সত্যতা নিৰূপণ: ২০২১ৰ এৰ’প্লেন লেণ্ডিঙৰ ভিডিও এটা লাক্ষাদ্বীপৰ আগাট্টি বিমান বন্দৰত প্লেন লেণ্ড কৰা শেহতীয়া ভিডিও বুলি ভাইৰেল হৈছে

0 711

লাক্ষাদ্বীপৰ আগাট্টী উপত্যকাৰ নৱনিৰ্মীত ৰানৱেত প্ৰথমখন এৰ’প্লেন লেণ্ড কৰা বুলি দাবী কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটো ভাৰত-মালদ্বীপৰ মাজত চলি থকা তিক্ততাপূৰ্ণ সম্পৰ্কৰ সময়তে ভাইৰেল হৈছে। বহু ব্যৱহাৰকাৰীয়ে ভিডিওটো শ্বেয়াৰ কৰি বিমান বন্দৰটো আন্তঃৰাষ্ট্ৰীয় মনাৰ বুলি প্ৰশংসা কৰিছে।

এজন ফেচৱুক ব্যৱহাকাৰীয়ে ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে লাক্ষাদ্বীপৰ আগাট্টী উপত্?কাত প্ৰথমবাৰ এৰ’প্লেন লেণ্ডিং, বিমান বন্দৰ আৰু ৰানৱে’ বিশ্ব মানৰ #ExplorIndianIsland

পোষ্টটো ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী প্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০২১ৰ ৩০ জুলাইৰ এটা ইউটিউব শ্বৰ্ট দেখা পালো। এই ভিডিওটোৰ সৈতে ভাইৰেল ভিডিওটৰ হুৱহু মিল আছে।

https://youtube.com/shorts/a4ZqG9Y9z60?si=lIV6yyL3YVV7Njwy

আৰু অধিক অনুসন্ধান কৰাত আমি বিগত বছৰ কেইটাৰ মেৰামতিৰ কাম সম্পৰ্কে তথ্? লাভ কৰিলো। আমি জানিবলৈ পাৰিলো যে শেষৰবাৰ বিমান বন্দৰটোৰ মেৰামতি ২০১০ চনত হৈছিল। চাৰ্মিনেল বিল্ডিংটোৰ নিৰ্মাণ আৰু এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰ কাম ২০০৬ চনত আৰম্ভ হৈছিল। ২০১০ত টাৰ্মিনেলসহ সকলো গৃহৰ লগতে ৰাণৱে’ৰ পৰিসৰ বৃদ্ধিৰ কাম সম্পূৰ্ণ হৈছিল।

ইয়াৰোপৰি এই ভিডিওটো ২০২১ চনতেই অন লাইন হৈছিল। সেয়ে আমি নিশ্চিত ভাবে ক’ব পাৰো যে ভাইৰেল পোষ্টটোত বিশ্বমানৰ আগাট্টী বিমান বন্দৰত প্ৰথমখন প্লেন লেণ্ড কৰা বুলি কৰা দাবী ভুৱা।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে +91 11 7127 9799- এই নম্বৰত হোৱাটচএপ কৰক