সামাজিক মাধ্যমত এটা ৱেবছাইটৰ লিংকসহ এটা পোষ্ট প্ৰচাৰ কৰা হৈছে। পোষ্টটোত দাবী কৰা হৈছে যে চৰকাৰে নিবনুৱা যুবকসকলক মাহিলী ৩,৫০০টকাৰ ভাট্টা প্ৰদান কৰিছে।
ফেচবুকৰ পোষ্টটোৰ কেপচনত লিখা আছেঃ “ মই পঞ্জীয়ন কৰিলো * * প্ৰধানমন্ত্ৰী ৰোজগাৰ ভাট্টা যোজনা ২০২১*ৰ বাবে প্ৰাক-পঞ্জীয়ন চলি আছে, এই যোজনাৰ অন্তৰ্গত প্ৰতি যুবক-যুবতীক প্ৰতিমাহে ৩৫০০ টকাৰ ভাট্টা দিয়া হ’ব, প্ৰাক-পঞ্জীয়ন কৰাৰ বাবে তলত দিয়া লিংকটো ক্লিক কৰি আপোনাৰ প্ৰ-পত্ৰখন পূৰ কৰক, *আবেদন শুল্ক ০০টকা (বিনামূলীয়া)*- দশম শ্ৰীণী উত্তীৰ্ণ* বয়স*- ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰৰ* পঞ্জীয়নৰ অন্তিম তাৰিখ*-২৭ মাৰ্চ ২০২১ * ইয়াত অনলাইন আবেদন কৰক https://pradhanmantri–berozgar-bhatta2021.blogspot.com/”
ইয়াত পোষ্টটোৰ লিংক আছে
আৰু অধিক পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত আছে
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা সত্যতা নিৰূপণ কৰাৰ পাছত এই পোষ্টটো ভূৱা বুলি প্ৰতিপন্ন হয়।
আমি প্ৰথম ফেচবুক পোষ্টত দিয়া লিংকটো বিচাৰিলো। লিংকটোৰ জৰিয়তে আমি এটা ব্লগ পে’জত এটাত থকা অনলাইন পঞ্জীয়ন প্ৰ-পত্ৰ আখন দেখা পালো।
আমি তাৰ পাছত প্ৰ-পত্ৰখন পূৰ কৰি পোৰ্টেলটোত পঞ্জীয়ন কৰিলো। পঞ্জীয়নৰ বাবে নাম, পিতৃৰ নাম, বয়স আৰু ঠিকনা আদি বিচৰা তথ্যবোৰ উল্লেখ কৰিলো।
পঞ্জীয়নৰ পাছত ব্লগ পে’জটোৰ জৰিয়তে আমি আন এটা পে’জৰ লগত সংযোগ কৰালে, পে’জটোত আন এটা মেছেজ আছে, য’ত এটা হোৱাটচ আপ নম্বৰত তথ্যখিনি প্ৰেৰণ কৰিবলৈ কোৱা হৈছে, যাতে আবেদনকাৰীয়ে ভাট্টা লাভ কৰে।
আমি দেখিলো য়ে ৱেব পে’জটো ব্লগপোষ্ট ডট কমত সৃষ্টি বা ক্ৰিয়েট কৰা হৈছে। এয়া সকলোৱে জনা কথা য়ে চৰকাৰে কেতিয়াও ৰাজহুৱা ৱেব চাইট ব্লগস্পট ডট কমত সৃষ্টি নকৰে। তদুপৰি চৰকাৰী ৱেবছাইটৰ URLৰ শেষৰ ফালে প্ৰায়েই ‘.gov’, ‘.nic’ বা ‘.org’ শব্দ থাকে। কিন্তু এই লিংকটোত তেনে কোনো নাই- ‘ https: // pradhanmantri– berozgar-bhatta2021.blogspot.com’
পাছলৈ আমি প্ৰেছ ইনফৰ্মেচন ব্যুৰো (PIB) ৰ ২০২১ চনৰ ২৭ জানুৱাৰীৰ এটা টুইট পালো য’ত ওপৰৰ ৱেবছাইটটো ভূৱা বুলি উল্লেখ আছে।
दावा:- एक मैसेज में दावा किया जा रहा है कि केंद्र सरकार बेरोजगारों को प्रति माह ₹3800 तक का बेरोजगारी भत्ता प्रदान कर रही है।#PIBFactCheck:- यह दावा फर्जी है। केंद्र सरकार ने ऐसी कोई घोषणा नहीं की है। pic.twitter.com/CwedA2UKRB
— PIB Fact Check (@PIBFactCheck) January 27, 2021
সেয়ে প্ৰমাণ হ’ল যে উল্লিখিত পোষ্টটোৰ কথাখিনি ভূৱা।
আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলৈ আছে, তেন্তে +91 11 7127 9799-এই নম্বৰত হোৱাটচ আপ কৰক।