সত্যতা নিৰূপণ: ডাৱৰ বিস্ফোৰণৰ এই ভিডিওটো বাংগালুৰুৰ নহয়; সত্য জানিবলৈ পঢ়ক

0 62

শেহতীয়া দিনকেইটাত বাংগালুৰুত ভীষণ বৃষ্টিপাত হৈছে, যাৰ বাবে চহৰখনৰ বিস্তীৰ্ণ অঞ্চল পানীত ডুব গৈছে। এনে সময়তে ডাৱৰ বিস্ফোৰণৰ এটা ভিডিও সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে আৰু দাবী কৰা হৈছে যে ডাৱৰ বিস্ফোৰণৰ এই ভিডিওটো বাংগালুৰুৰ।

ভিডিওটোৰ সৈতে কেপচনত লিখা আছে-  “কোনোবাই কালি বাংগালুৰুৰ ডাৱৰ বিস্ফোৰণৰ ভিডিওটো ৰেকৰ্ড কৰিছে। বৰ দৰ্শনীয় কিন্তু ভয়াবহ।

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ দাবী সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি DailyMail UK  (ডেইলি মেইল ইউকে)ত ২০২০ৰ ২৫ ফেব্ৰুৱাৰীত প্ৰচাৰ হোৱা একেটা ভিডিও লাভ কৰিলো, তাৰ শিৰোনামত আছিল-প্ৰচণ্ড বৃষ্টিপাত আৰু বৰফেৰে আকাশখন ছানি ধৰিছেঃ পাৰ্থত প্ৰচণ্ড বৃষ্টিপাত, বিজুলী ঢেৰেকনি, ধুমুহাৰ ফলত বহু গছ ভাঙিছে, পথবোৰ বান পানীয়ে বুৰাই পেলাইছে গাড়ী আৰু ঘৰৰো ক্ষতিসাধন হৈছে।

এই ভিডিওটোৰ স্ক্ৰীণশ্বট  কেন আৰ্টি ফটোগ্ৰাফী  ফেচবুক পেজত ২০২২ৰ ৫ আগষ্টত প্ৰচাৰ কৰা হৈছিল। তাৰ কেপচনত আছিল-   এয়া ২০২০ৰ ফেব্ৰুৱাৰীত হোৱা প্ৰচণ্ড বৃষ্টিপাত-ধুমুহাৰ  এটা দৃশ্য। যেতিয়া এই মুষলধাৰ বৰষুণ যেতিয়া মাটিত পৰি জমা হৈছিল সকলোবোৰ শক্তি কৰবালৈ নোহোৱা হৈ গৈছিল আৰু যেন এক বিস্ফোৰণ হৈছিল। মই মোৰ গাড়ীখনলৈ দৌৰি য়োৱাৰ সময়তে এই প্ৰাকৃতিক দুৰ্যগৰ ভয়াবহতা অনুভব কৰিছিলো। মই একপ্ৰকাৰ পানীৰ সোঁতত উটি যোৱাৰ উপক্ৰম হৈছিলো। কোনোমতে গাড়ীখনত ধৰি মই থিয় হৈ আছিলো। আৰু অলপ সময় পলম হলেই হয়তো মই পৰি গলোহেঁতেন। কিন্তু আই প্ৰকৃতিয়ে কি পৰিবেশ সৃষ্টি কৰিব পাৰে সেয়া উপলব্ধি কৰিবলৈ ই অতি সুন্দৰ সময়।

এই ভিডিওটো ২০২০ত ৰেকৰ্ড কৰা বুলি উল্লেখ কৰি তাৰ এখন ফটো ফেজবুক পে তো প্ৰকাশ পাইছিল। ফেচবুক পেজটোতকেন আৰ্টি ফটোগ্ৰাফী বুলি লিখা আছিল।

এই তথ্যই প্ৰমাণ কৰে, ভাইৰেল হোৱা দাবী ভুৱা।

Fact Check: Does the Viral Video Show Cloudburst in Jamshoro of Sindh? Here Is the Truth

ইয়াৰ পূৰ্বেও ২০২২ৰ আগষ্টত নিউজ মোবাইলে পাকিস্তানৰ  বুলি দাবী কৰা একেটা ভিডিও সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এয়া ভুৱা বুলি প্ৰতিপন্ন কৰিছিল।

 

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।