সত্যতা নিৰূপনঃ ইংলেণ্ডৰ চুপাৰ মাৰ্কেটত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাক সাম্প্ৰদায়িক ৰহণ সানি প্ৰচাৰ কৰা হৈছে

0 211

দুটা দলৰ মাজত সংঘৰ্ষৰ পাছত এটা অট্টালিকাত অগ্নিকাম্ড সংঘটিত হোৱাৰ ভিডিও এটা সামাজিক মাদ্যমত বহল ভাবে প্ৰচাৰ হৈছে। দাবী কৰা হৈছে যে এয়া নৱৰাত্ৰিৰ সময়ত হিন্দু মন্দিৰ এটাত মুছলমান লোকে আক্ৰমণ কৰা ঘটনাৰ দৃশ্য।

ফেচবুকত প্ৰচাৰ কৰা ভিডিওটোৰ সৈতে কেপচনত লিখিছে- , “নৱৰাত্ৰিৰ সময়ত বাৰ্মিহামৰ মন্দিৰ এটাত অগ্নি সংযোগ কৰা হৈছে। হিন্দুসকলক মাৰধৰ কৰা হৈছে। হিন্দুক সুৰক্ষা দিয়াত ইংলেণ্ডৰ আৰক্ষী বিফল হৈছে।”

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটো ভালদৰে নিৰীক্ষণ কৰাত আমি দুখন বৰ্ডত  “চুপাৰ মাৰ্কেট” আৰু  “এছ এম ভেইপছ”বুলি লিখা দেখিলো।  পাছত আমি গুগল মেপত অনুসন্ধান কৰাত বাৰ্মিংহামত একেইকেইখন দোকান দেখা পালো।

আমি  “Zeenat supermarket Birmingham fire” শব্দকেইটা ব্যৱহাৰ কৰি গুগলত অনুসন্ধান কৰাত ব্ৰিটিছ ব্ৰডকাষ্টিং কোম্পানী (BBC)য়ে ২০২২ৰ ২০ ছেপ্তেম্বৰত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো। এই বাতৰিটোত ১৯ ছেপ্তেম্বৰত অদ্নিকাণ্ড সংঘটিত হোৱা বুলি প্ৰকাশ পাইছিল, লগতে উল্লেখ আছিল যে ১২খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ব্যৱহৃত হৈছিল। 

আৰু অধিক অনুসন্ধান কৰাত আমি  ডেইলি মেইল’ৰ ৱেবছাইটত ২০ ছেপ্তেম্বৰত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো।

তাত উল্লেখ কৰা অনুসৰি অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জুই নুমিৱাবলৈ চেষ্টা কৰি থকাৰ সময়ত কাজিয়াৰ সূত্ৰপাত হৈছেল। অনুসন্ধানকাৰীসকলৰ এই বুলিয়েই সন্তুষ্ট আছিল যে “ ৱেষ্ট মডলেণ্ডছ ফায়াৰ ছাৰ্ভচৰ মতেএই জুই দুৰ্ঘটনাবশতঃহে সংঘটিত হৈছিল।

সম্প্ৰতি ডিলিট কৰা এটা টুইট ৰ প্ৰত্যুত্তৰত ৱেষ্ট মিডলেণ্ড আৰক্ষীয়েও স্পষ্ট কৰি দিয়ে যে  “এই ভিডিওটো বাৰ্মিংহামৰ চুপাৰ মাৰ্কেটৰ। ১৯ ছেপ্তেম্বৰত অট্টালিকাটোত থকা জাবৰৰ দমত দুৰ্ঘটনাক্ৰমে অগ্নি সংযোগ ঘটাত এই ঘটনাৰ সূত্ৰপাত ঘটে।” 

আৰক্ষীয়েও স্পষ্ট কৰিছে যে কাজিয়াৰ ঘটনাটো কেৱল মাত্ৰ কেইখনমান গাড়ীৰ পাৰ্কিঙক লৈ সৃষ্টি হোৱা  মতবিৰোধৰ বাবেহে সংঘটিত হৈছিল।

এনেদৰেই ওপৰৰ তথ্যসমূহে স্পষ্ট কৰি দিয়ে যে ভিডিওটো মিছাকৈ ইংলেণ্ডৰ বাৰ্মিংহামৰ মন্দিৰত নৱৰাত্ৰিৰ সময়ত হিন্দু মন্দিমুছলমান দুষ্কৃতিকাৰীৰ আক্ৰমণৰ দৃশ্য বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।