সত্যতা নিৰূপণ: উচ্চবৰ্ণৰ লোকৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীয়ে উছতোৱা বুলি দাবী কৰা ভাইৰেল পোষ্টটো ভুৱা

0 13

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিম্ন বৰ্গৰ লোকৰ ওপৰত বৈষম্য সন্দৰ্ভত কৈ থকা এটা ভালকৈ চিনিব নোৱাৰা বা অস্পষ্ট ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।  ভিডিওটো শ্বেয়াৰ কৰি লিখিছে য়ে প্ৰধানমন্ত্ৰীয়ে এই ভিডিওটোত উচ্চবৰ্গৰ লোকৰ বিৰুদ্ধে উছতনিমূলক বক্তব্য ৰাখিছে।

ভিডিওটোত তেওঁক কোৱা শুনা গৈছে- যিসকলে ইমানবোৰ অবৰ্ণনীয় অত্যাচাৰ সহি আছে, যিয়ে জন্মসূত্ৰেই লাভ কৰে অবিচাৰ, হাৰাস্স্তি, যিসকলে তেওঁলোকৰ মাতৃক তেওঁলোকৰ সন্মুখতে বলাত্কাৰ কৰা দৈখিছে, কওকচোন, যদিহে এবাৰ সুবিধা দিয়া যায়, তেন্তে তেওঁলোকে বাৰু ইয়াৰ পোতক নতুলিবনে? আপুনিয়েই এদিন মোক মন্দিৰত সোমোৱাত বাধা দিছিল, পানীৰ উত্সটো চুবলৈ মানা কৰিছিল আৰু মোৰ সন্তানক বিদ্যালয়লৈ যোৱাত বাধা দিছিলা।

এজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে পোষ্টটো শ্বেয়াৰ কৰি কেপচনত লিখিছে- “উচ্চবৰ্ণৰ লোকক উচিত শিক্ষা দিবলৈ এক বিশেষ বৰ্ণ বিশেষক প্ৰধানমন্ত্ৰী মোদীয়ে উছতনি দিছে।” 

পোষ্টটোৰ লিংক ইয়াত.আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

উপযুক্ত মূল শব্দ বা কী ৱ্ৰড ব্যৱহাৰ কৰি গুগলত অনুসন্ধান কৰাত আমি ২০১৬ৰ ২১ মাৰ্চত ডিডি নিউজ (DD News)ত প্ৰচাৰিত এটা ভিডিও পালো, তাৰ কেপচনত আছে- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত ডঃ আম্বেদকাৰ স্মাৰক বক্তৃতা প্ৰদান কৰিছে।” 

সম্পূৰ্ণ ভিডিওটোত কোৱা শুনা গৈছে- ” যিজন মানুহে শৈশবৰে পৰা অপৰাধ, অত্যাচাৰৰ সন্মুখীন হৈছে, যাৰ শৈশব অন্যায় অবিচাৰ সহ্য কৰাৰ মাজতে পাৰ হৈছ, যিয়ে নিজৰ সন্মুখতে মাকক অপমানিত হোৱা দেখিছে, তেওঁক যদি সুবিধা দিয়া হয়, তেওঁ বাৰু ইয়াৰ পোতক নুতুলিবনে?…  অবশ্যে বাবাচাহেব আম্বেদকাৰ এনে এজন মহান ব্যক্তি যিয়ে আনকি ক্ষমতা লাভ কৰা সত্বেও তেওঁ লোৱা সিদ্ধান্তত কোনো ধৰণৰ পক্ষপাতিত্ব দেখা নাযায়। সংবিধান ৰচনা কৰাৰ সময়ত তেওঁ এনে কিবা কৰা বুলি আপুনি কতো বিচাৰ উলিয়াব নোৱাৰিব।

ভিডিওটোৰ সম্পূৰ্ণ অংশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউটিউব চেনলত ২০১৬ৰ ২১ মাৰ্চত আপলোড কৰা হৈছিল। ভিডিওটোৰ সৈতে কেপচনত আছে- বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মাৰকৰ শিলান্যাসনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণ।

এনেদৰেই স্পষ্ট হয়, ভাইৰেল হোৱা পোষ্টটোত কৰা দাবী ভিত্তিহীন।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।