সত্যতা নিৰূপণ: যোধপুৰত গায়িকা ডুৱা লিপাক অশালীন ব্যৱহাৰ কৰাৰ দাবীৰে প্ৰচাৰ কৰা ফটো ভুৱা

0 231

ইংলিচ-আলবানিয়ান গায়িকা ডুৱা লিপাৰ কেইখনমান ফটো সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে। ফটোৰ সৈতে থকা লিখনিত তেওঁক ৰাজস্থানৰ যোধপুৰত অশালীন ব্যৱহাৰ কৰা হৈছিল।

ভাইৰেল পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ফটোবোৰ নিউজ মোবাইলৰ দলে ভালদৰে নিৰীক্ষণ কৰাত তাত RVCJৰ ৱাটাৰ মাৰ্ক বা চিহ্ন থকা দেখা পালে। RVCJ হ’ল সামাজিক মাধ্যমৰ এটা জনপ্ৰিয় মীম পে’জ।

RVCJৰ নিজা ইনষ্টাগ্ৰাম পে’জত ২৮ ডিচেম্বৰত একে ধৰণৰ গ্ৰাফিক প্ৰচাৰ হৈছেল। তাৰ বিৱৰণিত আছিল: “ডুৱা লিপা যোধপুৰৰ ৰাজপথত সাধাৰণ ভাবে ঘুৰি ফৰিছিল কিন্তু কোনেও তেওঁক চিনিয়েই নাপালে।”

ডুৱা লিপাৰ এটা ভিডিও ২৭ ডিচেম্বৰত প্ৰচাৰ হৈছিল, তাত তেওঁ আন কেইজনমানৰ সৈতে সাধাৰণ ভাবেই আছিল।

ডুৱা লিপাই তেওঁৰ ৰাজস্থান ভ্ৰমণৰ ফটো তেওঁৰ নিজা ইনষ্টাগ্ৰাম একাউণ্টতো প্ৰচাৰ কৰিছে।তাত থকা কেপচনত ভাইৰেল দাবীটোৰ সন্দৰ্ভত কোনো কথাই উল্লেখ নাছিল।

ইয়াৰোপৰি আমাৰ দলে ৰাজস্থানত ডুৱা লিপা যৌন আতিশয্যৰ সন্মুখীন হোৱা কোনো বাতৰিয়েই লাভ নকৰিলে।

এই তথ্যসমূহেই প্ৰমাণ কৰে যে ভাইৰেল পোষ্টটোত কৰা দাবী সত্য নহয়।