২০১৬ চনত প্ৰতিষ্ঠা কৰা জিয়ামেন বিশ্ববিদ্যালয় এই ব্যক্তিগত শিক্ষানুষ্ঠানখন মালয়েছিয়াত অবস্থিত।  

বিলাসপুৰ এইমছ ( AIIMS)ৰ ফটো ইয়াত, আছে, এইখনৰ ভাইৰেল ফটোখনৰ সৈতে কতোৱেই মিল নাই। 

ওপৰৰ তথ্যই প্ৰমাণ কৰে যে ভাইৰেল ফটোখন বিলাসপুৰ এইমছৰ নহয়, সেয়ে পোষ্টটোৰ দাবী বিভ্ৰান্তিকৰ।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।