সত্যতা নিৰূপণ: BPSC শিক্ষক নিযুক্তি: এগৰাকী প্ৰাৰ্থীৰ শপতনামা থকা ষ্টাম্প পেপাৰৰ ভাইৰেল পোষ্টটো ভুৱা

0 624

যোৱা মাহত  চলি থকা প্ৰতিবাদৰ সময়ত বিহাৰ লোক সেৱা আয়োগে শিক্ষক নিযুক্তিৰ ২য় পৰ্যায়ৰ তালিকাখন প্ৰকাশ নকৰাক লৈ বিহাৰ চৰকাৰক সমালোচনা কৰা হৈছিল। উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে জানুৱাৰী ঘোষণা কৰাৰ পাছতো শিক্ষাৰ্থীসকলে সামাজিক মাধ্যমত কটু সমালোচনা কৰিছে। এনে সময়তে এটা বিশেষ পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈছে। পোষ্টটোত এখন শপতনামা দেখা গৈছে, যত শিক্ষক নিযুক্তিৰ তালিকা প্ৰকাশ নকৰিলে পোষ্ট দিউতাৰ লগতে তেওঁৰ পৰিয়ালৰ প্ৰতিজন সদস্যই NOTAত ভোটদান কৰিব বুলি শপত লৈছে। তাত নামৰ সলনি বিকাশ কুমাৰলিখা এখন পাছপৰ্ট ফটো দেখা গৈছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে পোষ্টটোৰ সৈতে কেপচনত লিখিছে  “শিক্ষক নিুক্তিৰ ক্ষেত্ৰত BPSC য়ে SUPPLEMENTARY RESULT ফলাফল ঘোষণা নকৰাৰ বাবে এগৰাকী প্ৰাৰ্থীয়ে বৰ্তমানৰ চৰকাৰক ভোট নিদিয়ে বুলি শপত লৈছে।

ওপৰৰ পোষ্টটো  ইয়াত. পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

নথিখন ভালদৰে লক্ষ্য কৰাত নিউজ মোবাইলৰ দলে ষ্টাম্প পেপাৰখনত থাকিবলগীয়া বিসেষ ক্ৰমিক নম্বৰটো দেখা নাপালে। প্ৰতিখন ষ্টাম্প পেপাৰত এই ক্ৰমিক নম্বৰ থকাটো জৰুৰী। পাছত ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি বিখ্যাত ইউটিউবাৰ ৱাছিম আহমেদে ২০২১ৰ ৯ জুনত ইনষ্টাগ্ৰামত দিয়া পোষ্টত একেখন ফটো দেখা পালো। তাৰ কেপচনত আছে : “পাছপৰ্ট জোখৰ ফটো 😂 #round2hell #wasimahmadofficial.”

এডুকেচন অৱ বিহাৰ নামৰ এটা টুইটাৰ একাউণ্টতো ফটোখন দেখা পালো। ফটোখন ২০২২ৰ ১৬ ফেব্ৰুৱাৰীত আপলোড কৰা হৈছিল। তাৰ কেপচনত আছে: শিক্ষক নিুক্তিৰ নিৰ্বাচিত প্ৰাৰ্থীসকলৰ শপতনামা আৰু স্বাস্থ্য প্ৰমাণপত্ৰ দেখাত এনেকুবা হব। ২৩ ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচিত প্ৰাৰ্থীসকলে এই নথিসমূহ লাভ কৰিব।  #নিুযুক্তি_পত্ৰ”. ইয়াৰ পৰাই স্পষ্ট হয়, ষ্টাম্প পেপাৰত থকা মূল তথ্যসমূহ মচি পেলোৱা হৈছে আৰু তাৰ ঠাইত ভোট বৰ্জনৰ কথা খিনি ভৰাই দিয়া হৈছে।সম্পাদনা কৰিব পৰা ব্যৱস্থাৰে ষ্টাম্প পেপাৰখন সজোৱা হৈছে বুলিও স্পষ্ট হয়।

ইয়াৰোপৰি, নটাৰীৰ মোহৰটোও তাত নাছিল। ভালদৰে চোৱাত দেখা গল, ষ্টাম্প পেপাৰখনত দিয়া ঘোষণো পত্ৰখনত থকা চহীও নটাৰীৰ দ্বাৰা এটাষ্ট কৰা হোৱা নাছিল। সেয়ে মূল ফটোখন ক্ৰপ কৰা বুলিও ইয়াত স্পষ্ট হয়।

ইণ্টাৰনেটত উপলব্ধ ফটো ফৰেন্সিক — নামৰ এপটো ব্যৱহাৰ কৰি আমি ফটোখনৰ এৰৰ লেভেল এনালাইছিচ  (Error Level Analysis (ELA) কৰিলো। ইয়াৰ জৰিয়তে আমি ফটোখন বগা ৰঙৰ সহায়েৰে সম্পাদনা কৰা বুলিও জানিব পাৰিলো।

এই পৰ্যৱেক্ষণে স্পষ্ট কৰে যে বেলেগকৈ সম্পাদনা কৰা লিখনি ষ্টাম্প পেপাৰত লগোৱা হৈছিল।

এই তথ্যসমূহেই প্ৰমাণ দিয়ে এজন প্ৰাৰ্থীয়ে ভোট বৰ্জনৰ শপত লোৱা পোষ্টটোৰ সকলো কথাই ভুৱা, ইয়াক সম্পাদনা কৰি পোষ্ট কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচৰা হৈছে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest News updates and viral videos on our AI-powered smart news