সত্যতা নিৰূপণ: স২০১৫ চনৰ হকংকং-মাকাউ এক্সপ্ৰেছ বাইৱেৰ যানজঁটৰ পুৰণি ফটোকেই ভুৱা দাবীৰে ভাইৰেল কৰা হৈছে

0 60

অলপতে বৃহত্ যানজঁটৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুকেইগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ফটোখন শ্বেয়াৰ কৰি এয়া চীনৰ বেইজিং-তিব্বত এক্সপ্ৰেছ হাইৱেত ২০১০ চনত হোৱা বিশ্বৰ স্ৰববৃহত্ যানজঁট বুলি দাবী কৰিছে।

এজন পেচবুক বযৱহাৰকাৰীয়ে ফটোখন  পোষ্ট কৰি  কেপচনত লিখিছে-পৃথিবীৰ ইতিহাসত অন্যতম বৃহত্ যানজঁট! #ট্ৰেফিক জাম #কলকাতা #ইণ্ডিয়াকলকাতাচিটি

আপুনি ফটোখন ইয়াত পাব।

বঙালী ভাষাত লিখা কথাখিনিৰ অনুবাদ এনেধৰণৰ- ১০ মিনিট যানজঁটত এনেদৰে ৰৈ থাকি আমনি লাগিছে? আপুনি জানেনে বিস্বৰ অন্যতম সৰ্ববৃহত্ যানজঁত হৈছিল ২০১০ চনত চীনৰ বেইজিং-তিব্বত এক্সপ্ৰেছ হাইৱেত। গাড়ী-মটৰবোৰ ১০০ কিঃমিঃ পৰ্যন্ত শাৰি পাতি ৰৈ আছিল। পথটোৰ যানজঁত আঁতৰাবলৈ পূৰা ১০ দিন লাগিছিল।প্ৰকৃততে, তাত এটা পথ নিৰ্মাণৰ কাম চলি থকা বাবে আৰু পথৰ দুয়োকাষে ট্ৰাক ৰখাই থোৱা বাবে যানজঁটৰ সৃষ্টি হৈছিল।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ দাবী সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

 ৰিভাৰ্ছ ইমেজ চাৰ্ছত ফটোখন দি অনুসন্ধান কৰাত আমি ইংলেণ্ডৰ ফটো সংগ্ৰহ প্ৰতিষ্ঠান এলেমী ৱেবছাইত একেখন ফটো দেখিলো।  তাৰ শিৰোনাত আছে-২০১৫ চনৰ ৬ অক্টোবৰত সপ্তাহজোৰা ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ সময়ত বেইজিঙৰ হংকং-মাকাউ এক্সপ্ৰেছ ৱেত হোৱা যানজঁটৰ আকাশ মাৰ্গৰ পৰা লোৱা ফটো।

তাত থকা বিৱৰণি মতে ফটোখন ২০১৫ চনৰ বেইজিঙৰ হংকং-মাকাউ এক্সপ্ৰেছ ৱেৰ।  

মূল শব্দ ব্যৱহাৰ কৰি গুগলত অনুসন্ধান কৰাত আমি  ABC নিউজত ২০১৫ৰ ৯ অক্টোবৰত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো, তাৰ শিৰোনামত আছে-বাইজিঙৰ 50 Lane Highwayৰ যানজঁটত হাজাৰ হাজাৰ বাহন আবদ্ধ হৈ থকাৰ দৃশ্য।  বাতৰিটোত স্পষ্টকৈ কোৱা হৈছে যে ফটোখন ২০১৫ চনৰ বেইজিঙৰ হংকং-মাকাউ এক্সপ্ৰেছ ৱেৰ যানজঁটৰ সময়ত লোৱা। চীনা গণতন্ত্ৰৰ প্ৰতিষ্ঠা দিবস উপলক্ষ্যে অনুষ্ঠিত গোল্ডেন উইকৰ অনুষ্ঠানত  অংশ গ্ৰহণ কৰি ঘৰলৈ ওভতা হাজাৰ হাজাৰ লোক এই যানজঁটত আবদ্ধ হৈ আছিল। বাতৰিটোৰ ফটোখনৰ সৈতে ভাইৰেল ফটোখনৰ হুবহু মিল আছে।

ইয়াৰোপৰি ইউটিউবতো ২০১৫চনৰ ৭ অক্টোবৰত দ্ৰোণেৰে সংগ্ৰহ কৰা ভিডিও , এটাও প্ৰচাৰ হৈছিল।ভিডিওটোত ৫০ লেনৰ ৰাষ্ট্ৰীয় ঘাইপথটোত বৰ্ধিত গাড়ীৰ বাবে বহুকেইটা লেন বন্ধ হৈ যোৱাত যানজঁটৰ সৃষ্টি হয়।  

একে ধৰণৰ বাতৰি ব্লুমবাৰ্গফৰ্বছচাইনা ডেইলি, আৰু  দ্য ষ্ট্ৰেইট টাইমছ তো প্ৰচাৰিত হৈছিল। 

শেষত আমি ২০২০ৰ বেইজিং-তিব্বত যানজঁত সন্দৰ্ভত অনুসন্ধান কৰিলো। আমি এনে ঘটনা সন্দৰ্ভত কোনো বাতৰি লাভ নকৰিলো। সেয়ে এয়া স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন ২০১৫ চনৰ।

এনেদৰেই আমি এই সিদ্ধান্ত উপনীত হব পাৰো যে ফটোত দেখা তীব্ৰ যানজঁট ২০১০ৰ বেইজিং-তিব্বত হাইৱেৰ নহয়, এই দাবী ভিত্তিহীন।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।