সত্যতা নিৰূপনঃ উত্তৰ প্ৰদেশৰ গীৰ্জাত দেওবৰীয়া প্ৰাৰ্থণা সভাত জমা হোৱা অনুদানৰ ধনত ৬% জিএছটি ধাৰ্য কৰা বুলি প্ৰচাৰ হোৱা বাতৰিৰ ক্লিপিংটো সম্পাদিত, বিভ্ৰান্তিকৰ আৰু ভুৱা

0 225

উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে ৰাজ্যখনত গীৰ্জাঘৰৰ দেওবৰীয়া প্ৰাৰ্থণা সভাত জমা হোৱা অনুদানত ৬% জিএছটি ধাৰ্য কৰা বুলি প্ৰকাশিত এটা বাতৰিৰ কটা অংশ সামাজডিক মাধ্যমত ভাইৰেল হৈছে।

ফেচবুকত পেপাৰকাটৰ ফটোৰ সৈতে কেপচনত লিখিছে  “এয়াই প্ৰমাণ, চৰকাৰখন কেনে ৰুগীয়া… মন্দিৰৰ অনুদানত কিয় নাই।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।  

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ফটোখন ৰিভৰা্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২-১৮ৰ ৮ জুনৰ এটা ফেচবুক পোষ্ট লাভ কৰিলো। এই পোষ্টটোত ভাইৰেল ফটোখন প্ৰচাৰ কৰা হৈছে, পেপাৰকাটৰ ওপৰত দ্য টাইমছ অৱ ইণ্ডিয়া লিখা সকলোৱে দেখিব পাৰিব। 

ভালদৰে ফটোখন লক্ষ্য কৰাত ভাইৰেল বাতৰিটোৰ শিৰোনাম আৰু অইন বাতৰিৰ শিৰনামত কেইবাটাও প্ৰাৰ্থক্য দেখা পালো। ভাইৰেল শিৰোনামটোৰ শেষত ফুলষ্টপ থকাৰ বিপৰীতে অইন শিৰনামত নাছিল, আখৰৰ ফণ্টৰ ক্ষেত্ৰতো প্ৰাৰ্থক্য স্পষ্ট।

 “Friends, kin behind 97% kidnaps” — এই শব্দ কেইটা ব্যৱহাৰ কৰি ইণ্টাৰনেটত অনুসন্ধান কৰাত আমি দ্য টাইমছ অৱ ইণ্ডিয়াৰ ২০১০ৰ ১১ জানুৱাৰীৰ সংখ্যাত একেটা  বাতৰি প্ৰকাশ হোৱা দেখিলো।

TOI ৰ অনলাইন আৰ্কাইভ ১০ আৰু ১১ জানুৱাৰী, ২০১০ৰ সংখ্যা বিচৰাত আমি জনপ্ৰিয় ফটোৰ বাতৰিটো দেখিলো। কিন্তু জিএছটি ২০১৭ আগতে প্ৰচলন হোৱা নাছিল।

একেখন ভাইৰেল ফটো ২০১৮ৰ ৮জুনত প্ৰচাৰিত এটা  ফেচবুক পোষ্টতো দেখা গৈছিল। তাত লিখা আছিল-এই নিৰ্দিষ্ট শিৰোনামটোত উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে ৰাজ্যখনৰ গীৰ্জাঘৰৰ দেওবৰীয়া প্ৰাৰ্থণা সভাত জমা হোৱা অনুদানত ৬% জিএছটি ধাৰ্য কৰা বুলি প্ৰকাশ হৈছে আৰু বহু সময় ধৰি পোষ্টটো প্ৰচলিত হৈ আছে। প্ৰকৃততে ফটোখন মৰ্ফ কৰা।মই বিজেপিক যিমানেই বেয়া নাপাও কিয় ভুল তথ্য এটাক সমৰ্থন কৰিব নোৱাৰো। ইয়াৰ প্ৰচলন বন্ধ কৰক।” 

তলত ভাইৰেল ফটোখন আৰু ২০১৮ত ফেচবুকত পোষ্ট কৰা মূল ফটোখনৰ ৰিজনি দিয়া হল।

এই প্ৰমাণবোৰৰ পৰাই স্পষ্ট হয়, বাতৰি কাকতৰ ভাইৰেল ক্লিপটো সম্পাদিত।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।