সত্যতা নিৰূপনঃ কাটাৰ চৰকাৰে ২০২২ ফিফা বিশ্বকাপ সন্দৰ্ভত নিৰ্দেশনাৱলী প্ৰকাশ কৰা দাবী ভুৱা

0 70

কাটাৰত ২০ নৱেম্বৰ ২০২২ৰ পৰা ফিফা বিশ্বকাপ আৰম্ভ হব।  আৰবীয় দেশত এয়াই প্ৰথম বাৰলৈ ফুটবলৰ বিশ্বকাপৰ আয়োজন। যি সময়ত অনুৰাগীসকলে এই বৃহত্ খেল মহোত্সব উপভোগ কৰিবলৈ সাজু হৈছে, সেই সময়তে ফুটবল খেল উপভোগৰ বাবে দেশখনলৈ যোৱা বিদেশী দৰ্শকসকলৰ বাবে কেতবোৰ কৰণীয় আৰু অকৰণীয় নিৰ্দেশনাৰ এখন তালিকা সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহু সমাজাকি মাধ্যম ব্যৱহাৰকাৰীয়ে উল্লেখ কৰিছে য়ে এই নিয়ম ভংগ কৰিলে ভোগ কৰিব লাগিব কঠোৰ শাস্তি।

ইংৰাজী আৰু আৰবী ভাষাত লিখা পোষ্টাৰখনত কেতবোৰ বিশেষ কাৰ্য (সুৰাপান, সমকামিতা, গালিগালাজ কৰা, অভদ্ৰ আচকৰণ কৰা, উচ্চ স্তৰত গান শুনা, ধৰ্মীয় অনুষ্ঠানলৈ অসন্মান কৰা, অমুমতি নোহোৱাকৈ আনৰ ফটো লোৱা ইত্যাদি)শাস্তিৰ যোগ্য অপৰাধ বুলি উল্লেখ কৰা আছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল ফটোখন পোষ্ট  কৰি কেপচনত লিখিছে-  বিশ্বকাপ চাবলৈ কাটাৰলৈ যাব নেকি? তাৰ আগতে জানি লওক কি কি কৰিব পাৰিব কি কি কৰিব নোৱাৰিব, অন্যথা চিধাই পাবগৈ কাৰাগাৰl!

ফটোখন আপুনি ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ভাইৰেল ফটোখন ভালদৰে চোৱাত আমি ফটোখনৰ তলৰ বাওফালে  #Reflect_Your_Respect বুলি লিখা দেখিলো। ইণ্টাৰনেটত ইয়াৰ অনুসন্ধান কৰাত আমি أظهر احترامك  নামৰ এটা টুইটাৰ একাউণ্ট পালো, ইয়াৰ ইংৰাজী অৰ্থ আপুনি সন্মান প্ৰদৰ্শন কৰক। ইয়াৰ প্ৰফাইল ফটোখনৰ সৈতে পোষ্টাৰখনত ব্যৱহৃত লটোৰ মিল আছে। ফটোখনৰ সবিশেষত আছে- আমি ইছলামীয় মূল্যবোধ আৰু নীতিৰ বিশ্বাসী আৰু কাটাৰৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধ। প্ৰফাইলটোত আৰু অধিক অনুসন্ধান কৰাত আমি ২০২২ৰ ১ অক্টোবৰত প্ৰচাৰিত এটা টুইটত ভাইৰেল ফটোখন দেখা পাও।   

আমি জানো যে  Reflect your respect হল কাটাৰৰ মহিলা সংগঠন এটাই সামাজিক, সাংস্কৃতিক মূল্যবোধ সল্দৰ্ভত প্ৰচাৰ চলোৱা অভিযান।   

ইয়াৰ লগতে কাটাৰ চৰকাৰৰ সাংস্কৃতিক সজাগতা (cultural awareness) বিভাগৰ অন্তৰ্গত ৱেবছাইটত সুৰাপান, পিডিএ (PDA), ফটোগ্ৰাফী আৰু চৰকাৰে আগবঢ়োৱা সেৱাসমূহৰ সন্দৰ্ভত কেতবোৰ নিৰ্দেশনাৱলী প্ৰকাশ কৰা হৈছিল। কিন্তু কতোৱেই এনেবোৰ কাৰ্য দেশখনত অবৈধ বুলি কোৱা হোৱা নাই। এই নিৰ্দেশনাৱলী ভাইৰেল হোৱা নিৰ্দেশনাৱলীৰ সৈতে সম্পূৰ্ণ পৃথক।

কাটাৰ বিশ্বকাপ ২০২২ৰ বিভাগীয় টুইটাৰ @Roadto2022en ত ২০২২ৰ ৬ অক্টোবৰত প্ৰচাৰিত এটা টুইটত, ভাইৰেল ফটোখন সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে কৰ্তৃপক্ষৰ ফালৰ পৰা তেনেধৰণৰ কোনো নিৰ্দেশনাৱলী প্ৰকাশ কৰা নাই।

pic.twitter.com/yx2SJ9pnbt

ড টু  ২০২২ (@roadto2022en) October 6, 2022

সেয়ে সামৰণিত কব পাৰি যে কাটাৰ চৰকাৰে ২০২২ৰ ফিফা বিশ্বকাপৰ বাবে বহিঃৰাষ্ট্ৰৰ দৰ্শকৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ দাবী বিভ্ৰান্তিকৰ, ভুৱা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।