সত্যতা নিৰূপণ: পশুৰ ওপৰত অত্যাচাৰ চলোৱা থাইলেণ্ডৰ এখন পুৰণি ফটোকেই ভাৰতৰ ঘটনা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে

0 62

গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হাতী এটাৰ এখন ফটো সামাজিক মাদ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে, হাতীটো অসমৰ জয়মালা, বৰ্তমান তামিলনাডুত আছে আৰু হাতীটোৰ ওপৰত ভয়ংকৰ অত্যাচাৰ চলোৱা হৈছে। তাত আনকি ইয়াকো কোৱা হৈছে যে অসম চৰকাৰে এই ঘটনাৰ বিষয়ে শুনাৰ পাছতো এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

ফটোখনৰ সৈতে কেপচনত লিখা আছে-আজি গনেশ পূজা ৷ এই পোষ্টটো যিমান পাৰে চেয়াৰ কৰক #তামিলনাডুৰ_মন্দিৰত_বন্দী_অসমৰ _হাতীক_নৃশংস_ নিৰ্যাতন জয়মালা। এই হাতীটো মাথোঁ ছয়মাহৰ বাবে ২০০৮ চনত অসমৰ পৰা তামিলনাডুলৈ লিজত নিয়া হৈছিল। কিন্তু যোৱা ১৩ বছৰে অবৈধ ভাবে বন্দী কৰি ৰখা হাতীটোক এটা মন্দিৰ চৌহদত চাৰিওখন ঠেং শিকলিৰে বান্ধি কেইবাজনো মাউতে নৃশংসভাবে মাৰপিত কৰি থকাৰ ভিডিঅপেটা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ৰাজহুৱা কৰাৰ লগতে চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে। কিন্তু সকলো জানিও নিৰ্লিপ্ত হৈ আছে অসমৰ বন বিভাগ।” 

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ দাবী সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

সাধাৰণ ভাবে ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নেচনেল জিওগ্ৰাফিকত ২০১৯ৰ ২০ জুনত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো। ইয়াতো একেখন ফটো সংলগ্ন কৰা হৈছিল। তাৰ কেপচনত আছে-  “থাইলেণ্ডৰ বেংককৰ ছামুট ক্ৰোকডাইল পাৰ্ক এণ্ড জুত চাৰি বছৰীয়া গ্লয় হোম নামৰ হাতীটোক এটা খুটাত শিকলিৰে বান্ধি পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ প্ৰশিক্ষণ দিয়া হৈছিল। হাতীটোৰ আঠুলৈকে ফুলি উঠিছিল।এয়াই স্পষ্ট কৰি দিয়ে যে এই ফটোখন থাইলেণ্ডৰ।

একেখন ফটো ২০২১ৰ ২ ফেব্ৰুৱাৰীত  ইউৰো নিউত তো প্ৰকাশ পাইছিল। তাৰ শিৰোনামত আছিল-  “অণ্যৰ ছেলফিঃ বন পৰ্যটনৰ এন্ধাৰ ফাল আৰু ইয়াৰ নামত পশুৰ ওপৰত চলা অত্যাচাৰ।ছবিখন সম্পৰ্কে বিৱৰণ দি লিখা হৈছে-বেংককৰ সমীপৰ এখন ষ্টেডিয়ামত এটা মনোৰঞ্জনমূলক অনুষ্ঠানৰ বাবে নিয়া পাচবছৰীয়া হাতীৰ পোৱালী গ্লয় হোমৰ ফটো।তাৰ ভৰি ভগা, মুখত আঘাতৰ চিন, ফলি আছে। ফটোখন তোলাৰ ৬মাহ পাছত কৰ্তৃপক্ষই গ্লয় হোমক চাবলৈ গৈ একেই অবস্থাতে দেখা পায়। থাইলেণ্ডত পশু সুৰক্ষা আইন হয়তোবা নচলে অথবা আইনখন কঠোৰভাবে মানি চলা নহয়। সেয়ে ৰুগীয়া হাতীটো এনেদৰে পাছচোতালত লুকুৱাই ৰখাৰ বাবে আনকি বহু লোকে ইয়াৰ বাবে আসন্তুষ্টি প্ৰকাশ কৰাৰ পাছতো কাকো শাস্তি প্ৰদান কৰা নহল।

এনেদৰেই এই তথ্যৰ পৰা প্ৰমাণ হয় যে ভাইৰেল হোৱা ফটোখন থাইলেণ্ডৰ, ভাৰতৰ নহয়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।