সত্যতা নিৰূপণ: সমেক্সিকোৰ ‘এলিয়েনৰ শুকান মৃতদেহ’ কেক কটাৰ দৰে কটা হৈছিল নেকি? সত্যটো কি জানক

0 1,013

অলপতে মেক্সিকোৰ সাংবাদিক তথা দীৰ্ঘ দিন ধৰি UFO সন্দৰ্ভত গবেষণা কৰি থকাজেইম মওছানে মেক্সিকো কংগ্ৰেছত দাবী কৰে যে তেওঁ ২০১৭ চনত পেৰুৰ ঐতিহালিক নাস্কাত দুটা সৰু এলিয়েনৰ শুকান মৃতদেহ উদ্ধাৰ কৰিছিল। প্ৰদৰ্শিত এলিয়েনকেইটাৰ প্ৰত্যেকৰে তিনিটাকৈ আঙুলি আছিল আৰু ডিঙিকেইটা দীঘল হৈ আছিল।

এনে সময়তে সামাজিক মাধ্যমত একেটা এলিয়নৰে এটা ভিডিও ভাইৰেল হৈছে। দাবী কৰা হৈছে যে মেক্সিকা কংগ্ৰেছৰ সন্মুখত প্ৰদৰ্শন কৰা মৃত এলিয়েনটো প্ৰকৃততে এটা কেকহে, আচলতে মেক্সিকাৰ চৰকাৰে বিশ্বক আঁভুৱা ভাৰিলে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো শ্বেয়াৰ কৰি কেপচনত লিখিছে: “মেক্সিকোৰ এলিয়েনটো প্ৰকৃততে এটা কেকহে।  Mexican Alien was revealed to be a cake. চৰকাৰে বিশ্বক আঁভুৱা ভাৰিলে।

এই ফেচবুক পোষ্টটো ইয়াত চাব পাৰিব।

এইটো ফেচবুক আৰু  X তো একেই দাবীৰে প্ৰচাৰ কৰা হৈছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটোৰিভাৰ্চ ইমেজ চাৰ্ছত দিয়াত আমাৰ নিউজ মোবাইলৰ দলে একেটা ভিডিও দ্য_বেকিং নামৰ ইনষ্টাগ্ৰাম পেজত দেখা পালে। ১৫ ছেপ্তেম্বৰত আপলোড কৰা ভিডিওটোত কেপচনত লিখা আছে : “আপুনি বিশ্বাসেই নকৰিব! সত্য ইয়াত উদ্ঘাটন হৈছে #কেক #এলিয়েন #এলিয়েনচ”.  তাত উল্লেখ কৰা মতে এইটো বামিংহামৰ টাটু আৰ্টিষ্ট আৰু বেকাৰী সামগ্ৰী প্ৰস্তুতকৰ্তা artist and baker from Birmingham বেন কুলেনে প্ৰস্তুত কৰিছিল।

 

এই পোশ্টটো ইনষ্টাগ্ৰামত তাওক

 

a post shared by the bakeking – ben cullen (@the_bakeking)

তেওঁৰ ইনষ্টাগ্ৰাম প্ৰোফাইল চোৱাত বেনে তেওঁৰ কলাশৈলীৰে প্ৰস্তুত কৰা কেইবাটাও ভিডিও দেখা পালো। সচা যেন লগা কেইবাটাও কেকৰো ভিডিও দেখিলো। তলত কেইটামান উদাহৰণ দিয়া হল।

 

পোষ্টটো ইয়াত ইন্ঠাগ্ৰামত চাব পাৰিব

 

a post shared by the bakeking – ben cullen (@the_bakeking)

এলিয়েনটোৰ দেহ প্ৰদৰ্শন কৰাৰ ৩ দিন পাছত বেনে এই কেকটো তেওঁৰ সামাজিক মাধ্যম হেণ্ডেলত শ্বেয়াৰ কৰিছে। একেটা ভিডিও তেওঁৰ নিজা X টো প্ৰচাৰ কৰিছে। কমেণ্টত বহু লোকে তেওঁৰ এই কলাৰ প্ৰশংসা কৰিছে।

সেয়ে, সামৰণিত কব পাৰি. ভাইৰেল ভিডিওত চুৰীৰ কটা এলিয়েনটো বামিংহামৰ বেকাৰী সামগ্ৰী প্ৰস্তুতকৰ্তা বেন কুলেনে সজোৱা কেকহে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799 এই নম্বৰত হোৱাটচএপ কৰক