সত্যতা নিৰূপণ: সশিৰ্দি ছাই বাবা ন্যাসে হজযাত্ৰী সকললৈ ৩৫ কোটি টকাৰ দান আগবঢ়াইছিল নেকি? সত্য জানিবলৈ পঢ়ক

0 1,573

শিৰ্দি ছাইবাবা সংস্থান ন্যাসে  হজযাত্ৰীসকললৈ ৩৫ কোটি টকা দান দিয়া অথচ অযোধ্যাৰ ৰাম মন্দিৰ নাৰ্মিণৰ বাবে এপইছাও নিদিয়া বুলি অভিযোগ কৰি এটা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈছে। 

ফেচবুকত ফটোসহ প্ৰচাৰ কৰা পোষ্টটোৰ কেপচনত আছে: “শিৰ্দি ছাইবাবা সংস্থান ন্যাসে হজযাত্ৰীসকললৈ ৩৫ কোটি টকা দান দিয়া অথচ অযোধ্যাৰ ৰাম মন্দিৰ নাৰ্মিণৰ বাবে এপইছাও দিয়া নাই।  শিৰ্দি ছাই মন্দিৰলৈ যোৱা হিন্দুসকলে এয়া ভালদৰে চাওক।  #হিন্দু #ভাৰত #RSSorg#Hindujagranmanch” 

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

মূল শব্দ ব্যৱহাৰ  (keyword search) কৰি অনুসন্ধান কৰাত আমি এই সন্দৰ্ভৰ কোনো বাতৰি লাভ নকৰিলো।  যদি ইমান বেছি ধনৰাশি দান হিতাপে আগবঢ়ালেহেঁতেন, তেন্তে মূল সূতিৰ সংবাদ মাধ্যমে ইয়াৰ প্ৰচাৰ নিশ্চয় কৰিলেহেঁতেন।

শিৰ্দি ছাই ন্যাসৰো  সামাজিক মাধ্যমৰ একাউণ্টা আৰু  ৱেবছাইটত তেনে ৩৫ কোটি টকা দান দিয়াৰ কথা উল্লেখ নাছিল। ২০২৩ৰ এপ্ৰিলত ন্যাসৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাহুল যাদবে  এই উৰা বাতৰি সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে হজৰ বাবে ন্যাসৰ তৰফৰ পৰা কোনো দান দিয়া হোৱা নাই।

তেওঁ লগতে কয় যে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দান বৰঙণি বিচাৰি কোনেও তেওঁলোকৰ ওচৰলৈ যোৱা নাছিল।  দান বৰঙণি দিয়াৰ সন্দৰ্ভত তেওঁ পুনৰ কয়, ন্যাৰ নীতি- নিৰ্দেশনা মানিহে দান দিয়া হয়, নীতি অমান্য কৰি দান আগবঢ়োৱাৰ কোনো ব্যৱস্থাই নাই।

ভাইৰেল ফটোখন ভালদৰে পৰীক্ষা কৰাৰ পাছত জানিব পাৰিলো এয়া কবিতা তিৱাৰী (Kavitha Tiwari)নামৰ এগৰাকীয়ে ২০২৩ৰ ২০এপ্ৰিলত টুইটাৰত প্ৰচাৰ কৰিছিল। অৱশ্যে পাছত তথ্য ভুল বুলি উপলব্ধি কৰি ত তেওঁ ফটোখন বা পোষ্টটো ডিলিট কৰি দিছিল।  ইয়াৰোপৰি লেটেষ্টলি  নামৰ এটা ৱেব ছাইটত ২০২৩ৰ ২৪ এপ্ৰিলত প্ৰকাশ কৰা প্ৰবন্ধত এই তথ্য সম্পূৰ্ণ অসত্য বুলি দাবী কৰে।

অৱশ্যে ২০২০ত শিৰ্দি ট্ৰাষ্টে  Covid-19ৰ বিপৰ্যয়ৰ সময়ত মহাৰাষ্ট্ৰ চৰকাৰক ৫১ কোটি টকাৰ অনুদান আগবঢ়াইছিল।

এই তথ্যসমূহেই প্ৰমাণ কৰে যে ভাইৰেল পোষ্টটোৰ দাবী ভুৱা।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799 এই নম্বৰত হোৱাটচএপ কৰক