সত্যতা নিৰূপণ: ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী চুনাকে ৰাম ম্নদিৰ নিৰ্মাণৰ বাবে ১ কোটি টকা দান দিছিল নেকি? সত্য জানিবলৈ পঢ়ক

0 393

এক কোটি টকাৰ এখন চেকৰ ফটো এখন সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। দাবী কৰা হৈছে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ঋষী চুনাকে উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এই টকা অনুদান হিচাপে আগবঢ়াইছেষ

ফেচবুকত ফটোখন প্ৰচাৰ কৰি কেপচনত লিখিছে: “ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ভাৰতীয় মূলৰ ঋষী চুনাকে হিন্দুত্বৰ বহল অন্তৰৰ নমুনা। বিশ্ব হিন্দু পৰিষদৰ ইংলেণ্ড শাখালৈ তেওঁ ১ কোটি টকা আগবঢ়ালে। #হিন্দুত্বৰ বাবে আপোনাৰ এই অৱদান বহু প্ৰজন্মই মনত ৰাখিব।” 

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০১৮ৰ ২১ নৱেম্বৰত ওৱান ইণ্ডিয়া প্ৰকাশিত এটা বাতৰি লাভ কৰিলো। ভাইৰেল হোৱা ফটোখনৰ সৈতে তাৰ শিৰোনামত আছে-  “ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰাক্তন সংঘ চালকে উত্তৰ প্ৰদেশৰ প্ৰতাপ গড়ত নিৰ্মীয়মান ৰাম মন্দিৰৰ বাবে ১ কোটি টকাৰ অনুদান আগবঢ়ায়।

আৰু অধিক অনুসন্ধান কৰাত আমি  হিন্দুস্তান টাইমছ ত ২০১৮ৰ ২২নৱেম্বৰত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলো। তাৰ শিৰোনামত আছে: “অযোধ্যাত নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে আৰএছএছৰ এজন সদস্যই ১ কোটি টকাৰ অনুদান আগবঢ়াইছে।আমাৰ উজালা ত ২০২০ৰ ২আগষ্টত প্ৰকাশিত বাতৰিত কোৱা হৈছে যে সীয়াৰাম নামৰ লোকজনে তেওঁৰ জীৱনজোৰা উপাৰ্জনৰ ধন অযোধ্যাত প্ৰভু শ্ৰীৰামৰ মন্দিৰ নিৰ্মাণৰ বাবে দান দিলে। এই লোকজনক অযোধ্যাৰ শিলান্যাসৰ দিনা বিশেষ নিমন্ত্ৰণ দিছিল।

ইয়াৰোপৰি ঋষী চুনাক ক ২০২২ৰ ২৫ অক্টোৱৰতহে, চেকখন প্ৰদান কৰাৰ দুবছৰ পাছতহে প্ৰধানমন্ত্ৰী হিচাপে মনোননীত কৰিছিল। ভাইৰেল হোৱা দাবীটোৰ সত্যতাৰ বাবে আমি কোনো নিৰ্ভৰযোগ্য বাতৰিও লাভ নকৰিলো।

এই তথ্যই প্ৰমাণ কৰে যে ঋষি চুনাকে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১ কোটি টকা দান কৰি বুলি ভাইৰেল হোৱা দাবী অসত্য।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।