সত্যতা নিৰূপণ: ২০১৯ৰ প্ৰকৃতিৰ ধ্বংস লীলাৰ ধ্বংসস্তুপৰ ভিডিও এটা শেহতীয়া বিপৰ্যয় বা-মাৰলীৰ ভিডিও বুলি প্ৰচাৰ কৰা হৈছে

0 343

আৰব সাগৰত শেহতীয়াকৈ হোৱা বিপৰ্যয় নামৰ বা-মাৰলীয়ে ভাৰতত বিস্তৰ ক্ষতি সাধন কৰিছে।  গুজৰাটৰ প্ৰায় ১০০০খন গাঁৱৰ লগতে বহুকেইখন সমুদ্ৰ জাহাজ ধ্বংস হৈছিল।  সম্প্ৰতি  বিপৰ্যয় পাকিস্তানলৈ ধাবমান হৈছে।  অনুমান কৰা হৈছে যে বিপৰ্যয়ৰ ফলত দেশখনত প্ৰবল বৃষ্টিপাতৰ লগতে ধুমুহাৰ সৃষ্টি হব, যোৱা বছৰৰ তুলনাত এইবেলি অধিক ভয়াবহ হব পাৰে পাকিস্তানৰ বান পৰিস্থিতি।

এনে সময়তে এটা পেট্ৰোল পাম্পত প্ৰকৃতিয়ে ধ্বংসলীলা চলোৱা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰাহৈছে যে বিপৰ্যয় বা-মাৰলী চলি থকাৰ সময়ৰ এয়া গুজৰাটৰ দ্বাৰকাৰ দৃশ্য।   ফেচবুকত ভিডিওটো শ্বেয়াৰ কৰি কেপচনত লিখিছে: “দ্বাৰকাৰ শেহতীয়া ভিডিও #বিপৰ্যয় বা-মাৰলীৰ আপডে # বা-মাৰলী বিপৰ্যয় #বা-মাৰলীৰ সাৱধানবাণী#বা-মাৰলী# বিপৰ্যয় বা-মাৰলী# বিপৰ্যয় #গুজৰাট বা-মাৰলী #গুজৰাট #মহাৰাষ্ট্ৰ।” 

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি ২০১৯ চনত দ্য দেইলী মেইল ত প্ৰচাৰিত এটা বাতৰিত ভাইৰেল ভিডিওটো দেখিলো।  তাৰ কেপচনত আছিল : “ভিডিও: ভাৰতৰ পূব উপকূলীয় অঞ্চল আৰু বাংলাদেশৰ একাংশত সংঘটিত ফেলি বা-মাৰলীয়ে ১২জনৰ জীৱন নাশ কৰাৰ লগতে কেইবা মিলিয়ন লোকক গৃহহীন কৰিলে।” 

আমি  ডেইলীমোচনতো একেটা ভিডিওকেই ২০১৯ৰ ৩ মেত প্ৰচাৰ কৰা দেখিলো। তাৰ কেপচনত আছিল : “ভাৰতৰ পূব উপকূলীয় অঞ্চলত বলা ফেনী বা-মাৰলীয়ে অসংখ্য ঘৰ-দুৱাৰ ধ্বংস কৰিছে। এই দৃশ্যত আজি (৩মে) পুৱা বিধ্বংসী ধুমুহাই এটা পেট্ৰোল পাম্পচ ধ্বংস লীলা চলোৱা দৃশ্য দেখা গৈছে।  পেট্ৰোল পাম্প ঢাকি থোৱা আভৰণসমূহ বতাহত উৰি গৈছে, বতাহৰ কোবত তচনচ হৈ গৈছে এই আভৰণ।” 

চাৰি বছৰ পূৰ্বে  ইউটিউবতো এই ভাইৰেল ভিডিওটো আপলোড কৰা হৈছিল।  তাত থকা বিৱৰণি অনুসৰি ঘটনাৰ স্থল ওড়িষাৰ পুৰী, অবশ্যে ভিডিওটোৰ সন্দৰ্ভত বিশেষ তথ্য নাছিল।  

২০১৯ৰ ৫ মেনিউজ ১৮ৰ বাতৰি তো এই ভিডিওটো ওড়িষাত ফেনীৰ তাণ্ডবৰ দুদিন পাছত প্ৰচাৰ কৰা হৈছিল।  অবস্যে এই ভিডিওটো যে পুৰীৰ তেওঁলোকে নিজাববীয়াকৈ প্ৰকাশ কৰা নাই।  ভাৰত আৰু বাংলাদেশত ধ্বংসলীলা চলোৱা ফেনী বা-মাৰলীয়ে ৭৭জন লোকৰ প্ৰাণ নাশ কৰিছিল।  ২০১৯ৰ ৩ মেৰ দিনা বলা এই বা-মাৰলী ৪৩ বছৰৰ মূৰত জহকালি বংগপোসাগৰত প্ৰথম বাৰলৈ দেখা গৈছিল।

যদিও ভাইৰেল ভিডিওটো প্ৰকৃততে কোন স্থানৰ সেয়া নিৰ্ণয় কৰিব পৰা হোৱা নাই, তথাপি এয়া স্পষ্ট হয় যে  এই ভিডিওটো কমেও ৪ বছৰ পুৰণি  আৰু ইয়াৰ সৈতে বিপৰ্যয়ৰ কোনো সম্পৰ্ক নাই।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছেতেন্তে  +91 11 7127 9799 এই নম্বৰত হোৱাটচএপ কৰক