সত্যতা নিৰূপণ: ২০২৩ৰ বাংলাদেশ ছীলেটৰ পুৰণি ভিডিও এটা ভুবা দাবীৰে ভাইৰেল হৈছে

0 781

বাংলাদেশৰ শেহতীয়া নিৰ্দাচনত একেৰাহে চতুৰ্থ বাৰলৈ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা ই জয়লাভ কৰে। এনে সময়তে দুৰ্বৃত্তই শিল দলিওৱা, গাড়ীত অগ্নিসংযোগ কৰা, বজাৰ লণ্ডভণ্ড কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে দাবী কৰিছে যে এই ঘটনা নিৰ্বাচনৰ এদিন পূৰ্বৰ, ৭ জানুৱাৰী ২০২৪ৰ।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে: ঢাকাবাসী কোনেও ঘৰৰ পৰা বাহিৰ নহ’ব ঢাকাৰ অবস্থা অতি ভয়াবহ, পৰিস্থিতি বৰ বেয়া!!

এই পোষ্টটো ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কীফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে ২০২৩ৰ ২৬ নৱেম্বৰত এজন অচিনাক্ত ব্যৱহাৰকাৰীয়ে দিয়া এটা ফেচবুক পোষ্ট দেখা পালে। ছীলেটৰ বুলি প্ৰকাশ কৰা এই ভিডিওটোৰ সৈতে ভাইৰেল ভিডিওটোৰ বহু মিল আছে।

আমি বাংলাদেশৰ দৈনিক কাকত প্ৰথমাত প্ৰকাশিত এটা বাতৰিও লাভ কৰিলো। ইয়াৰ দ্বাৰা এই ভিডিও ঢাকৰ নহয়, ছীলেটৰ বুলি জানিব পৰা গ’ল।

সেয়ে এই সোষ্টটো ভিত্তিহীন বুলি প্ৰমাণ হ’ল।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে +91 11 7127 9799- এই নম্বৰত হোৱাটচএপ কৰক