সত্যতা নিৰূপণ:২০১৬ চনৰ উত্তৰ প্ৰদেশৰ প্ৰাথমিক বিদ্যালয় এখনৰ ফটো ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে

0 61

এখন ধুনীয়াকৈ সজাই ৰখা বিদ্যালয়ৰ কেইবাখনো ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহু কেইগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে স্কুলখন চম্বল জিলাৰ আৰু যোগী আদিত্যনাথৰ আমোলত শিক্ষাৰ প্ৰসাৰ আৰু উন্নয়নৰ উত্কৃষ্ট উদাহৰণ বুলি দাবী কৰিছে।বহুতে আকৌ  দিল্লীৰ মুখ্যমন্ত্ৰীকছাচ্চা কৰি লিখিছে এনে উচ্চ মানৰ স্কুল দিল্লীত থাকিলে ইয়াকে লৈ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বাহ বাহ ললে হেতেঁন। 

এজন ফেচবুক ব্যৱহাৰ কৰি এই ভাইৰেল ফটোখন পোষ্ট কৰি কেপচনত লিখিছে-

এই প্ৰাথমিক স্কুলখন উত্ত প্ৰদেশৰ চম্বলজিলাৰ, এনে স্কুল যদি দিল্লীত থাকিলহেঁতেন তেন্তে সেয়া আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিলেহেতেনকিন্তু আমাৰ মহাৰাজ নিজেই আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামত থাকে।

আপুনি ইয়াতপোষ্টটো পাব

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ দাবীসন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ফটোবোৰ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি আগ্ৰাৰ জিলা দণ্ডাধীশ প্ৰভু এন সিঙে ২০১৬ৰ ১০ অক্টোবৰত পোষ্ট কৰা এটা  টুইট  লাভ কৰিলো যত এই ভাইৰেল ফটোকেইখন সংলগ্ন কৰি দিয়া হৈছিলইয়েই প্ৰমাণ কৰে যে ফটোবোৰ ৬ বছৰ পূৰ্বৰ আৰু স্কুলৰ উন্নয়ন যোগী মুখ্যমন্ত্ৰী হোৱাৰ কমেও ৬মাহ পূৰ্বে হৈথছিল।

ফটোবোৰ সাৱধানেৰে চোৱাত জানিব পাৰিলো স্কুলখন উত্তৰ প্ৰদেশৰ ইটায়ালামাফিত অবস্থিত। আমি একেই বিষয়তে গুগলত অনুসন্ধান কৰাত ২০১৭ চনৰ ১৯ জানুৱাৰীত অমৰ উজালাত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো। বাতৰিটোৰ শিৰোনামত আছিল- কনভেণ্ট স্কুলকো প্ৰত্যাহ্বান জনাইছে উত্তৰ প্ৰদেশৰ এইগৰাকী কপিল ছাৰে 

বাতৰিটোত প্ৰকাশ পাইছে যে এই বিদ্যালয়খনৰ চমকপ্ৰদ উন্নয়নৰ বাবে শ্ৰেয় দিব লাগিব কপিল কুমাৰক। স্কুলখনৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে কুমাৰে নিজৰ জেপৰ পৰা ১২ লাখতকৈও অধিক টকা ব্যয় কৰিছে। তাত উল্লেখ আছে যে স্কুলখনে চৰকাৰী ভাবে মাহেকত মাত্ৰ ৫০০০টকা লাভ কৰে, যি স্কুলখনৰ উন্নয়নৰ বাবে একেবাৰেই নগন্য। সেয়ে তেওঁ নিজৰ সাচতীয়া ধন ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছিল।

শেষত আমি ২০১৭ৰ ৭ ফেব্ৰুৱাৰীত লালনটপ হিন্দী নিউজ ৱেবছাইটৰ ইউটিউব চেনেলত প্ৰচাৰিত এটা ভিডিও লাভ কৰিলো। ভিডিওটোৰ শিৰোনামত আছে- এইখন উত্তৰ প্ৰদেশৰ এখন প্ৰাথমিক বিদ্যালয়।দেখিলে আপোনাৰ চকু কপালত উঠিব। ভাৰতৰ ভিতৰতে সৰ্বোত্কৃষ্ট বিদ্যালয়। দ্য ললনটপ।

এই ভিডিওটোতো কপিল মালিক নামৰ প্ৰধান শিক্ষক জনে কষ্টৰে গঢ়া সেই একেখন স্কুলকেই দেখুওৱা হৈছে। কপিলে সাংবাদিকক জনোৱা অনুসৰি স্কুলখনক এই পৰ্যায়লৈ অনাৰ বাবে তেওঁক ৩.৫ বছৰ লাগিছিল। প্ৰথমতে চাৰি কোঠাৰ স্কুলখনত মাত্ৰ ১৫গৰাকী শিক্ষাৰ্থী আছিল। তেওঁ বহু কম অনুদান বা সহায় লাভ কৰিছিল, সেয়ে নিজৰ জেপৰ ধন স্কুলখনৰ উন্নয়নৰ বাবে খৰচ কৰিছিল। স্কুলখনত অত্যাধুনিক কম্পিউটাৰ লেব, টয়লেট, পাকঘৰ, বায়োমেট্ৰিক এটেণ্ডেঞ্চ ছি,্টেমকে ধৰি সকলো অত্যাধুনিক সজুলি আছে।

মালিকে পৰবৰ্তী সময়ত, ২০১৯ চনত মুখ্যমন্ত্ৰী যোগীয়ে তেওঁক নিজৰ এনে প্ৰচেষ্টাৰ বাবে  ৰাজ্যিক শিক্ষক বঁটা প্ৰদান কৰে।

সেয়ে এই তথ্যসমূহৰ ভিত্তিত কব পাৰি যে চম্বলৰ ধুনীয়াকৈ ৰখা স্কুলখনৰ ভাইৰেল হোৱা ফটোবোৰ যোগী চৰকাৰৰ শিক্ষা বিভাগৰ উন্নয়নৰ সুন্দৰ উদাহৰণ বুলি দাবী কৰা পোষ্টসমূহ ভুৱা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।