সত্যতা নিৰূপণ: ৰাহুল গান্ধীৰ সম্পাদিত ভিডিও ভুৱা দাবীৰে ভাইৰেল হৈছে

0 65

সাংবাদিকৰ ফালে পিঠি দি এখন পোষ্টাৰ দেখাই থকা ৰাহুল গান্ধীৰ এটা ১৪ ছেকেণ্ডৰ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোৰ সৈতে হিন্দী চিনেমা থ্ৰী ইডিয়টৰ এটা ডায়লগ জাহাপানা তুচ্ছি গ্ৰেট হো, তোহফা কবুল কৰো ডাব কৰি দিয়া হৈছে।বহুতে এই ভিডিওটো শ্বেয়াৰ কৰি ৰাহুল গান্ধীক ঠাট্টা কৰি প্ৰকাশ কৰিছে সাংবাদিকে পোষ্টাৰখনৰ সিটো ফাল দেখুৱাবলৈ কোৱাত ৰাহুল গান্ধীয়ে কৰিলে এয়া।

এজন পেচবুক ব্যৱহাৰকাৰীয়ে এই ভাইৰেল ভিডিওটো কেপচনসহ পোষ্ট কৰিলে 

গুলাম চামচাহঁতে এওঁক প্ৰধানমন্ত্ৰী বনোৱাৰ সপোন দেখিছে, সাংবাদিকে পোষ্টাৰৰ সিটো ফাল দেখুৱাবলৈ আহ্বান কৰাত ৰাহুলজীয়ে সাংবাদিকক পিঠি দেখুৱাইছে, কি আইতেম ঔ এইটো…

আপুনি এই ভিডিওটো ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই ভিডিওটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি এলামী নামৰ ফটো সংগ্ৰহ কৰা প্ৰতিষ্ঠানৰ ৱেবছাইটত ২০২১ৰ ১৯ জানুৱাৰীত প্ৰকাশিত এখন ফটো দেখিলো। ফটোখনত গান্ধীক অইন কেইজনমান কংগ্ৰেছ নেতা (ৰন্দীপ সিং সূৰ্যেৱালা আৰু কেচি বেনুগোপাল)ৰ সৈতে বহি আছে। ফটোখনৰ পাছফাল আৰু গান্ধীৰ পোছাক ভাইৰেল ভিডিওটোৰ সৈতে একেই।

ভিডিওটোৰ কেপচনত আছে-নচুন দিল্লী, ভাৰত, ২০২১ চন, ১৯ জানুৱাৰী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ (বিৰোধী দল)নেতা ৰাহুল গান্ধী (মাজত),AICCৰ সাধাৰণ সম্পাদক ৰন্দীপ সূৰ্যেৱালা (বাওফালে) আৰু কেচি বেনুগোপাল (সোঁফালে) নতুন কৃষক আইন সন্দৰ্ভত আলোচনা কৰিবলৈ AICCৰ মুখ্য কাৰ্যালয়ত আহ্বান কৰা এখন সংবাদ মেলত।

সংবাদমেল খন সন্দৰ্ভত অধিক জানিবলৈ মূল শব্দ প্ৰয়োগ কৰি অনুসন্ধান কৰাত আমি ২০২১চনৰ ১৯ জানুৱাৰীৰ এটা ইউটিউব ভিডিও লাভ কৰিলো। তাৰ শিৰোনামত আছিল  লাইভ: বিশেষ  AICC ৰ মুখ্য কাৰ্যালয়ত শ্ৰী ৰাহুল গান্ধীয়ে সাংবাদিকক সম্বোধন কৰিছে        ভিডিওটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিজা  ইউটিউব চেনেলত প্ৰচাৰ কৰিছিল।

ভালদৰে লক্ষ্য কৰিতা দেখিলো ভাইৰেল ভিডিওটোত থকাৰ দৰেই এই ভিডিওটোত সকলো পৰিবেশ একেই। ভাইৰেল ভিডিওটোত থকা কথপোকথন খিনি মূল ভিডিওৰ ০২.২১ত আছে, তাত গান্ধীয়ে কৈছে- চাওক আমি কিমান স্বচ্ছ, আমি দুয়ো ফালৰ পৰা দেখুৱাইছো… যদি সেয়া বিজেপি হলহেঁতেন তেওঁলোকে এয়া কৰিলো হয়। ইয়াৰ কী ফ্ৰেমৰ সৈতে ভাইৰেল ভিডিওটোৰ হুবহু মিল আছে, কিন্তু পাছত সেয়া সম্পাদনা কৰি তেওঁ কৈ থকাৰ মাজতে তেওঁক ঠাট্টা কৰিবলৈ চিনেমাখনৰ ডায়লগটো ডাব কৰি দিয়া হৈছিল। 

সংবাদমেলত গান্ধীয়ে খেতি কা খুন শীৰ্ষক এখন প্ৰচাৰ পত্ৰিকাও উন্মোচন কৰিছিল। সেইখন আছিল কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাব আগবঢ়োৱা বহু বিতৰ্কিত কৃষক আইনখন সন্দৰ্ভত আৰু তেওঁ সামবাদিকক ইয়াৰ বেটুপাট দেখুৱাবলৈ লওতেই সাংবাদিকৰ ফালে পিঠি দিছিল আৰু সেই সময়তে ভাইৰেল ভিডিওটো সম্পাদনা কৰি দেখুওৱা হৈছিল।

সেয়ে সাংবাদিকে পোষ্টাৰৰ সিটো ফাল দেখুৱাবলৈ আহ্বান কৰাত ৰাহুল গান্ধীয়ে সাংবাদিকক পিঠি দেখুওৱা বুলি কৰা দাবী ভুৱা হুলি প্ৰতিপন্ন হল।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।