সত্যতা নিৰূপণ: সহাৰিয়ানাৰ পঞ্চায়ত নিৰ্বাচন দিন সন্দৰ্ভৰ ভাইৰেল মেচেজটো ভুৱা

0 64

হাৰিয়ানাৰ নিৰ্বাচন আযুক্ত ধনপট দ্ৰুপদ সিঙে এখন সংবাদমেলত চণ্ডিগড়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা বুলি দাবী কৰা এটা মেছেজ সামাজিক মাধ্যমত ভাইৰেল হৈছে।  

ভাইৰেল মেছেজটোত প্ৰকাশ কৰা অনুসৰি ছিৰছা জিলাৰ আহমেদপুৰ গাওঁ পঞ্চায়তৰ বাহিৰে হাৰিয়ানাত ১৩ ছেপ্তেম্বৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হব। জিলা পৰিষদ আৰু ব্লক সমিতিৰ সভাপতিৰ নিৰ্বাচনৰ ফলাফল একেদিনাই ঘোষণা কৰি হব আৰু ব্লক সমিতিৰ নিৰ্বাচনৰ ফলাফল ১৫ ছেপ্তেম্বৰত ঘোষণা কৰা হব।

এই পোষ্টটোৰ লিংক  ইয়াতইয়াতইয়াতইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই দাবী সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

আমি  মূল শব্দ প্ৰয়োগ কৰি ইণ্টাৰনেটত অনুসন্ধান কৰিলো যদিও ভাইৰেল মেছেজটোত উল্লেখ থকাৰ দৰে কোনো বাতৰি লাভ নকৰিলো।

কিন্তু এমাহ পূৰ্বে দৈনিক ভাস্কৰ কাকতত প্ৰকাশিত এটা বাতৰি অনুসৰি হাৰিয়ানাৰ নিৰ্বাচন আয়ুক্ত ধনপট সিঙে ৰাজ্যখনত পঞ্চায়তী ৰাজৰ নিৰ্বাচন এটা পৰ্যায়তে অনুষ্ঠিত হব বুলি প্ৰকাশ কৰে। প্ৰথমে জিলা পৰিষদ আৰু ব্লক সমিতিৰ নিৰ্বাচন অনুষ্ঠিত হব। নিৰ্বাচন ছেপ্তম্বৰত অনুষ্ঠিত হব। অবশ্যে নিৰ্বাচনৰ দিন এতিয়াও ধাৰ্য কৰা নাই। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন হৈছে। অবশ্যে বাতৰিটোৰ কতোৱেই নিৰ্বাচনৰ দিন সন্দৰ্ভত কোনো কথা উল্লেখ নাই। কেইবাটাও সংবাদ মাধ্যমৰ বাতৰিত এই খবৰ প্ৰচাৰ হৈছিল যদিও কতোৱেই নিৰ্বাচনৰ দিন সন্দৰ্ভত কোনো কথাই প্ৰকাশ কৰা নাই।

আমি  হাৰিয়ানা নিৰ্বাচন আয়োগ ৰ ৱেবছাইটতো অনুসন্ধান কৰিলো, কিন্তু নিৰ্বাচনৰ তাৰিখ প্ৰকাশ হোৱা কোনো বাতৰি আমি লাভ নকৰিলো।

তাত্পৰ্যপূৰ্ণ ভাবে হাৰিয়ানাৰ জনসম্পৰ্ক আৰু ভাষা বিভাগে সত্যতা নিৰূপণ কৰি প্ৰকাশ কৰা এটা টুইট ত পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ প্ৰকাশ কৰা তথ্য ভুৱা বুলি উল্লেখ কৰিছে। বিভাগটোৱে ইয়াক উৰা বাতৰি বুলি অভিহিত কৰিছে।

এনেদৰেই, ওপৰৰ তথ্যই প্ৰমাণ কৰে যে হাৰিয়ানাৰ পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ সন্দৰ্ভত দাবী কৰা ভাইৰেল পোষ্ট ভুৱা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।