সত্যতা নিৰূপনঃ একাংশ যুবতীয়ে হতাহতি কৰি থকা এই ভাইৰেল ভিডিওটো ঝাৰখণ্ডৰ, দিল্লীৰ নহয়

0 73

একাংশ যুবতীয়ে মাৰপিট কৰি থকা এটা ভিডিও সামাজিক মাধ্যমত বহুল ভাবে প্ৰচাৰ হৈছে। দাবী কৰা হৈছে যে দিল্লীত অনুষ্ঠিত মেলাত এই ঘটনা সংঘটিত হৈছিল।

ভিডিওটোৰ সৈতে কেপচনত লিখা আছে-দিল্লীৰ মেলাত দুদল ছোৱালীৰ মাজত দুৰ্বাদল হতাহতি।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।  

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ইনভিড টুলৰ সহায়ত ভিডিওটোৰ কী প্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ইটিভি ভাৰতত ২০২২ৰ ৩১ জুলাইত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো।  বাতৰিটোত প্ৰকাশ পোৱা দুগৰাকী যুবতীয়ে পালামুৰ ডিজনিলেণ্ড ফেয়াৰ (মেলা)ত বোকাৰ ওপৰতে হতাহতিত লিপ্ত হয়।  প্ৰথমে বহু পৰলৈ চলা কথা কটা-কটি পাছলৈ হতাহতিলৈ পৰিণত হয়, পাছত যুবতী দুগৰাকীৰ বান্ধবীসকলেও এই কাজিয়াত লিপ্ত হয়।  এই ঘটনাৰ ভিডিও সম্প্ৰতি সামাজিক মাদ্যমত ভাইৰেল হৈছে। ” 

২০২২ৰ ৩১ জুলাইত একেটা ঘটনাৰ আন এটা বাতৰি প্ৰকাশ পাইছিল।   

আমি ডিজনী লেণ্ড ফেয়াৰ ২০২২   ইউটিউব ভিডিও লাভ কৰিলো, যত এই মেলা শাওন মাহত পালামুত অনুষ্ঠিত হোৱা বুলি উল্লেখ আছিল।  এই ভিডিওটোৰ দৃশ্যবোৰ ভাইৰেল ভিডিওটোত থকা দৃশ্যৰ সৈতে মিল আছে।  ইয়েই স্পষ্ট কৰে যে ভিডিওটো ঝাৰখণ্ডৰ ডিজনী লেম্ড পেয়াৰৰ।

ওপৰৰ তথ্যই প্ৰমাণ কৰে যে এই ভিডিওটো ঝাৰখণ্ডৰ পাতামহৰ। সেয়ে ভাইৰেল ভিডিওটোৰ সৈতে কৰা দাবী ভুৱা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।