সত্যতা নিৰূপণ: মোদী আৰু হিটলাৰে কাটাতাঁৰৰ বেৰৰ সিপাৰে থকা শিশুৰ সৈতে বাৰ্তালাপ কৰি থকা ভাইৰেল পোষ্টটো ভুৱা

0 602

কাটাতাঁৰৰ সিপাৰে থকা শিশুৰ সৈতে কথা পাতি থকা হিটলাৰ আৰু মোদীৰ দুখন ফটোৰ ৰিজনি সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুকেইগৰাকী ব্যৱহাৰকাৰীয়ে ফটোদুখন প্ৰচাৰ কৰি হিটলাৰ আৰু মোদীক ৰিজাই প্ৰকাশ কৰিছে সম্প্ৰতি ভাৰততো হিটলাৰৰ সময়ৰ দৰেই শাসন চলিছে আৰু ভবিষ্যতে ভাৰতীয়সকলো কাটাতাঁৰৰ সিপাৰে থিয় হব লাগিব।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল ফটোদুখন পোষ্ট কৰি কেপচনত লিখিছেইতিহাসৰ পুনৰাগমন… আমাৰ ভবিষ্যতো কাইটীয়া তাঁৰৰ সিপাৰলৈ গৈ আছে  সাবধান হওক। 

ওপৰৰ পোষ্টটো ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।

ফটোকেইখনৰ সত্যতা জনাৰ বাবে দুয়োখনকে বেলেগে বেলেগে ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়া হয়।

হিটলাৰৰ ফটো:

United States Holocaust Memorial Museum (ইউনাইটেড ষ্টেটচ পলোকাষ্ট মেমোৰিয়েল মিউজিয়াম)ৰ ৱেব ছাইটত কাটাতাঁৰৰ সিপাৰে থকা শিশুৰ চিত্ৰ এখন দেখা গৈছে, ঠিক হিটলাৰৰ ফটোখনৰ দৰে। কিন্তু তাত হিটলাৰক দেখা পোৱা নাযায়। চাৰ বিৱৰণিত উল্লেখ কৰা মতে এই শিশুসকল   ‘আউচিভিটজৰ জীৱিত শিশু, তেওঁলোকে প্ৰাপ্ত বয়স্কসকলৰ জোখৰ কয়েডীৰ জেকেট পৰিধান কৰি কাটাতাঁৰৰ বেৰৰ সিপাৰে অবস্থান কৰিছে।

কিন্তু ষ্টক ফটোগ্ৰাফী ছাইট   আলামী ত ভাইৰেল ফটোখনত দেখাৰ দৰে হিটলাৰৰ ফটো দেখা গৈছে, অৰ্থাত্ এই ফটোখনকেই সম্পাদনা কৰি ভাইৰেল ফটোখনত থকাৰ দৰে কাটাতাঁৰৰ সিপাৰে থকা শিশুৰ সৈতে হিটলাৰক কথা পাতি থকাৰ দৰে দেখুওৱা হৈছে।

মোদীৰ ফটো:

২০২৩ৰ ২ মেত ভাৰতীয় সংবাদ প্ৰতিষ্ঠান পিটিআইৰ এটা  টুইটt  মোদীক কাটাতাঁৰৰ সিপাৰে থকা শিশুৰ সৈতে কথা পাতি থকা ভিডিও এটা দেখা গৈছে। ইয়াৰ বিৱৰণিত আছে, এয়া প্ৰধানমন্ত্ৰীৰ কৰ্ণাটকৰ কালাবুৰাগী ভ্ৰমণৰ সময়ৰ দৃশ্য.

সেয়ে এয়া স্পষ্ট হল যে মোদীৰ ফটোখনৰ সৈতে হিটলাৰৰ সম্পাদিত ফটোখনৰ কোনো সম্পৰ্ক নাই। ফটোদুখন সন্দৰ্ভত ভাইৰেল পোষ্টটোৰ কথাখিনিও ভুৱা।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছেতেন্তে  +91 11 7127 9799 এই নম্বৰত হোৱাটচএপ কৰক