সত্যতা নিৰূপনঃ ইটালিৰ নৱবৰ্ষ উদযাপনৰ দৃশ্য দিল্লীৰ দীপাৱলীৰ দৃশ্য বুলি ভুৱাকৈ প্ৰচাৰ হৈছে

0 232

নিশাৰ আকাশত আতচবাজিৰ আটকধুনীয়া ভিডিও এটা দিল্লীৰ দীপাৱলীৰ ভিডিও বুলি সামাজিক মাধ্যমত প্ৰচাৰ হৈছে। বৰ্ধিত বায়ু প্ৰদুষণৰ বাবে উচ্চতম ন্যায়ালয়ে ২০২৩ৰ ১ জানুৱাৰীলৈ দিল্লীত কোনো ধৰণৰ আতচবাজি নজ্বলাবলৈ নিৰ্দেশনা দিয়াৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশনা যে ভংগ কৰা হৈছে সেয়া প্ৰতিপন্ন কৰাৰ মানসেৰে ভিডিওটো প্ৰচাৰ কৰা হৈছে।

ফেচবুকত ভিডিওটোৰ সৈতে কেপচনত আছিল-  “দেৱালীৰ শুভেচ্ছা মহামহিম (MiLords) খুউব সুন্দৰ দিল্লী

ওপৰৰ পোষ্ট টোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ইনভিড টুলৰ সহায়ত ভিডিওৰ কী ফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিলো। অনুসন্ধানত আমি এটা বিভাগীয় টুইটাৰ হেণ্ডেলত ২০২২ৰ ৩ জানুৱাৰীত প্ৰচাৰিত এটা টুইটত একেটা ভিডিও দেখা গল। তাৰ কেপচনত আছে- ইটালিৰ নেপলৰ মেয়ৰে কোভিড সংক্ৰমণ চলি থকাৰ বাবে নৱবৰ্যৰ সন্ধ্যাত আতচবাজি জ্বলোৱাত নিষেধাজ্ঞা দিছিল।কিন্তু নেপলবাসীয়ে ইয়াৰ কোনো কথাই নামানিলে, নৱবৰ্ষৰ সন্ধিয়া ইটালিৰ আকাশত আতচবাজীৰ চমক চাওক।

একেটা ভিডিওৰ সংক্ষিপ্তকৰণ এটা চেনেলৰ  ইউটিউবতো ২০২২ৰ ৪ জানুৱাৰীত প্ৰচাৰ হৈছিল। তাৰ শিৰোনামত আছে-চাওকঃ ইটালীৰ নেপলছত জনসাধাৰণে কোভিডৰ পৰিপ্ৰেক্ষিতত আতচবাজি জ্বলোৱাত নিষেধাজ্ঞা দিয়াৰ পাছতো তেওঁৰ আদেশ সম্পূৰ্ণকৈ অমান্য কৰিলে।” 

ৰাপলীয়ে দাবী কৰা অনুসৰি নিষিদ্ধ কৰাৰ পাছতো নৱবৰ্ষৰ সন্ধিয়া নেপলছৰ আকাশত আতচবাজিৰ চমক দেখা গল।

দ্য টাইমছ অৱ ইণ্ডিয়াই  বাতৰি প্ৰচাৰ কৰি  লিখিছে, নিষিদ্ধকৰণৰ পৰিপ্ৰেক্ষিতত দিল্লীবাসীয়ে আতচবাজি নজ্বলোৱাকৈ থাকিল।

এনেদৰেই ওপৰৰ তথ্যৰ পৰা স্পষ্ট হয়, ভাইৰেল ভিডিওটো দিল্লীৰ দেৱালীৰ ভিডিও নহয়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।