সত্যতা নিৰূপণ: ব্ৰীকছ (BRICS) সন্মিলনে মাৰ্কিন ডলাৰৰ প্ৰতিদ্বন্দী হিচাপে নতুন মুদ্ৰা প্ৰচলন কৰা নাই 

0 304

শেহতীয়া ব্ৰীকছ (BRICS) সন্মিলনৰ পাছত সম্প্ৰতি সামাজিক মাধ্যমত এবিধ বিসেষ মুদ্ৰাৰ ফটো প্ৰচাৰ হৈছে। দাবী কৰা হৈছে যে মাৰ্কিন ডলাৰৰ প্ৰতিদ্বন্দী হিচাপে এই মুদ্ৰাক “BRICS currency বা ব্ৰীকছ মুদ্ৰা” হিচাপে প্ৰচলন কৰা হৈছে।

পোষ্টটোত লিখা আছে: “ব্ৰীকছে (BRICS) ডলাৰৰ সলনি ব্যৱহাৰ কৰিৱ পৰাকৈ এবিধ নতুন মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰিছে। চীন আৰু ৰাছিয়াই আমেৰিকাক প্ৰতিহত কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ”

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব। আৰু অধিক পোষ্ট ইয়াত আৰু ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

মূল শব্দ বা কী ৱৰ্ড ব্যৱহাৰ কৰি গুগলত আমি আমাৰ অনুসন্ধান আৰম্ভ কৰিলো।  আমি ৰাছিয়াৰ কাজানত অনুষ্ঠিত ১৬ সংক্যক ব্ৰীকছ সন্মিলন সম্পৰ্কীয় কেইবাটাও বাতৰি লাভ কৰিলো।, ৰাছিয়াই মুদ্ৰাৰ আৰ্হি প্ৰদৰ্শন কৰাৰ তথ্যও লাভ কৰিলো।  ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে মাৰ্কিন ডলাৰক এবিধ “অস্ত্ৰ” বুলি অভিহিত কৰিছে যদিও ইয়াক সম্পূৰ্ণকৈ প্ৰত্যাখ্যান কৰাৰ কথা কোৱা নাই। অৱশ্যে ইয়াৰ ব্যৱহাৰ ৰোধ কৰাৰ বাবে বিকল্প পথৰ সন্ধানৰ পোষকতা কৰে।  (এই বাতৰিসমূহ ইয়াত, ইয়াত আৰু  ইয়াত পাব।) 

অবশ্যে ব্ৰীকছে নিজা মুদ্ৰা প্ৰচলন কৰা সন্দৰ্ভত কোনো নিৰ্ভৰযোগ্য বাতৰি বা ব্ৰীকছৰ তৰফৰ পৰা তথ্য লাভ নকৰিলো।

Meanwhile,ইতিমধ্যে, ভাৰতৰ প্ৰেছ ইনফৰ্মেছন ব্যুৰ’ (PIB)ৰ তৰফৰ পৰা ব্ৰীকছ মুদ্ৰা প্ৰচলন সন্দৰ্ভত প্ৰচাৰ হোৱা তথ্য ভুৱা বুলি স্পষ্ট কৰি দিয়ে।

ওপৰৰ তথ্য সমূহৰ পৰা এয়া স্পষ্ট হৈ পৰে যে ব্ৰীকছে মুদ্ৰা প্ৰচলন কৰা সন্দৰ্ভৰ বাতৰি ভুৱা।