সত্যতা নিৰূপণ: মক্কাত ২০১৯ চনত পইতাচোৰাৰ আৱিৰ্ভাব হোৱা ভিডিওটোকেই শেহতীয়া ভিডিও বুলি দাবী কৰা হৈছে

0 376

সহস্ৰ পইতাচোৰা মাটিৰ তলৰ পৰা ওলাই অহা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈচে যে এয়া চৌদী আৰবৰ ঐতিহাসিক চহৰ মক্কাৰ শেহতীয়া ঘটনা এটাৰ দৃশ্য।

ফেচবুকত ভিডিওটো শ্বেয়াৰ কৰি কেপচনত লিখিছে: “আজি মক্কাত মহম্মদৰ সমাধিত ৰমজান পালন কৰিবলৈ যোৱা সহস্ৰ ভক্ত সমাগম হোৱাৰ সময়তে মুষলধাৰ বৰষুণ দিয়ে। বৰষুণ এৰাৰ কিছু সময় পাছতে শত-সহস্ৰ পইতাচোৰা মাটিৰ তলৰ পৰা ওলায়, যাৰ ফলত নামাজ আধাতে স্থগিত কৰিবলগীয়া হয় আৰু আতংকিত ভক্তবোৰৰ মাজত দৌৰাদৌৰিৰ পৰিবেশৰ সৃষ্টি হয়।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।

এনে ঘটনাৰ বিৱৰণি থকা কোনো বাতৰি আমি দেখা নাপালো। চৌদি সংবাদ মাধ্যম, চৌদি চৰকাৰ আৰু মক্কাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰাও পইতাচোৰা আক্ৰমণৰ তেনে কোনো তথ্য লাভ নকৰিলো। এনে কোনো ঘটনা সংঘটিত হলে এঁওলোকে নিশ্চয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলেহেঁতেন।

আমি ভিডিওটোৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি একেধৰণৰ ভিডিও প্ৰচাৰ কৰা চাৰি বছৰ পূৰ্বৰ এটা  ইউটিউব ভিডিও দেখা পালো, তাৰ কেপচনত আছে: “মক্কাৰ মহা মছজিদত  পইতাচোৰাৰ আক্ৰমণ।

আৰু অধিক অনুসন্ধান কৰাত আমি ২০১৯ৰ ১২ জানুৱাৰীত এক্সপ্ৰেছ ইউকে ত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো।  তাত কোৱা হৈছে: “এই সপ্তাহত জাক জাক পইতাচোৰাৰ মক্কাত প্ৰাদুৰ্ভাব ঘটে, প্ৰশাসনে ইছলামসকলৰ ধৰ্মস্থলৰ পৰা এইবোৰ খেদি পঠিয়াবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। মক্কাৰ ভিতৰত কিদৰে পইতাচোৰাবোৰ ভৰি পৰিছে তাৰ আশ্চৰ্যকৰ ভিডিও প্ৰচাৰ কৰা হৈছিল। স্থানীয় ৰাইজে অভূতপূৰ্ব বুলি প্ৰকাশ কৰা এই ঘটনা মক্কাৰ পৌৰ নিগমে নিশ্চিত কৰে।” 

মক্কা পৌৰ নিগমে ২০১৯ৰ ৮ জানুৱাৰীত প্ৰচাৰ কৰা এটা টুইটো আমি দেখা পালো। তাত মক্কাৰ মহান মছজিদত পইতাচোৰাৰ প্ৰাদুৰ্ভাবৰ ফটোও প্ৰচাৰ কৰা হৈছিল।

যদিও আমি ভিডিওটোৰ প্ৰকৃত সময় উলিয়াবলৈ সক্ষম নহলো, তথাপি লাভ কৰা তথ্যৰ পৰা এয়া যে মক্কাত শেহতীয়াকৈ ঘটা ঘটনা নহয়, সেই কথা নিশ্চিত হয়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।