সত্যতা নিৰূপণ:  ৰোগী এজনৰ ওপৰত এটা পাৰ বহি থকা পুৰণি ফটো এখনকেই ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে

0 261

এগৰাকী ৰোগীৰ ওপৰত এটা পাৰ চৰাই বহি থকা এখন ফটো সামজিক মাধ্যমত ভাইৰেল হৈছে। কোবা হৈছে যে ফটোখন এগৰাকী নাৰ্ছে তুলিছিল, বয়োজ্যেষ্ঠ ৰোগীজনক চাবলৈ কোনো লোক যোৱা নাই যদিও এই পাৰজনীয়ে নিয়মীয়াকৈ তেওঁৰ খবৰ ল’বলৈ আহি আছে।

এটা ফেছবুক পোষ্টো লিখা আছে: এই ফটোখন লোৱা নাৰ্ছগৰাকীয়ে জনাইছে যে যোৱা তিনি দিন ধৰি এই বয়োজ্যেষ্ঠ ৰোগীজন হাস্পতালতেই আছে, কিন্তু তেওঁৰ খবৰ লবলৈ পৰিয়ালৰ কোনো অহা নাই। কিন্তু যোৱা দুদিন ধৰি এই পাৰজনীয়ে তেওঁৰ ওচৰলৈ আহি তেওঁৰ বিচনাত অলপ সময় বহি পাছত উৰি গুছি যায়। জানিবলৈ পোৱা মতে, হাস্পতালৰ ওচৰৰে পাৰ্ক এখনৰ চকীত বহি বয়োজ্যেষ্ঠলোকজনে পাৰক দানা খুৱাইছিল। তাৰেই প্ৰতিদান স্বৰূপে এতিয়া পাৰজনীয়ে মানুহজনৰ খবৰ ল’বলৈ আহি আছে।

ওপৰৰ পোষ্ট (আৰ্কাইভ)টোৰ লিংক ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ফটোখন We put ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত একেখন ফটো ২০১৩ৰ ১৯ অক্টোবৰত লন্নিছ প্ৰটোনটাৰিওছৰ দ্বাৰা  আপলোড কৰা দেখিলো।

প্ৰটনটাৰিওছে  মূল বাতৰি সন্দৰ্ভত কয়, তেওঁ এগৰাকী ফটোগ্ৰাফাৰ আৰু গ্ৰীছৰ এথেনছৰ এখন হাস্পতালৰ হৃদৰোগ বিভাগৰ ৱাৰ্ডৰ পৰা ফটোখন তুলিছিল।   .

“সেয়ে, যেতিয়া মই যেতিয়া পাৰজনীক ৰোগীগৰাকীৰ বিচনাত বহি থকা দেখিছিলো মোৰ মনলৈ এটা প্ৰশ্নই আহিছিল “পাৰজনী উৰি যোৱাৰ আগেয়ে এখন ফটো তুলিৱলৈ মোৰ সময় আছেনে” তেওঁ কৈছিল।

ওপৰৰ তথ্যই প্ৰমাণ কৰে, ভাইৰেল পোষ্টটোত কৰা দাবী ভুৱা আছিল।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799