সত্যতা নিৰূপণ: কেইজনমান লোকে ভাৰতীয় সংবিধান জ্বলোৱা এই ভিডিওটো মধ্য প্ৰদেশৰ নহয়

0 61

কেইজনমান লোকে ভাৰতৰ সংবিধান জ্বলোই থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে, এই ঘটনা মধ্য প্ৰদেশৰ। 

সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ভিডিওটো প্ৰচাৰ কৰি ইয়াৰ সৈতে  কেপচনত লিখিছে- 

এমপিৰ ভিডিও এয়া। ইয়াত এই লোককেইটাই ভাৰতৰ সংবিধান জ্বলোৱাৰ লগতে আম্বেদকাৰী মুৰ্দাবাদ ধ্বনীও দিছে। এওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ আনিব লাগে। #জয়শ্ৰীৰাম।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে.

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ দাবীসন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই ভিডিওটো পুৰণি বুলি প্ৰতিপন্ন কৰা হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০২২ৰ জানুৱাৰীত ইউটিউবত প্ৰচাৰিত একেটা ভিডিও লাভ কৰিলো। 

এয়াই জনাই দিয়ে য়ে ভিডিওটো পুৰণি।সেয়ে আমি মূল শব্দ ব্যৱহাৰ কৰি গুগলত অনুসন্ধান কৰিলো। অনুসন্ধানত আমি একেটা ভিডিও ২০১৮ৰ ১৩ আগষ্টত ইউটিউবত আপলোড কৰা পালো। ভিডিওটোৰ বিৱৰণিত আছে- সংবিধান জ্বলোৱা মানে ভাৰতৰ মূল ভেটি গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষতাক অৱমাননা কৰা। এই সন্দৰ্ভত ২০১৮ৰ ১০ আগষ্টত ভাৰতীয় সংবিধান জ্বলোৱা অখিল ভাৰতীয় ভীমসেনাৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰা হৈছে। দুৰ্বৃত্তকেইটাই গণতন্ত্ৰক অৱমাননা কৰি সংবিধান বিৰোধী শ্লোগান দিয়াৰ উপৰিও আম্বেদকাৰ, অনুসূচিত জাতিয় জনজাতি বিৰোধী শ্লোগানো দিছিল

আমি  হিন্দুস্তান টাইমছ ত ২০১৮ৰ ১৩ আগষ্টত প্ৰচাৰিত এটা বাতৰিও লাভ কৰিলো। তাত দিল্লীৰ সংসদ মাৰ্গত এটা প্ৰতিবাদী সমদলত সংবিধান জ্বলোৱাৰ অপৰাধত ৪০ বছৰীয়া এজন লোকক গ্ৰেপ্তাৰ কৰা বুলি উল্লেখ আছিল।

বাতৰিটোত ইয়াকো কোৱা হৈছিল যে যিজন লোকে এই সমদলৰ আয়োজন কৰিছিল তেওঁক ৰাষ্ট্ৰক অৱমাননা কৰাৰ অপৰাধত ভাৰতীয় দণ্ডবিধি আইনৰ আওতাত গ্ৰেপ্তাৰ কৰা হৈছিল।

২০১৮ৰ আগষ্টত সংঘটিত একেটা ঘটনাৰ বিষয়ে  এনডিটিভিটাইমছঅৱইণ্ডিয়া and নৱভাৰত টাইমছ  টো প্ৰচাৰ হৈছিল।

সেয়ে, এয়া স্পষ্ট হৈ পৰিল যে ভিডিওটো পুৰণি আৰু মধ্য প্ৰদেশৰ নহয়।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।